--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ বিধায়ক আতিশী মাৰ্লেনাই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰদান কৰি অহা দিল্লী চৰকাৰৰ কাম-কাজ সম্পৰ্কীয় ভাষণৰ পাছতে অৰবিন্দ কেজৰিৱালৰ প্ৰশংসা লাভ কৰিছে৷ আপ নেতা আতিশীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিয়াৰ পাছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে তেওঁক প্ৰশংসা কৰে আৰু কয় যে বিশ্বই নগৰ শাসনৰ বহুতো ক্ষেত্ৰত সমাধানৰ বাবে দিল্লীলৈ চাই আছে। অক্সফোৰ্ডৰ স্নাতকোত্তৰ আতিশীয়ে তেওঁৰ ভাষণত আম আদমী পাৰ্টিৰ (এএপি) শাসন-আৰ্হিৰ ওপৰত আলোকপাত কৰে।

কেজৰিৱালে ৰাষ্ট্ৰসংঘত আতিশীৰ ভাষণ থকা এটা টুইট ৰিটুইট কৰি লিখিছে এনেদৰে- 
ভাৰতৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত। দিল্লী আৰু আপে ভাৰতীয়সকলক গৌৰৱান্বিত কৰে। বিশ্বই এতিয়া নগৰ শাসনৰ বহুতো ক্ষেত্ৰত সমাধানৰ বাবে দিল্লীলৈ চাই আছে৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে আতিশীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ আন এটা টুইটত কেজৰিৱালে কয়, চাব্বাছ আতিশী! এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত। ইমান গৰিমাময় এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দিল্লী আৰু ৰাষ্ট্ৰৰ জনসাধাৰণৰ অনুভূতিকে ধৰি দেশৰ সম্ভাৱনাৰ বিষয়ে বিশ্বক সজাগ কৰাৰ বাবে বহুত অভিনন্দন। ৰাষ্ট্ৰই এনে ধৰণৰ প্ৰগতিশীল চিন্তাধাৰা বিচাৰে। ভাৰতে এতিয়া আগবাঢ়িব বিচাৰে৷

পূৰ্বেও দিল্লীত আপ চৰকাৰৰ মহল্লা ক্লিনিক উদ্যোগ আৰু বিদ্যালয় শিক্ষাৰ সংস্কাৰে আন্তৰ্জাতিকভাৱে প্ৰশংসা অৰ্জন কৰিছিল। আতিশীয়ে ইউএনজিএত তেওঁৰ ভাষণৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে ‘দিল্লী মডেল’এ সমস্যা সমাধানৰ বাবে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ