--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তৃপ্তী ডিমৰীয়ে এইকেইদিন তেওঁৰ ছবি এনিমেলৰ বাবে শিৰোনাম দখল কৰিছে। এনিমেলৰ পাছত তৃপ্তি ডিমৰী প্ৰতিজন ছবি নিৰ্মাতাৰ প্ৰথম পছন্দ হৈ পৰিছে৷বহু সূত্ৰৰ মতে,আশিকী ৩ ছবিখনত কাৰ্তিক আৰিয়ানক ৰোমাঞ্চ কৰা দেখা যাব। প্ৰতিবেদন অনুসৰি ছবিখনৰ বাবে তৃপ্তিক চুক্তিবদ্ধ কৰা হৈছিল, তাৰ পাছত অনুৰাগীসকল অতিশয় আনন্দিত হৈছিল যদিও এতিয়া ছবিখনৰ প্ৰযোজক মুকেশ ভাটে এই প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ভাটে কৈছে যে এই খবৰত কোনো সত্যতা নাই। আনকি তেওঁ তৃপ্তিক লগ পোৱা নাই বুলিও কৈছে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুকেশ ভাটে কয় যে “এইটো একেবাৰে ভুল। মই ইতিমধ্যে কৈছো যে চিত্ৰনাট্য আৰু সংগীত সাজু নোহোৱালৈকে আমি কোনো কাষ্টিং কৰা নাই।  আশিকী ৩ ইয়াৰ সংগীতত সন্তুষ্ট নোহোৱালৈকে কোনো কাম আগবাঢ়ি নাযায়। তেওঁ কয় যে এই পৰ্যন্ত যিটো নাম চূড়ান্ত হৈছে সেয়া হৈছে কাৰ্তিক আৰিয়ান।”

উল্লেখ্য যে আশিকীৰ ধাৰা ১৯৯০ চনত আৰম্ভ হৈছিল। এই ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল ৰাহুল ৰায় আৰু অনু আগৰৱালাক। ইয়াৰ পৰিচালক আছিল মহেশ ভাট। ইয়াৰ পাছত ২০১৩ চনত আশিকী ২ আহিল। য’ত আদিত্য ৰয় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰক মুখ্য চৰিত্ৰত দেখা গৈছিল। দুয়োখন ছবিৰ সংগীত ছুপাৰহিট বুলি প্ৰমাণিত হ’ল।আৰু এতিয়া অনুৰাগ বসুৱে আশিকী ৩ ছবি পৰিচালনা কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু