--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তৃপ্তী ডিমৰীয়ে এইকেইদিন তেওঁৰ ছবি এনিমেলৰ বাবে শিৰোনাম দখল কৰিছে। এনিমেলৰ পাছত তৃপ্তি ডিমৰী প্ৰতিজন ছবি নিৰ্মাতাৰ প্ৰথম পছন্দ হৈ পৰিছে৷বহু সূত্ৰৰ মতে,আশিকী ৩ ছবিখনত কাৰ্তিক আৰিয়ানক ৰোমাঞ্চ কৰা দেখা যাব। প্ৰতিবেদন অনুসৰি ছবিখনৰ বাবে তৃপ্তিক চুক্তিবদ্ধ কৰা হৈছিল, তাৰ পাছত অনুৰাগীসকল অতিশয় আনন্দিত হৈছিল যদিও এতিয়া ছবিখনৰ প্ৰযোজক মুকেশ ভাটে এই প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ভাটে কৈছে যে এই খবৰত কোনো সত্যতা নাই। আনকি তেওঁ তৃপ্তিক লগ পোৱা নাই বুলিও কৈছে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুকেশ ভাটে কয় যে “এইটো একেবাৰে ভুল। মই ইতিমধ্যে কৈছো যে চিত্ৰনাট্য আৰু সংগীত সাজু নোহোৱালৈকে আমি কোনো কাষ্টিং কৰা নাই।  আশিকী ৩ ইয়াৰ সংগীতত সন্তুষ্ট নোহোৱালৈকে কোনো কাম আগবাঢ়ি নাযায়। তেওঁ কয় যে এই পৰ্যন্ত যিটো নাম চূড়ান্ত হৈছে সেয়া হৈছে কাৰ্তিক আৰিয়ান।”

উল্লেখ্য যে আশিকীৰ ধাৰা ১৯৯০ চনত আৰম্ভ হৈছিল। এই ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল ৰাহুল ৰায় আৰু অনু আগৰৱালাক। ইয়াৰ পৰিচালক আছিল মহেশ ভাট। ইয়াৰ পাছত ২০১৩ চনত আশিকী ২ আহিল। য’ত আদিত্য ৰয় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰক মুখ্য চৰিত্ৰত দেখা গৈছিল। দুয়োখন ছবিৰ সংগীত ছুপাৰহিট বুলি প্ৰমাণিত হ’ল।আৰু এতিয়া অনুৰাগ বসুৱে আশিকী ৩ ছবি পৰিচালনা কৰিবলৈ ওলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক