--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক সংকটত দিগবিদিগ হেৰুৱাইছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই। গণ প্ৰতিবাদত জ্বলি উঠিছে দেশখন। বিধ্বস্ত  ৰাষ্ট্ৰপতিৰ বাসগৃহ। ৰাষ্ট্ৰপতিৰ প্ৰসাদত এতিয়া প্ৰতিবাদকাৰীৰ সঘন অহা-যোৱা। ইফালে ২০ জুলাইত শ্ৰীলংকাৰ সংসদে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি খবৰ ওলাইছে। অধ্যক্ষ মহিন্দা য়াপা আবেবাৰ্ডেনাই সোমবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে। শুকুৰবাৰে সংসদৰ পুনৰ আহ্বানৰ পাছত পৰৱৰ্তী পাঁচ দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতিৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব বুলি জনাইছে।

বিবৃতিযোগে তেওঁ কয়, ‘আজিৰ দলীয় নেতাসকলৰ বৈঠকত সংবিধান অনুসৰি নতুন সৰ্বদলীয় চৰকাৰ গঠন কৰাটো অতি প্ৰয়োজনীয় বুলি একমত প্ৰকাশ কৰিছে।’ ইফালে শাসকীয় দলটোৱে সৰ্বদলীয় চৰকাৰ নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেবিনেট পদত্যাগ কৰিবলৈ সাজু হৈছে। বকলেও বুজিব পাৰি যে, শ্ৰীলংকা চূড়ান্ত অৰ্থনৈতিক অস্থিৰতাৰ কবলত পৰিছে। 

বিগত সাতটা দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। সপ্তাহৰ শেষৰ ফালে ৰাজধানী কলম্বোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহত আক্ৰমণ চলোৱাৰ লগতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমা সিংহৰ ব্যক্তিগত বাসগৃহতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীৰ যুযুধান ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী উভয়ে। পৰৱৰ্তী সময়ত উভয়ে পদত্যাগৰ ঘোষণা কৰে। দেওবাৰে দুয়োগৰাকী নেতাই পদত্যাগ কৰাৰ পিছতে বিৰোধীয়ে সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ