ডিজিটেল ডেস্ক: এফালে বান আনফালে ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থা। এনে পৰিস্থিতিত ঋণেই হৈ পৰিছে ৰাজ্য চৰকাৰৰ প্ৰধান সম্বল। প্রতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে বানৰ মাজতে অহা চাৰি আগষ্টত পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে।
ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী ষ্টক নিলামৰ জৰিয়তে গ্রহণ কৰিবলগীয়া এই গুণৰ বাবে ৰিজার্ভ বেংকৰ ওচৰত প্রস্তাৱ দাখিল কৰিছে। ইফালে আগষ্ট মাহৰ পৰাই ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিকে ধৰি আন কেইবাখনো আঁচনি পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। এই সময়তে বানে কঁকাল ভাঙি পেলাইছে উজনি অসমৰ ৰাইজৰ। এনে পৰিস্থিতিত চলিত মাহত ৰাজ্য চৰকাৰখনক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন আহি পৰিছে।
উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষত ৰাজ্য চৰকাৰখনে মুঠ ৩০ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি যোৱা মে' মাহৰ পৰা এতিয়ালৈকে ৪৭০০ কোটি টকাৰ ঋণ লৈছে চৰকাৰখনে। খোদ ৰাজ্য চৰকাৰখনে প্রকাশ কৰা মতে, বিগত বর্ষৰ ৩১ মার্চলৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৬১,৭৬১ কোটি টকা। ইয়াৰ বিপৰীতে সম্প্রতি ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ দুই লাখ কোটিৰ ঘৰ স্পর্শ কৰাৰ দিশে গতি কৰিছে। তথ্য অনুসৰি ২০১৬চনৰ ৩১ মার্চ পর্যন্ত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা।
ইয়াৰ পাছত সর্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা বৃদ্ধি হৈ ২০২১ চনত ৮৯,৭০৯ কোটি টকা হৈছিল। কিন্তু ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি ড° হিমন্ত বিশ্ব শর্মাই ঋণ লোৱাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিলে যে ২০২১ চনৰ পৰা ২০২৫ চনলৈ অসম চৰকাৰৰ ঋণৰ বোজা হৈছেগৈ ১,৬১,৭৬১ কোটি টকা।
ইফালে আজিৰ তাৰিখত অসমৰ প্রতিজন নাগৰিকৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা প্রায় ৪২ হাজাৰ টকালৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামর্শ দিছে। কিন্তু এনে পৰামর্শক অলপো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰখনে। বৰঞ্চ প্রতিমাহে লোৱা ঋণৰ পৰিমাণ বৃদ্ধিহে কৰিছে। যাৰ ফলত অনাগত দিনত ঋণৰ বোজাত ৰাজ্যবাসীৰ কঁকাল বেঁকা হৈ পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে।
উৎস: দৈনিক জনমভূমি