--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্কৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ। এজন লোকে এখন বাংলাদেশী ৰেস্তোৰাঁত চিকেন বিৰিয়ানীৰ অৰ্ডাৰ দিছিল। পাছে সেই খাদ্য খাই তেওঁ জুতি নোপোৱাত বাংলাদেশী ৰেস্তোৰাঁখনত জুই লগাই দিয়ে। কুইন্স অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই তথ্যৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত চোফেল নৰ্বু (৪৯ বছৰ) নামৰ লোকজনক। ৰেস্তোৰাঁখনত জুই জ্বলোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই।

চিকেন বিৰিয়ানীখিনি খাই ভাল নোপোৱাত চোফেল নৰ্বুৰ বৰ খং উঠিল। ধৃত নৰ্বুৱে আৰক্ষীক জনোৱা মতে, ‘মই বৰ মদ খাইছিলো, চিকেন বিৰিয়ানী কিনিছিলো। মোক ভাল চিকেন বিৰিয়ানী নিদিলে। মোৰ খং উঠাত সেইখিনি বাহিৰলৈ পেলাই দিলোঁ আৰু ৰাতি আহি সুযোগ বুজি ৰেস্তোৰাঁখন জ্বলাই দিলো।’’ 

ঘটনাটোৰ বৰ্ণনা কৰি অভিযুক্তই আৰক্ষীক কয়, ‘‘মই প্ৰথমে তেলৰ কেন এটা কিনি তাৰপাছত দোকানত পেলাই দি জুই লগাই দিলোঁ। সমগ্ৰ ঘটনাটো চিচিটিভিৰ কেমেৰাত বন্দী হয়। নিউয়ৰ্কৰ অগ্নিনিৰ্বাপক বাহিনীয়েও ইয়াৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে। ফুটেজটোত নৰ্বুক ৰেস্তোৰাঁখনৰ বাহিৰত কিছু সময় থিয় হৈ থকা দেখা গৈছে আৰু তাৰ পিছত জ্বলনশীল তৰল পদাৰ্থবোৰ পেলাই জুই লগাই দিয়ে।’’

চিচিটিভিৰ ফুটেজত দেখা যায় যে জুই জ্বলোৱাৰ পিছত তেওঁ কিছু সময় থিয় হৈ থাকে। ইফালে এটা বিশাল বিস্ফোৰণ ঘটে, তাৰ পিছত নৰ্বু পৰি যায়। দক্ষিণ এছিয়াৰ জনসাধাৰণৰ বাসস্থান তথা বহু সংস্কৃতিৰ সংযোগস্থল জেকচন হাইটছ অৱ কুইন্সত অৱস্থিত এই বাংলাদেশী ৰেস্তোৰাঁখন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়