--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ৰাজ থাকৰেৰ উত্থান এক তাৎপৰ্যপূৰ্ণ বিষয়ত পৰিণত হৈছে। চৰ্চা চলিছে মহাৰাষ্ট্ৰত বিজেপিৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবেই সন্মুখলৈ আহিছে ৰাজ থাকৰে। বাল থাকৰে পৰিয়ালৰ বংশধৰ ৰাজ থাকৰেই মহাৰাষ্ট্ৰক শাসকীয় দলৰ শিৱসেনাকে মূল লক্ষ্য কৰি লৈছে আৰু বিজেপিয়ে চলাই থকা চৰকাৰবিৰোধী পদক্ষেপক নতুন মাত্ৰা দিছে। আজি এমএনএছৰ মুৰব্বী থাকৰে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদত উপস্থিত হৈছে।

ঔৰংগাবাদৰ সম্ভাজীনগৰত এখন বিশাল ৰাজহুৱা সভাত ভাগ ল’ব ৰাজ থাকৰে। প্ৰায় এসপ্তাহ আগতে, তেওঁ পুনেত এই ৰাজহুৱা সভাৰ কথা ঘোষণা কৰিছিল। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পাছত নীৰৱে থকা ৰাজ থাকৰে হঠাতে বিগত কেইদিনমানত মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱা বিষয়টোক লৈ চৰ্চালৈ আহিছিল। তেওঁ শিৱসেনা চৰকাৰক ৩ মেলৈকে চৰম সীমা নিৰ্ধাৰণ কৰি দিছিল। 

ইতিমধ্যে ৰাজ থাকৰেৰ ঔৰংগাবাদ ৰেলীক লৈ চৰ্চা তীব্ৰতৰ হৈছে। এইখন হৈছে সেই একেখন ঠাই য'ৰপৰা ৰাজ থাকৰেৰ খুৰাক বালাচাহেব থাকৰেই প্ৰায় তিনি দশক আগতে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। সেই সমদল ১৯৮৮ চনত অনুষ্ঠিত কৰা হৈছিল। বালাচাহেব থাকৰেই এই স্থানৰ পৰা এটা বিশাল ৰেলী অনুষ্ঠিত কৰি ইয়াৰ পৰা হিন্দুত্বৰ খেলখন আৰম্ভ কৰিছিল। ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে ১৯৮০ ৰ দশকলৈ, বালাচাহেব থাকৰেৰ শিৱসেনাই ঔৰংগাবাদ ৰেলীৰ পাছতহে ‘মাৰাঠাৱাড়া’ অঞ্চলত সম্প্ৰসাৰণ লাভ কৰিছিল।

উল্লেখ্য যে, ১৯৮০ৰ দশকলৈ, বাল থাকৰেৰ নেতৃত্বত শিৱসেনাই ইতিমধ্যে মুম্বাই আৰু থানেত এক কট্টৰপন্থী শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ঔৰংগাবাদৰ ৰেলীয়ে দলটোক মাৰাঠাৱাড়া অঞ্চলত ভৰি থোৱাত সহায় কৰিছিল। এই ৰেলীৰ পাছতে ঔৰংগাবাদ পৌৰ নিগমৰ নিৰ্বাচনত, শিৱসেনাই ৬০ খন আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিছিল। একক বৃহত্তম দল হোৱা স্বত্বেও, শিৱসেনা ক্ষমতালৈ আহিব নোৱাৰিলে কিয়নো কংগ্ৰেছে মুছলিম লীগৰ সৈতে ড০ শান্তাৰাম কালেক মেয়ৰ আৰু মুছলিম লীগৰ টাকি হাছানক ডেপুটী মেয়ৰ হিচাপে নিযুক্তি দি পৌৰনিগম গঠন কৰিছিল।

পৌৰ নিগমৰ নিৰ্বাচনত শিৱসেনাৰ বিজয় উপলক্ষে বালাচাহেব থাকৰেই এক বিশাল বিজয় সমদল উলিয়াইছিল। তেওঁ ঔৰংগাবাদক সম্ভাজীনগৰ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছিল। সম্ভাজী ছত্ৰপতি শিৱাজী মহাৰাজৰ পুত্ৰ আছিল। কোৱা হয় যে মোগল সম্ৰাট ঔৰংজেৱে সম্ভাজীক হত্যা কৰিছিল।

ঔৰংগাবাদৰ ৰেলীয়ে শিৱসেনাক মুম্বাইৰ বাহিৰত হিন্দুত্ববাদী ৰাজনীতি বিয়পোৱাত সহায় কৰিছিল। পৰৱৰ্তী বছৰত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত, দলটোৱে চাৰিখন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত দুখন আসন ঔৰংগাবাদ জিলাৰ ঔৰংগাবাদ আৰু পাৰভানিৰ আছিল। ৩৪ বছৰৰ পাছত কাকতালীয়ভাৱেই হওক বা বালাচাহেবৰ পদাংক অনুসৰণ কৰিয়েই হওক সেই ঠাইখনকেৰাজ থাকৰেই ৰেলীৰ বাবে নিৰ্বাচন কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ইফালে, মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ সাধাৰণ সম্পাদক আৰু ৰাজ থাকৰেৰ সম্পৰ্কীয় ভাই শালিনী থাকৰেই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কয়, ‘এমএনএছে ইয়াৰ ৰাজনীতি আৰু কৰ্মপ্ৰণালী আগবঢ়াই নিছে। আমি কোনো দল বা নেতাক অনুকৰণ কৰা নাই। যোৱা কেইমাহমানত অনুষ্ঠিত আমাৰ আভ্যন্তৰীণ বৈঠকত, অনুধাৱন কৰা হৈছিল যে এমএনএছে তেওঁৰ সকলো ৰেলী মুম্বাইতে সীমাবদ্ধ ৰাখিব নালাগে। সমগ্ৰ ৰাজ্যতে ৰেলী অনুষ্ঠিত কৰিব লাগে।' গতিকে আমি ১ মে'ত ঔৰংগাবাদত ৰেলী অনুষ্ঠিত কৰাৰ বাবে বাছনি কৰিছিলোঁ। প্ৰশাসন আৰু আৰক্ষীয়ে ৰাজ থাকৰেৰ ৰেলীক অনুমতি দিছে যদিও তেওঁলোকে ১৩টা চৰ্ত মানি চলিব লাগিব।

তাৎপৰ্যপূৰ্ণভাৱে, ঔৰাংগাবাদ জিলাত ৩০ৰ পৰা ৩৫ শতাংশ মুছলমান আছে। ইয়াৰ পৰা এআইএমআইএম প্ৰাৰ্থী ইমতিয়াজ জলিলে ২০১৯ৰ লোকসভা নিৰ্বাচনত আসনখন জিকিছিল। তেওঁ শিৱসেনাৰ জ্যেষ্ঠ নেতা চন্দ্ৰকান্ত খাইৰক পৰাজিত কৰিছিল। জলিলে ৰাজ থাকৰেক ইফতাৰত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। এই কাৰ্যক লৈও বিভিন্ন ৰাজনৈতিক চৰ্চা চলি আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...