--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক ব্লেকলিষ্ট কৰাৰ ক্ষেত্ৰত পুনৰ ৰাষ্ট্ৰসংঘত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক্ষেপত বাধা দিলে চীনে।  চীনে লস্কৰ-ই-তৈবাৰ নেতা শ্বাহিদ মাহমুদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ভেটা  দিছে। 

ইয়াকেলৈ  চতুৰ্থবাৰৰ বাবে সন্ত্ৰাসবাদীৰ পক্ষত থিয় দিলে চীনে। পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ  চীনে ৪২ বছৰীয়া সন্ত্ৰাসবাদী  মাহমুদক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আল কায়েদা নিষেধাজ্ঞা সমিতিৰ অধীনত বিশ্ব সন্ত্ৰাসবাদী হিচাপে মনোনীত কৰাৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত স্থগিতাদেশ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে ২০১৬ চনৰ ডিচেম্বৰত মাহমুদৰ লগতে আন এজন লস্কৰ  নেতা মুহাম্মাদ চাৰৱাৰক ভয়াৱহ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল। 

 মুম্বাইত ২৬/১১ ৰ আক্ৰমণত মাৰ্কিন  নাগৰিকসহ ১৬০ জনৰো অধিক লোক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেজাৰী বিভাগৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, মাহমুদ "পাকিস্তানৰ কৰাচীত অৱস্থিত লস্কৰৰ দীৰ্ঘদিনীয়া  সদস্য আছিল, আৰু ২০০৭  চনৰ পৰা গোটটোৰ সৈতে জড়িত হৈ আছে। জুন ২০১৫-ৰ পৰা  জুন ২০১৬  লৈকে মাহমুদে সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহকাৰী শাখা ফালাহ-ই-ইনছানিয়াত ফাউণ্ডেচন (এফআইএফ)ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

মাহমুদে  আগতে সজ্জিদ মীৰৰ নেতৃত্বত লস্কৰৰ বিদেশী অপাৰেচন দলৰ অংশ আছিল।  ইয়াৰ উপৰিও, আগষ্ট ২০১৩-ত  মাহমুদক বাংলাদেশ আৰু বাৰ্মাত ইছলামিক সংগঠনসমূহৰ সৈতে গোপন সম্পৰ্ক গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়া হৈছিল।  ২০১১ চনৰ শেষৰ ফালে মাহমুদে দাবী কৰিছিল যে লস্কৰ-ই তৈবাই   ভাৰত আৰু আমেৰিকাক আক্ৰমণ কৰা কথা চিন্তা কৰিছে। এনে এজন সন্ত্ৰাসবাদীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত  চীনে কিয় বাধা দিছে সেই কথা এতিয়া সকলোৱে বুজি উঠিছে। বন্ধু পাকিস্তানক অসন্তুষ্ট কৰাৰ ইচ্ছা নথকাৰ বাবেই চীনে লস্কৰ সন্ত্ৰাসবাদীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোশণাত বাধা দিয়া বুসলি আলোচনা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক