--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ বুদ্ধ জয়ন্তী উদ্যানত এটি আঁহত গছৰ পুলি ৰোপণ কৰে। তেওঁ  আমাৰ গ্ৰহটোক সুৰক্ষিত  কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈয়ো আহ্বান জনায়  আৰু কয় যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ পৰিমাণ  বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত  প্ৰচেষ্টাৰ পৰিপূৰক বুলি মোদীয়ে লগতে কয়।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে কয়; “আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা  ‘এক পেড় মা কে নাম’  অভিযানৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ। মই সকলোকে আহ্বান জনাব খুজিছোঁ, ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে, আগন্তুক দিনসমূহত আপোনাসৱৰ মাতৃৰ প্ৰতি শ্ৰদ্ধা হিচাপে এটি গছপুলি ৰোপণ কৰে যেন। গছ  ৰোপণৰ এখন ছবি শ্বেয়াৰ কৰিব।”



“আজি পুৱা মই প্ৰকৃতি মাতৃক ৰক্ষা কৰা আৰু বহনক্ষম জীৱনশৈলীৰ অভিযোজনাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এটি গছপুলি ৰোপণ কৰিলোঁ। আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ গ্ৰহটোক উন্নত কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাই যেন।  ‘এক পেড় মা কে নাম’ ”

“আপোনালোক সকলোকে এই কথাই আনন্দিত কৰিব যে যোৱা দশকত ভাৰতে অগণন সামূহিক প্ৰচেষ্টা গ্ৰহণ কৰিছে, যাৰ ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ আৱৰণ বৃদ্ধি পাইছে। এয়া বহনক্ষম উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাৰ পৰিপূৰক। স্থানীয় লোকসকলে  এনে প্ৰচেষ্টাৰাজিলৈ যিদৰে সমৰ্থন আগবঢ়াইছে, সেয়াও প্ৰশংসনীয়।”

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু