--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰতে ওলাল এডাল  সাপ! উৰন্ত বিমানৰ ভিতৰতে সাপডাল দেখাৰ পিছতে যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে। ঘটনাটো ঘটিছে  ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত।  ইউনাইটেড এয়াৰলাইনছৰ  বিমান খনে ফ্লৰিডাৰ পৰা নিউ জাৰ্চিলৈ যাত্ৰা কৰি থকাৰ সময়তে হঠাতে এগৰাকী যাত্ৰী বিমানৰ ভিতৰত এডাল প্ৰকাণ্ড সাপ দেখিবলৈ পায়। 

লগে লগে কথাটো সকলো যাত্ৰীৰ মাজত বিয়পি পৰে। ইপিনে সাপডালে যেনি-তেনি গতি কৰিবলৈ লোৱাত যাত্ৰীসকল শংকিত হৈ পৰে।  

সাপটো দেখা পোৱাৰ পিছত বিমানৰ ব্যৱসায়িক শ্ৰেণীৰ যাত্ৰীসকলে চিঞৰিবলৈ আৰম্ভ কৰিছিল। যাত্ৰীসকলে নিজৰ আসনৰ ওপৰত  ভৰি তুলি কোনো মতে কুচিমুচি বহি আছিল।। পিছত সাপডাল  বিমানবন্দৰৰ কৰ্তৃপক্ষই  ধৰি কাষৰে  বনাঞ্চলত এৰি দিয়ে। এই ঘটনাই বহুতকে  চেমুৱেল এল জেকচন অভিনীত ২০০৬ চনৰ কাল্ট ছবি স্নেকছ অন এ প্লেনৰ কথা মনত পেলাই দিছিল। 

চলচ্চিত্ৰখনত   বিমানৰ ভিতৰত ডজন ডজন বিষাক্ত সাপে যাত্ৰীৰ  চাৰিওফালে ঘূৰি আছিল। এনেদৰে সাপ মেলি দুৰ্বৃত্তই এজন বিশেষ লোকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। সাপডালে  কেনেকৈ বা কেতিয়া বিমানখনত সোমাল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

সৌভাগ্যৰ কথাটো এয়াই যে সাপডালে কোনো যাত্ৰীৰেই ক্ষতি কৰা নাই। নিউ জাৰ্চিৰ  বিমানবন্দৰত বিমান খনে অৱতৰণ কৰাৰ পিছতহে যেন  যাত্ৰীসকলে উশাহ ঘূৰাই পায়।

উল্লেখ্য চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা তাৱাউলৈ যোৱা এয়াৰএছিয়াৰ এখন বিমানৰ ভিতৰতো এডাল  সাপ ওলাইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক