--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ৰাজ থাকৰেৰ উত্থান এক তাৎপৰ্যপূৰ্ণ বিষয়ত পৰিণত হৈছে। চৰ্চা চলিছে মহাৰাষ্ট্ৰত বিজেপিৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবেই সন্মুখলৈ আহিছে ৰাজ থাকৰে। বাল থাকৰে পৰিয়ালৰ বংশধৰ ৰাজ থাকৰেই মহাৰাষ্ট্ৰক শাসকীয় দলৰ শিৱসেনাকে মূল লক্ষ্য কৰি লৈছে আৰু বিজেপিয়ে চলাই থকা চৰকাৰবিৰোধী পদক্ষেপক নতুন মাত্ৰা দিছে। আজি এমএনএছৰ মুৰব্বী থাকৰে মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদত উপস্থিত হৈছে।

ঔৰংগাবাদৰ সম্ভাজীনগৰত এখন বিশাল ৰাজহুৱা সভাত ভাগ ল’ব ৰাজ থাকৰে। প্ৰায় এসপ্তাহ আগতে, তেওঁ পুনেত এই ৰাজহুৱা সভাৰ কথা ঘোষণা কৰিছিল। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পাছত নীৰৱে থকা ৰাজ থাকৰে হঠাতে বিগত কেইদিনমানত মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰোৱা বিষয়টোক লৈ চৰ্চালৈ আহিছিল। তেওঁ শিৱসেনা চৰকাৰক ৩ মেলৈকে চৰম সীমা নিৰ্ধাৰণ কৰি দিছিল। 

ইতিমধ্যে ৰাজ থাকৰেৰ ঔৰংগাবাদ ৰেলীক লৈ চৰ্চা তীব্ৰতৰ হৈছে। এইখন হৈছে সেই একেখন ঠাই য'ৰপৰা ৰাজ থাকৰেৰ খুৰাক বালাচাহেব থাকৰেই প্ৰায় তিনি দশক আগতে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল। সেই সমদল ১৯৮৮ চনত অনুষ্ঠিত কৰা হৈছিল। বালাচাহেব থাকৰেই এই স্থানৰ পৰা এটা বিশাল ৰেলী অনুষ্ঠিত কৰি ইয়াৰ পৰা হিন্দুত্বৰ খেলখন আৰম্ভ কৰিছিল। ৰাজনৈতিক বিশেষজ্ঞসকলে কয় যে ১৯৮০ ৰ দশকলৈ, বালাচাহেব থাকৰেৰ শিৱসেনাই ঔৰংগাবাদ ৰেলীৰ পাছতহে ‘মাৰাঠাৱাড়া’ অঞ্চলত সম্প্ৰসাৰণ লাভ কৰিছিল।

উল্লেখ্য যে, ১৯৮০ৰ দশকলৈ, বাল থাকৰেৰ নেতৃত্বত শিৱসেনাই ইতিমধ্যে মুম্বাই আৰু থানেত এক কট্টৰপন্থী শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ঔৰংগাবাদৰ ৰেলীয়ে দলটোক মাৰাঠাৱাড়া অঞ্চলত ভৰি থোৱাত সহায় কৰিছিল। এই ৰেলীৰ পাছতে ঔৰংগাবাদ পৌৰ নিগমৰ নিৰ্বাচনত, শিৱসেনাই ৬০ খন আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিছিল। একক বৃহত্তম দল হোৱা স্বত্বেও, শিৱসেনা ক্ষমতালৈ আহিব নোৱাৰিলে কিয়নো কংগ্ৰেছে মুছলিম লীগৰ সৈতে ড০ শান্তাৰাম কালেক মেয়ৰ আৰু মুছলিম লীগৰ টাকি হাছানক ডেপুটী মেয়ৰ হিচাপে নিযুক্তি দি পৌৰনিগম গঠন কৰিছিল।

পৌৰ নিগমৰ নিৰ্বাচনত শিৱসেনাৰ বিজয় উপলক্ষে বালাচাহেব থাকৰেই এক বিশাল বিজয় সমদল উলিয়াইছিল। তেওঁ ঔৰংগাবাদক সম্ভাজীনগৰ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছিল। সম্ভাজী ছত্ৰপতি শিৱাজী মহাৰাজৰ পুত্ৰ আছিল। কোৱা হয় যে মোগল সম্ৰাট ঔৰংজেৱে সম্ভাজীক হত্যা কৰিছিল।

ঔৰংগাবাদৰ ৰেলীয়ে শিৱসেনাক মুম্বাইৰ বাহিৰত হিন্দুত্ববাদী ৰাজনীতি বিয়পোৱাত সহায় কৰিছিল। পৰৱৰ্তী বছৰত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত, দলটোৱে চাৰিখন আসন লাভ কৰিছিল। ইয়াৰ ভিতৰত দুখন আসন ঔৰংগাবাদ জিলাৰ ঔৰংগাবাদ আৰু পাৰভানিৰ আছিল। ৩৪ বছৰৰ পাছত কাকতালীয়ভাৱেই হওক বা বালাচাহেবৰ পদাংক অনুসৰণ কৰিয়েই হওক সেই ঠাইখনকেৰাজ থাকৰেই ৰেলীৰ বাবে নিৰ্বাচন কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

ইফালে, মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ সাধাৰণ সম্পাদক আৰু ৰাজ থাকৰেৰ সম্পৰ্কীয় ভাই শালিনী থাকৰেই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক কয়, ‘এমএনএছে ইয়াৰ ৰাজনীতি আৰু কৰ্মপ্ৰণালী আগবঢ়াই নিছে। আমি কোনো দল বা নেতাক অনুকৰণ কৰা নাই। যোৱা কেইমাহমানত অনুষ্ঠিত আমাৰ আভ্যন্তৰীণ বৈঠকত, অনুধাৱন কৰা হৈছিল যে এমএনএছে তেওঁৰ সকলো ৰেলী মুম্বাইতে সীমাবদ্ধ ৰাখিব নালাগে। সমগ্ৰ ৰাজ্যতে ৰেলী অনুষ্ঠিত কৰিব লাগে।' গতিকে আমি ১ মে'ত ঔৰংগাবাদত ৰেলী অনুষ্ঠিত কৰাৰ বাবে বাছনি কৰিছিলোঁ। প্ৰশাসন আৰু আৰক্ষীয়ে ৰাজ থাকৰেৰ ৰেলীক অনুমতি দিছে যদিও তেওঁলোকে ১৩টা চৰ্ত মানি চলিব লাগিব।

তাৎপৰ্যপূৰ্ণভাৱে, ঔৰাংগাবাদ জিলাত ৩০ৰ পৰা ৩৫ শতাংশ মুছলমান আছে। ইয়াৰ পৰা এআইএমআইএম প্ৰাৰ্থী ইমতিয়াজ জলিলে ২০১৯ৰ লোকসভা নিৰ্বাচনত আসনখন জিকিছিল। তেওঁ শিৱসেনাৰ জ্যেষ্ঠ নেতা চন্দ্ৰকান্ত খাইৰক পৰাজিত কৰিছিল। জলিলে ৰাজ থাকৰেক ইফতাৰত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। এই কাৰ্যক লৈও বিভিন্ন ৰাজনৈতিক চৰ্চা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ