ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ বিৰোধী
দলৰ নেতাৰ মৰ্যাদা কেবিনেট মন্ত্রীৰ সমতুল্য। কিন্তু সোমবাৰে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ
শপতগ্ৰহণ অনুষ্ঠানত মল্লিকার্জুন খাৰ্গে যথাযোগ্য সম্মানৰ পৰা বঞ্চিত কৰা হ’ল বুলি
অভিযোগ উত্থাপিত হ’ল।
সংসদৰ চেন্ট্রেল হলত ৰাষ্ট্রপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যসভাৰ বিৰোধী দলনেতা মল্লিকার্জুনেৰ বাবে যি আসন নিৰ্ধাৰণ কৰা হৈছিল সেই আসনৰ সৈতে তেওঁৰ পদবীৰ কোনো সামঞ্জস্য নাই বুলি অভিযোগ তুলিছে বহুকেইটা বিৰোধী দলে। এই বিষয়ে উপ-ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ অধক্ষ্য ভেংকিয়া নাইডুলৈ যৌথভাৱে প্রতিবাদপত্র প্ৰেৰণ কৰিছে কংগ্রেছ, তৃণমূল, চিপিএম, আৰজেডি, এনচিপি, শিৱসেনাৰ লগতে আন বহুতো বিৰোধী দলে৷
উপ-ৰাষ্ট্রপতিৰ নির্বাচনত বিৰোধী গোটৰ প্রার্থী তথা কৰ্ণাটকৰ সংখ্যালঘু কংগ্রেছ নেত্রী মার্গাৰেট আলভাক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূলে৷ কংগ্রেছৰ বিৰুদ্ধে একপক্ষীয়ভাৱে প্রার্থী ঘোষণাৰ অভিযোগ তুলি মমতা বন্দোপাধ্যায়ৰ দলটো ভোটদান পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে। বিষয়টোক লৈ দুই দলৰ মাজত গোটেই সপ্তাহজুৰি এক চেপা উত্তেজনা বিৰাজ কৰিছে। এই পৰিস্থিতিত দ্রৌপদী মুৰ্মুৰ শপতগ্ৰহণত কৰ্ণাটকৰ দলিত কংগ্রেছ নেতা মল্লিকার্জুনক অসন্মান কৰাৰ অভিযোগ কৰি তৃণমূলে কৰা প্রতিবাদক ‘তাৎপর্যপূর্ণ’ বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশেষজ্ঞয়ে।কংগ্রেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত বিৰোধীৰ প্রতিবাদত তৃণমূল কংগ্ৰেছো জড়িত আছে বুলি উল্লেখ কৰিছে৷