--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ বিধায়ক আতিশী মাৰ্লেনাই ৰাষ্ট্ৰসংঘৰ মজিয়াত প্ৰদান কৰি অহা দিল্লী চৰকাৰৰ কাম-কাজ সম্পৰ্কীয় ভাষণৰ পাছতে অৰবিন্দ কেজৰিৱালৰ প্ৰশংসা লাভ কৰিছে৷ আপ নেতা আতিশীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিয়াৰ পাছত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে তেওঁক প্ৰশংসা কৰে আৰু কয় যে বিশ্বই নগৰ শাসনৰ বহুতো ক্ষেত্ৰত সমাধানৰ বাবে দিল্লীলৈ চাই আছে। অক্সফোৰ্ডৰ স্নাতকোত্তৰ আতিশীয়ে তেওঁৰ ভাষণত আম আদমী পাৰ্টিৰ (এএপি) শাসন-আৰ্হিৰ ওপৰত আলোকপাত কৰে।

কেজৰিৱালে ৰাষ্ট্ৰসংঘত আতিশীৰ ভাষণ থকা এটা টুইট ৰিটুইট কৰি লিখিছে এনেদৰে- 
ভাৰতৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত। দিল্লী আৰু আপে ভাৰতীয়সকলক গৌৰৱান্বিত কৰে। বিশ্বই এতিয়া নগৰ শাসনৰ বহুতো ক্ষেত্ৰত সমাধানৰ বাবে দিল্লীলৈ চাই আছে৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱালে আতিশীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ আন এটা টুইটত কেজৰিৱালে কয়, চাব্বাছ আতিশী! এইটো এটা অতি গৌৰৱৰ মুহূৰ্ত। ইমান গৰিমাময় এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দিল্লী আৰু ৰাষ্ট্ৰৰ জনসাধাৰণৰ অনুভূতিকে ধৰি দেশৰ সম্ভাৱনাৰ বিষয়ে বিশ্বক সজাগ কৰাৰ বাবে বহুত অভিনন্দন। ৰাষ্ট্ৰই এনে ধৰণৰ প্ৰগতিশীল চিন্তাধাৰা বিচাৰে। ভাৰতে এতিয়া আগবাঢ়িব বিচাৰে৷

পূৰ্বেও দিল্লীত আপ চৰকাৰৰ মহল্লা ক্লিনিক উদ্যোগ আৰু বিদ্যালয় শিক্ষাৰ সংস্কাৰে আন্তৰ্জাতিকভাৱে প্ৰশংসা অৰ্জন কৰিছিল। আতিশীয়ে ইউএনজিএত তেওঁৰ ভাষণৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে ‘দিল্লী মডেল’এ সমস্যা সমাধানৰ বাবে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক