--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীক ব্লেকলিষ্ট কৰাৰ ক্ষেত্ৰত পুনৰ ৰাষ্ট্ৰসংঘত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ পদক্ষেপত বাধা দিলে চীনে।  চীনে লস্কৰ-ই-তৈবাৰ নেতা শ্বাহিদ মাহমুদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত ভেটা  দিছে। 

ইয়াকেলৈ  চতুৰ্থবাৰৰ বাবে সন্ত্ৰাসবাদীৰ পক্ষত থিয় দিলে চীনে। পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ  চীনে ৪২ বছৰীয়া সন্ত্ৰাসবাদী  মাহমুদক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আল কায়েদা নিষেধাজ্ঞা সমিতিৰ অধীনত বিশ্ব সন্ত্ৰাসবাদী হিচাপে মনোনীত কৰাৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত স্থগিতাদেশ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে ২০১৬ চনৰ ডিচেম্বৰত মাহমুদৰ লগতে আন এজন লস্কৰ  নেতা মুহাম্মাদ চাৰৱাৰক ভয়াৱহ সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল। 

 মুম্বাইত ২৬/১১ ৰ আক্ৰমণত মাৰ্কিন  নাগৰিকসহ ১৬০ জনৰো অধিক লোক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেজাৰী বিভাগৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, মাহমুদ "পাকিস্তানৰ কৰাচীত অৱস্থিত লস্কৰৰ দীৰ্ঘদিনীয়া  সদস্য আছিল, আৰু ২০০৭  চনৰ পৰা গোটটোৰ সৈতে জড়িত হৈ আছে। জুন ২০১৫-ৰ পৰা  জুন ২০১৬  লৈকে মাহমুদে সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহকাৰী শাখা ফালাহ-ই-ইনছানিয়াত ফাউণ্ডেচন (এফআইএফ)ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

মাহমুদে  আগতে সজ্জিদ মীৰৰ নেতৃত্বত লস্কৰৰ বিদেশী অপাৰেচন দলৰ অংশ আছিল।  ইয়াৰ উপৰিও, আগষ্ট ২০১৩-ত  মাহমুদক বাংলাদেশ আৰু বাৰ্মাত ইছলামিক সংগঠনসমূহৰ সৈতে গোপন সম্পৰ্ক গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়া হৈছিল।  ২০১১ চনৰ শেষৰ ফালে মাহমুদে দাবী কৰিছিল যে লস্কৰ-ই তৈবাই   ভাৰত আৰু আমেৰিকাক আক্ৰমণ কৰা কথা চিন্তা কৰিছে। এনে এজন সন্ত্ৰাসবাদীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত  চীনে কিয় বাধা দিছে সেই কথা এতিয়া সকলোৱে বুজি উঠিছে। বন্ধু পাকিস্তানক অসন্তুষ্ট কৰাৰ ইচ্ছা নথকাৰ বাবেই চীনে লস্কৰ সন্ত্ৰাসবাদীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোশণাত বাধা দিয়া বুসলি আলোচনা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ