--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আই চি চিৰ টি-২০ ৰেংকিঙত ভাৰত এছিয়াৰ শীর্ষস্থানত থাকিলে ভাৰতে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিব।

ডিজিটেল ডেস্ক : অলিম্পিকত ১২৮ বছৰৰ পাছত নতুন ৰূপত ক্রিকেটক অন্তর্ভুক্ত কৰা হৈছে। লছ এঞ্জেলছত ২০২৮ চনত হ'বলগীয়া অলিম্পিকত পুৰুষৰ ছটা আৰু মহিলাৰ ছটা দলে অংশগ্রহণ কৰিব। অলিম্পিকত অংশগ্রহণ কৰিবলগীয়া ক্রিকেট দল বাছনিৰ ক্ষেত্ৰত কঠোৰ নিয়ম কৰা হৈছে। সেই অনুসৰি এছিয়া, ওছেনিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ কেৱল শীর্ষ ৰেংকিঙৰ দলকেইটাইহে অলিম্পিকত খেলিব পাৰিব। যিহেতু অলিম্পিক আমেৰিকাত অনুষ্ঠিত হ'ব সেয়েহে পঞ্চমটো দল ৰূপে আমেৰিকাই ইয়াত খেলাৰ যোগ্যতা অর্জন কৰিব।


ষষ্ঠটো দল নির্ধাৰণৰ বাবে এক যোগ্যতা অৰ্জনকাৰী প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। অলিম্পিকত অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মেচ নাথাকিব। ইয়াৰ কাৰণ হ'ল এছিয়াৰ ৰেংকিঙৰ শীৰ্ষত থকা দলটোৱেহে অলিম্পিকত খেলিব। আই চি চিৰ টি-২০ ৰেংকিঙত ভাৰত এছিয়াৰ শীর্ষস্থানত থাকিলে ভাৰতে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিব।


তেনে অৱস্থাত পাকিস্তানে যোগ্যতা অর্জনকাৰী প্রতিযোগিতাৰ জৰিয়তে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, নতুন মুখ্য কার্যবাহী বিষয়া সংযোগ গুপ্তাৰ পৌৰোহিত্যত অনুষ্ঠিত আই চি চিৰ বৈঠকত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট খেলাৰ বাবে ক্রিকেটাৰৰ ন্যূনতম বয়স ১৫ বছৰ নিৰ্ধাৰণ কৰা হয়। অৱশ্যে বিশেষ পৰিস্থিতিত এই নিয়ম শিথিল কৰা হ'ব।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ