--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত এটি আঁহত গছৰ পুলি ৰোপণ কৰে। তেওঁ  আমাৰ গ্ৰহটোক সুৰক্ষিত  কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈয়ো আহ্বান জনায়  আৰু কয় যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ পৰিমাণ  বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত  প্ৰচেষ্টাৰ পৰিপূৰক বুলি মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে কয়; “আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা  ‘এক পেড় মা কে নাম’  অভিযানৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ। মই সকলোকে আহ্বান জনাব খুজিছোঁ, ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে, আগন্তুক দিনসমূহত আপোনাসৱৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা হিচাপে এটি গছপুলি ৰোপণ কৰে যেন। গছ  ৰোপণৰ এখন ছবি শ্বেয়াৰ কৰিব।”



“আজি পুৱা মই প্ৰকৃতি মাতৃক ৰক্ষা কৰা আৰু বহনক্ষম জীৱনশৈলীৰ অভিযোজনাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এটি গছপুলি ৰোপণ কৰিলোঁ। আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ গ্ৰহটোক উন্নত কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাই যেন।  ‘এক পেড় মা কে নাম’ ”

“আপোনালোক সকলোকে এই কথাই আনন্দিত কৰিব যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ আৱৰণ বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিপূৰক। স্থানীয় লোকসকলে  এনে প্ৰচেষ্টাৰাজিলৈ যিদৰে সমৰ্থন আগবঢ়াইছে, সেয়াও প্ৰশংসনীয়।”

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ