--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰতে ওলাল এডাল  সাপ! উৰন্ত বিমানৰ ভিতৰতে সাপডাল দেখাৰ পিছতে যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে। ঘটনাটো ঘটিছে  ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত।  ইউনাইটেড এয়াৰলাইনছৰ  বিমান খনে ফ্লৰিডাৰ পৰা নিউ জাৰ্চিলৈ যাত্ৰা কৰি থকাৰ সময়তে হঠাতে এগৰাকী যাত্ৰী বিমানৰ ভিতৰত এডাল প্ৰকাণ্ড সাপ দেখিবলৈ পায়। 

লগে লগে কথাটো সকলো যাত্ৰীৰ মাজত বিয়পি পৰে। ইপিনে সাপডালে যেনি-তেনি গতি কৰিবলৈ লোৱাত যাত্ৰীসকল শংকিত হৈ পৰে।  

সাপটো দেখা পোৱাৰ পিছত বিমানৰ ব্যৱসায়িক শ্ৰেণীৰ যাত্ৰীসকলে চিঞৰিবলৈ আৰম্ভ কৰিছিল। যাত্ৰীসকলে নিজৰ আসনৰ ওপৰত  ভৰি তুলি কোনো মতে কুচিমুচি বহি আছিল।। পিছত সাপডাল  বিমানবন্দৰৰ কৰ্তৃপক্ষই  ধৰি কাষৰে  বনাঞ্চলত এৰি দিয়ে। এই ঘটনাই বহুতকে  চেমুৱেল এল জেকচন অভিনীত ২০০৬ চনৰ কাল্ট ছবি স্নেকছ অন এ প্লেনৰ কথা মনত পেলাই দিছিল। 

চলচ্চিত্ৰখনত   বিমানৰ ভিতৰত ডজন ডজন বিষাক্ত সাপে যাত্ৰীৰ  চাৰিওফালে ঘূৰি আছিল। এনেদৰে সাপ মেলি দুৰ্বৃত্তই এজন বিশেষ লোকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। সাপডালে  কেনেকৈ বা কেতিয়া বিমানখনত সোমাল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

সৌভাগ্যৰ কথাটো এয়াই যে সাপডালে কোনো যাত্ৰীৰেই ক্ষতি কৰা নাই। নিউ জাৰ্চিৰ  বিমানবন্দৰত বিমান খনে অৱতৰণ কৰাৰ পিছতহে যেন  যাত্ৰীসকলে উশাহ ঘূৰাই পায়।

উল্লেখ্য চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা তাৱাউলৈ যোৱা এয়াৰএছিয়াৰ এখন বিমানৰ ভিতৰতো এডাল  সাপ ওলাইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক