--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ নিউয়ৰ্কৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত গোচৰ। এজন লোকে এখন বাংলাদেশী ৰেস্তোৰাঁত চিকেন বিৰিয়ানীৰ অৰ্ডাৰ দিছিল। পাছে সেই খাদ্য খাই তেওঁ জুতি নোপোৱাত বাংলাদেশী ৰেস্তোৰাঁখনত জুই লগাই দিয়ে। কুইন্স অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই তথ্যৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত চোফেল নৰ্বু (৪৯ বছৰ) নামৰ লোকজনক। ৰেস্তোৰাঁখনত জুই জ্বলোৱাৰ কথা স্বীকাৰ কৰিছে অভিযুক্তই।

চিকেন বিৰিয়ানীখিনি খাই ভাল নোপোৱাত চোফেল নৰ্বুৰ বৰ খং উঠিল। ধৃত নৰ্বুৱে আৰক্ষীক জনোৱা মতে, ‘মই বৰ মদ খাইছিলো, চিকেন বিৰিয়ানী কিনিছিলো। মোক ভাল চিকেন বিৰিয়ানী নিদিলে। মোৰ খং উঠাত সেইখিনি বাহিৰলৈ পেলাই দিলোঁ আৰু ৰাতি আহি সুযোগ বুজি ৰেস্তোৰাঁখন জ্বলাই দিলো।’’ 

ঘটনাটোৰ বৰ্ণনা কৰি অভিযুক্তই আৰক্ষীক কয়, ‘‘মই প্ৰথমে তেলৰ কেন এটা কিনি তাৰপাছত দোকানত পেলাই দি জুই লগাই দিলোঁ। সমগ্ৰ ঘটনাটো চিচিটিভিৰ কেমেৰাত বন্দী হয়। নিউয়ৰ্কৰ অগ্নিনিৰ্বাপক বাহিনীয়েও ইয়াৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে। ফুটেজটোত নৰ্বুক ৰেস্তোৰাঁখনৰ বাহিৰত কিছু সময় থিয় হৈ থকা দেখা গৈছে আৰু তাৰ পিছত জ্বলনশীল তৰল পদাৰ্থবোৰ পেলাই জুই লগাই দিয়ে।’’

চিচিটিভিৰ ফুটেজত দেখা যায় যে জুই জ্বলোৱাৰ পিছত তেওঁ কিছু সময় থিয় হৈ থাকে। ইফালে এটা বিশাল বিস্ফোৰণ ঘটে, তাৰ পিছত নৰ্বু পৰি যায়। দক্ষিণ এছিয়াৰ জনসাধাৰণৰ বাসস্থান তথা বহু সংস্কৃতিৰ সংযোগস্থল জেকচন হাইটছ অৱ কুইন্সত অৱস্থিত এই বাংলাদেশী ৰেস্তোৰাঁখন।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক