--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাত তিনিজন নিৰ্দলীয় বিধায়কে বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছত নায়াব সিং চাইনী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ মাজতে  জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাৰ কেইজনমান বিধায়কে  বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰে। 

হাৰিয়ানাত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছক সমৰ্থন কৰিব বুলি ঘোষণা কৰাৰ এদিন পিছতে জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাই বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়লৈ বিধানসভাৰ  মজিয়াত আস্থাভোট  বিচাৰি পত্ৰ লিখিছে। ইফালে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা ভূপিন্দৰ সিং হুডাই চৌটালাৰ বক্তব্যৰ উত্তৰ দি কয়, "আমাৰ ৩০ জন বিধায়ক অক্ষত আছে, কিন্তু বিষয়টো হ'ল তেওঁৰ [দুষ্মন্তৰ] বিধায়কসকল ইফালে সিফালে দৌৰি আছে। প্ৰথমতে, তেওঁ বিশ্লেষণ কৰা উচিত যে তেওঁৰ সকলো বিধায়ক অক্ষত আছে নে নাই... দুষ্মন্তই তেওঁৰ সকলো বিধায়কক ৰাজ্যপালৰ সন্মুখত উপস্থিত  কৰিলে ভাল হ'লহেঁতেন।"

ইপিনে জানিব পৰা মতে জননায়ক জনতা পাৰ্টিৰ (জেজেপি) নেতা দুষ্মন্ত চৌটালাৰ চাৰি জন বিধায়কে খট্টৰৰ সৈতে  ৰাজ্যিক মন্ত্ৰী মহিপাল ধাণ্ডাৰ বাসগৃহত মিলিত হয়। জননায়ক জনতা পাৰ্টিৰ (জেজেপি) চাৰিজন বিধায়কে দুপৰীয়া প্ৰায় ২ বজাত  খট্টৰ আৰু  ধাণ্ডাৰ সৈতে আধা ঘণ্টাৰ বৈঠকত অংশগ্ৰহণ কৰে। উক্ত চাৰি বিধায়কে বিজেপিক সমৰ্থন দিলে বিজেপিৰ চৰকাৰ খন ৰক্ষা পৰিব বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ