--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুৱা পথত খোজ কাঢ়ি থকা অৱস্থাত যুৱতীগৰাকীক অচিনাক্ত দুৰ্বৃত্তই বলপূৰ্বকভাৱে উঠাই লৈ যায়। ঘটনাৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত আজি সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগৰৰ শান্তিপাৰা অঞ্চলৰ পি.এন. ৰোডৰ পৰা মৰ্ণিং ৱাকত ওলাই যোৱা এগৰাকী ১৮ বছৰীয়া যুৱতীক দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, পুৱা পথত খোজ কাঢ়ি থকা অৱস্থাত যুৱতীগৰাকীক অচিনাক্ত দুৰ্বৃত্তই বলপূৰ্বকভাৱে উঠাই লৈ যায়। ঘটনাৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় লোকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।


ইয়াৰ মাজতে, তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ এটা প্লেটফৰ্মত সন্দেহজনকভাৱে পৰি থকা এটা বস্তা দেখি এগৰাকী যাত্ৰীৰ সন্দেহ হয়। বস্তাটো পৰীক্ষা কৰি তেওঁ ভিতৰত এগৰাকী যুৱতীক আৱদ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে আৰু লগে লগে ৰেলৱে আৰক্ষী তথা স্থানীয় আৰক্ষীক খবৰ দিয়ে।


খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। উদ্ধাৰৰ পিছত তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।


বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু অপহৰণৰ সৈতে জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই আছে। এই ঘটনাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোৰ অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?