--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক ইতিহাসত এক নজিৰ সৃষ্টি কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এছ জগন মোহন ৰেড্ডীক শনিবাৰে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছৰ (ৱাইএছআৰচি) জীৱনজোৰা সভাপতি নিৰ্বাচিত কৰা হৈছে। ৱাইএছআৰচিৰ দুদিনীয়া পূৰ্ণাংগ সভাৰ আজি অন্তিম দিনা জগন মোহন ৰেড্ডীক দলটোৰ জীৱন জোৰা সভাপতি হিচাবে নিৰ্বাচিত কৰা হয়।

অৱশ্য ইয়াৰ বাবে দলৰ সংবিধান সংশোধন কৰাৰ প্ৰয়োজন হৈছিল আৰু সংশোধনৰ পিছতে জগন মোহনক আজীৱন সভাপতি হিচাপে নিৰ্বাচন কৰা হয়।

দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৱাইএছ জগন মোহন ৰেড্ডীৰ হৈ ২২ খন মনোনয়ন দাখিল কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে আন কোনো নেতাৰ মনোনয়ন নথকাৰ বাবে তেওঁক ৰিটাৰ্ণিং বিষয়াই সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত ঘোষণা কৰিছিল।

জগনমোহনে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত ২০১১ চনৰ মাৰ্চ মাহত ৱাইএছআৰচি দল প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰাই তেওঁ দলৰ সভাপতিৰ পদত আছে। জগনক শেষবাৰৰ বাবে ২০১৭ চনত দলৰ পূৰ্ণাংগ সভাত ৱাইএছআৰচিৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

ৱাইএছ জগন মোহন ৰেড্ডীক ৱাইএছআৰচিপিৰ আজীৱন সভাপতি হিচাপে নিৰ্বাচন ঘোষণা কৰাৰ পিছতে দলৰ নেতাসকলে তেওঁক অভিনন্দন জনায়। ৰেড্ডীৰ মাতৃ ৱাইএছ বিজয়ম্মাই এই স্বীকৃতিৰ বাবে সুখী বুলি আভিহিত কৰিছিল।

উল্লেখ্য যে জগনৰ মাতৃ বিজয়ম্মাই দলটোৰ পৰা পদত্যাগ কৰিছে। খবৰ অনুসৰি পৰিয়ালটোত চলি থকা বিভেদৰ বাবে জগনৰ মাতৃয়ে তেওঁৰ কন্যা শৰ্মিলাৰ সৈতে ৱাইএছআৰচি ত্যাগ কৰিছে।
ৱাইএছআৰচিয়ে এতিয়া জগনক আজীৱন দলৰ মুৰব্বী হ’বলৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ সন্মতি বিচাৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু