--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এছ জগন মোহন ৰেড্ডীক শনিবাৰে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছৰ (ৱাইএছআৰচি) জীৱনজোৰা সভাপতি নিৰ্বাচিত কৰা হৈছে। ৱাইএছআৰচিৰ দুদিনীয়া পূৰ্ণাংগ সভাৰ আজি অন্তিম দিনা জগন মোহন ৰেড্ডীক দলটোৰ জীৱন জোৰা সভাপতি হিচাবে নিৰ্বাচিত কৰা হয়।

অৱশ্য ইয়াৰ বাবে দলৰ সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হৈছিল আৰু সংশোধনৰ পিছতে জগন মোহনক আজীৱন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।

দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৱাইএছ জগন মোহন ৰেড্ডীৰ হৈ ২২ খন মনোনয়ন দাখিল কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে আন কোনো নেতাৰ মনোনয়ন নথকাৰ বাবে তেওঁক ৰিটাৰ্ণিং বিষয়াই সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত ঘোষণা কৰিছিল।

জগনমোহনে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত ২০১১ চনৰ মাৰ্চ মাহত ৱাইএছআৰচি দল প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ সভাপতিৰ পদত আছে। জগনক শেষবাৰৰ বাবে ২০১৭ চনত দলৰ পূৰ্ণাংগ সভাত ৱাইএছআৰচিৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

ৱাইএছ জগন মোহন ৰেড্ডীক ৱাইএছআৰচিপিৰ আজীৱন সভাপতি হিচাপে নিৰ্বাচন ঘোষণা কৰাৰ পিছতে দলৰ নেতাসকলে তেওঁক অভিনন্দন জনায়। ৰেড্ডীৰ মাতৃ ৱাইএছ বিজয়ম্মাই এই স্বীকৃতিৰ বাবে সুখী বুলি আভিহিত কৰিছিল।

উল্লেখ্য যে জগনৰ মাতৃ বিজয়ম্মাই দলটোৰ পৰা পদত্যাগ কৰিছে। খবৰ অনুসৰি পৰিয়ালটোত চলি থকা বিভেদৰ বাবে জগনৰ মাতৃয়ে তেওঁৰ কন্যা শৰ্মিলাৰ সৈতে ৱাইএছআৰচি ত্যাগ কৰিছে।
ৱাইএছআৰচিয়ে এতিয়া জগনক আজীৱন দলৰ মুৰব্বী হ’বলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মতি বিচাৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ