--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১২ মে'ত দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুই লাখ নতুন নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল।

ডিজিটেল ডেস্ক: পুনৰ ২ লাখ নিৱনুৱাক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহৰ পৰা খালী পদৰ তথ্য দাখিলৰ সময়সীমা বান্ধি দিছে। উল্লেখযোগ্য যে ১২ মে'ত দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুই লাখ নতুন নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি, মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত টাস্ক ফর্চ গঠন হৈছিল। 


নতুন নিযুক্তিৰ বাবে গঠন হোৱা টাস্ক ফৰ্চৰ যোৱা ২৭ মে'ত অনুষ্ঠিত বৈঠকৰ কাৰ্যবিৱৰণীৰ পাছত কৰ্মচাৰী (খ) বিভাগে সকলো বিভাগৰ জ্যেষ্ঠ সচিবলৈ লিখা পত্ৰত বিভাগটোত থকা খালী পদৰ সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা ১৭ জুনৰ ভিতৰত প্ৰতিটো খালী পদৰ বিপৰীতে ন'ডেল বিভাগৰ নাম উল্লেখ কৰিবলৈ নির্দেশ দিয়া হৈছে। খালী পদৰ তথ্য লাভ কৰাৰ পাছতে ৰাজ্যত পুনৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। 


উল্লেখযোগ্য যে ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ যোৱা ৫ বছৰীয়া কাৰ্যকালত ৰাজ্যত ১.৬৪ লাখ নিযুক্তি সম্পন্ন হৈছিল। কার্যকালটোত এক লাখ নিযুক্তিহে লক্ষ্য লোৱা হৈছিল সেই লক্ষ্য অতিক্রম হৈছিল। প্ৰতিশ্রুতি অনুসৰি মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হোৱা টাস্ক ফৰ্চে চৰকাৰ গঠনৰ প্ৰথম মাহটোৰ পৰাই দুইলাখ অতিৰিক্ত কৰ্মচাৰীক চৰকাৰী সেৱাত যোগদানৰ বাবে চলোৱা প্ৰচেষ্টা আৰম্ভ হৈছে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?