--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰত আৰু আন কেইখনমান সদস্য দেশে এই বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। প্রতিযোগিতাখন চলিত বছৰতে ভাৰতত অনুষ্ঠিত হোৱাৰ কথা। এই বিষয়ে এছিয়ান ক্রিকেট পৰিষদৰ (এ চি চি) বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা। এ চি চিৰ এই বৈঠকখন অহা ২৪ জুলাইত বাংলাদেশৰ ৰাজধানী ঢাকাত আয়োজন কৰা হৈছে।


ভাৰত আৰু আন কেইখনমান সদস্য দেশে এই বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ডে (বি চি চি আই) এইক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰি এ চি চিৰ অধ্যক্ষ তথা পাকিস্তান ক্রিকেট ব'ৰ্ডৰ সভাপতি মহছিন নাকভীক স্পষ্টভাৱে জনাই দিয়ে যে পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাখন ঢাকাত অনুষ্ঠিত হ'লে বৈঠকত ভাৰত উপস্থিত নাথাকে।


বি চি চি আইৰ লগতে শ্রীলংকা, আফগানিস্তান আৰু ওমানৰ ক্রিকেট ব'র্ডেও ঢাকাত বার্ষিক সাধাৰণ সভাৰ আয়োজন কৰিলে ইয়াত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে। এনে অৱস্থাত সাধাৰণ সভাত লোৱা যিকোনো সিদ্ধান্ত ভাৰতে গ্ৰহণ নকৰে বুলি বিচি চি আয়ে লগতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে পাকিস্তান ক্রিকেট ব'ৰ্ডৰ সভাপতিৰ দায়িত্বত থকা এ চি চিৰ অধ্যক্ষ নাকভীয়ে ভাৰতক হেঁচা দিয়াৰ বাবে বৈঠকখন ঢাকাত আয়োজন কৰিবলৈ বিচাৰিছে। বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি তথা ভাৰতৰ সৈতে দেশখনৰ মাজত চলি থকা উত্তেজনাৰ বাবে বি চি চি আয়ে ঢাকাত বার্ষিক সাধাৰণ সভাৰ আয়োজনৰ বিৰোধিতা কৰিছে।


সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি বি চি চি আয়ে নাকভীক স্পষ্টভাৱে জনাই দিয়ে যে বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে ভাৰতে বৰ্জন কৰিব। ভাৰতে ব্যক্তিগতভাৱে তেওঁক বৈঠকৰ স্থান সলনিৰ বাবেও অনুৰোধ জনায়, কিন্তু নাকভীয়ে এতিয়ালৈকে ইয়াৰ কোনো উত্তৰ দিয়া নাই। এ চি চিৰ নিয়ম অনুসৰি আগশাৰীৰ সদস্য দেশৰ অনুপস্থিতিত লোৱা যিকোনো সিদ্ধান্তক অবৈধ বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে এছিয়া কাপ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা, কিন্তু প্রতিযোগিতাখন সংযুক্ত আৰব আমিৰাট অথবা শ্রীলংকালৈ স্থানান্তৰ কৰাৰ সম্ভাৱনাও আছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ