--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰত আৰু আন কেইখনমান সদস্য দেশে এই বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। প্রতিযোগিতাখন চলিত বছৰতে ভাৰতত অনুষ্ঠিত হোৱাৰ কথা। এই বিষয়ে এছিয়ান ক্রিকেট পৰিষদৰ (এ চি চি) বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা। এ চি চিৰ এই বৈঠকখন অহা ২৪ জুলাইত বাংলাদেশৰ ৰাজধানী ঢাকাত আয়োজন কৰা হৈছে।


ভাৰত আৰু আন কেইখনমান সদস্য দেশে এই বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ডে (বি চি চি আই) এইক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰি এ চি চিৰ অধ্যক্ষ তথা পাকিস্তান ক্রিকেট ব'ৰ্ডৰ সভাপতি মহছিন নাকভীক স্পষ্টভাৱে জনাই দিয়ে যে পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাখন ঢাকাত অনুষ্ঠিত হ'লে বৈঠকত ভাৰত উপস্থিত নাথাকে।


বি চি চি আইৰ লগতে শ্রীলংকা, আফগানিস্তান আৰু ওমানৰ ক্রিকেট ব'র্ডেও ঢাকাত বার্ষিক সাধাৰণ সভাৰ আয়োজন কৰিলে ইয়াত অংশগ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে। এনে অৱস্থাত সাধাৰণ সভাত লোৱা যিকোনো সিদ্ধান্ত ভাৰতে গ্ৰহণ নকৰে বুলি বিচি চি আয়ে লগতে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে পাকিস্তান ক্রিকেট ব'ৰ্ডৰ সভাপতিৰ দায়িত্বত থকা এ চি চিৰ অধ্যক্ষ নাকভীয়ে ভাৰতক হেঁচা দিয়াৰ বাবে বৈঠকখন ঢাকাত আয়োজন কৰিবলৈ বিচাৰিছে। বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি তথা ভাৰতৰ সৈতে দেশখনৰ মাজত চলি থকা উত্তেজনাৰ বাবে বি চি চি আয়ে ঢাকাত বার্ষিক সাধাৰণ সভাৰ আয়োজনৰ বিৰোধিতা কৰিছে।


সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি বি চি চি আয়ে নাকভীক স্পষ্টভাৱে জনাই দিয়ে যে বৈঠকখন ঢাকাত অনুষ্ঠিত হ'লে ভাৰতে বৰ্জন কৰিব। ভাৰতে ব্যক্তিগতভাৱে তেওঁক বৈঠকৰ স্থান সলনিৰ বাবেও অনুৰোধ জনায়, কিন্তু নাকভীয়ে এতিয়ালৈকে ইয়াৰ কোনো উত্তৰ দিয়া নাই। এ চি চিৰ নিয়ম অনুসৰি আগশাৰীৰ সদস্য দেশৰ অনুপস্থিতিত লোৱা যিকোনো সিদ্ধান্তক অবৈধ বুলি গণ্য কৰা হয়। উল্লেখযোগ্য যে এছিয়া কাপ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা, কিন্তু প্রতিযোগিতাখন সংযুক্ত আৰব আমিৰাট অথবা শ্রীলংকালৈ স্থানান্তৰ কৰাৰ সম্ভাৱনাও আছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু