--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাত তিনিজন নিৰ্দলীয় বিধায়কে বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত নায়াব সিং চাইনী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ মাজতে  জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাৰ কেইজনমান বিধায়কে  বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে। 

হাৰিয়ানাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছক সমৰ্থন কৰিব বুলি ঘোষণা কৰাৰ এদিন পিছতে জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাই বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়লৈ বিধানসভাৰ  মজিয়াত আস্থাভোট  বিচাৰি পত্ৰ লিখিছে। ইফালে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা ভূপিন্দৰ সিং হুডাই চৌটালাৰ বক্তব্যৰ উত্তৰ দি কয়, "আমাৰ ৩০ জন বিধায়ক অক্ষত আছে, কিন্তু বিষয়টো হ'ল তেওঁৰ [দুষ্মন্তৰ] বিধায়কসকল ইফালে সিফালে দৌৰি আছে। প্ৰথমতে, তেওঁ বিশ্লেষণ কৰা উচিত যে তেওঁৰ সকলো বিধায়ক অক্ষত আছে নে নাই... দুষ্মন্তই তেওঁৰ সকলো বিধায়কক ৰাজ্যপালৰ সন্মুখত উপস্থিত  কৰিলে ভাল হ'লহেঁতেন।"

ইপিনে জানিব পৰা মতে জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাৰ চাৰি জন বিধায়কে খট্টৰৰ সৈতে  ৰাজ্যিক মন্ত্ৰী মহিপাল ধাণ্ডাৰ বাসগৃহত মিলিত হয়। জননায়ক জনতা পাৰ্টিৰ (জেজেপি) চাৰিজন বিধায়কে দুপৰীয়া প্ৰায় ২ বজাত  খট্টৰ আৰু  ধাণ্ডাৰ সৈতে আধা ঘণ্টাৰ বৈঠকত অংশগ্ৰহণ কৰে। উক্ত চাৰি বিধায়কে বিজেপিক সমৰ্থন দিলে বিজেপিৰ চৰকাৰ খন ৰক্ষা পৰিব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু