--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্থিক সংকটত দিগবিদিগ হেৰুৱাইছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই। গণ প্ৰতিবাদত জ্বলি উঠিছে দেশখন। বিধ্বস্ত  ৰাষ্ট্ৰপতিৰ বাসগৃহ। ৰাষ্ট্ৰপতিৰ প্ৰসাদত এতিয়া প্ৰতিবাদকাৰীৰ সঘন অহা-যোৱা। ইফালে ২০ জুলাইত শ্ৰীলংকাৰ সংসদে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব বুলি খবৰ ওলাইছে। অধ্যক্ষ মহিন্দা য়াপা আবেবাৰ্ডেনাই সোমবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰিছে। শুকুৰবাৰে সংসদৰ পুনৰ আহ্বানৰ পাছত পৰৱৰ্তী পাঁচ দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতিৰ বাবে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব বুলি জনাইছে।

বিবৃতিযোগে তেওঁ কয়, ‘আজিৰ দলীয় নেতাসকলৰ বৈঠকত সংবিধান অনুসৰি নতুন সৰ্বদলীয় চৰকাৰ গঠন কৰাটো অতি প্ৰয়োজনীয় বুলি একমত প্ৰকাশ কৰিছে।’ ইফালে শাসকীয় দলটোৱে সৰ্বদলীয় চৰকাৰ নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেবিনেট পদত্যাগ কৰিবলৈ সাজু হৈছে। বকলেও বুজিব পাৰি যে, শ্ৰীলংকা চূড়ান্ত অৰ্থনৈতিক অস্থিৰতাৰ কবলত পৰিছে। 

বিগত সাতটা দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক পৰিস্থিতিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। সপ্তাহৰ শেষৰ ফালে ৰাজধানী কলম্বোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহত আক্ৰমণ চলোৱাৰ লগতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমা সিংহৰ ব্যক্তিগত বাসগৃহতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীৰ যুযুধান ৰূপ দেখি পলায়ন কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী উভয়ে। পৰৱৰ্তী সময়ত উভয়ে পদত্যাগৰ ঘোষণা কৰে। দেওবাৰে দুয়োগৰাকী নেতাই পদত্যাগ কৰাৰ পিছতে বিৰোধীয়ে সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু