--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাৰ মৰ্যাদা কেবিনেট মন্ত্রীৰ সমতুল্য। কিন্তু সোমবাৰে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ শপতগ্ৰহণ অনুষ্ঠানত মল্লিকার্জুন খাৰ্গে যথাযোগ্য সম্মানৰ পৰা বঞ্চিত কৰা হ’ল বুলি অভিযোগ উত্থাপিত হ’ল।

 সংসদৰ চেন্ট্রেল হলত ৰাষ্ট্রপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যসভাৰ বিৰোধী দলনেতা মল্লিকার্জুনেৰ বাবে যি আসন নিৰ্ধাৰণ কৰা হৈছিল সেই আসনৰ সৈতে তেওঁৰ পদবীৰ কোনো সামঞ্জস্য নাই বুলি   অভিযোগ তুলিছে বহুকেইটা বিৰোধী দলে। এই বিষয়ে উপ-ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ অধক্ষ্য  ভেংকিয়া নাইডুলৈ যৌথভাৱে প্রতিবাদপত্র প্ৰেৰণ কৰিছে কংগ্রেছ, তৃণমূল, চিপিএম, আৰজেডি, এনচিপি, শিৱসেনাৰ লগতে আন বহুতো বিৰোধী দলে৷

 উপ-ৰাষ্ট্রপতিৰ নির্বাচনত বিৰোধী গোটৰ প্রার্থী তথা কৰ্ণাটকৰ সংখ্যালঘু কংগ্রেছ নেত্রী মার্গাৰেট আলভাক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃণমূলে৷ কংগ্রেছৰ বিৰুদ্ধে একপক্ষীয়ভাৱে প্রার্থী ঘোষণাৰ অভিযোগ তুলি মমতা বন্দোপাধ্যায়ৰ দলটো ভোটদান পৰা বিৰত থকাৰ কথা ঘোষণা কৰিছে। বিষয়টোক লৈ দুই দলৰ মাজত গোটেই সপ্তাহজুৰি এক চেপা উত্তেজনা বিৰাজ কৰিছে। এই পৰিস্থিতিত দ্রৌপদী মুৰ্মুৰ শপতগ্ৰহণত কৰ্ণাটকৰ দলিত কংগ্রেছ নেতা মল্লিকার্জুনক অসন্মান কৰাৰ অভিযোগ কৰি তৃণমূলে কৰা প্রতিবাদক ‘তাৎপর্যপূর্ণ’ বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশেষজ্ঞয়ে।কংগ্রেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত বিৰোধীৰ প্রতিবাদত তৃণমূল কংগ্ৰেছো জড়িত আছে বুলি উল্লেখ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু