--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হীৰেন বৰাই শ্ৰেষ্ঠ পৰিচালক, যতীন খনিকৰে শ্রেষ্ঠ অভিনেতা, ৰ'দালি বৰাই শ্রেষ্ঠ অভিনেত্ৰী আৰু পাপু ডেকাই শ্রেষ্ঠ চিনেমাটোগ্ৰাফাৰ হিচাপে সন্মানিত হৈ অসমলৈ সুনাম কঢ়িয়াই আনে।

ডিজিটেল ডেস্কঃ কলকাতাত অনুষ্ঠিত দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলি উঠিল অসমীয়া চলচ্চিত্র 'বোর্খা-দ্য ভেইল'। কলকাতাত সামৰণি অনুষ্ঠানত এই মহোৎসৱৰ বঁটাসমূহ বিতৰণ কৰা হয়। দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত 'বোর্খা-দ্য ভেইল'-এ শ্রেষ্ঠ চলচ্চিত্র হিচাপে পুৰস্কৃত হয়।


লগতে হীৰেন বৰাই শ্ৰেষ্ঠ পৰিচালক, যতীন খনিকৰে শ্রেষ্ঠ অভিনেতা, ৰ'দালি বৰাই শ্রেষ্ঠ অভিনেত্ৰী আৰু পাপু ডেকাই শ্রেষ্ঠ চিনেমাটোগ্ৰাফাৰ হিচাপে সন্মানিত হৈ অসমলৈ সুনাম কঢ়িয়াই আনে।


কলকাতাত অনুষ্ঠিত এই চলচ্চিত্র মহোৎসৱত 'বোর্খা-দ্য ভেইল' চলচ্চিত্ৰখনে জুৰি আৰু দৰ্শকৰ সাধুবাদ পোৱাত পৰিচালক বৰা অত্যন্ত সুখী। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হীৰেন বৰাই পৰিচালনা কৰা 'বোর্খা-দ্য ভেইল' ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত তিনিটা দর্শনীত প্রদর্শিত হৈছিল।


জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, থার্ড আই এছিয়ান চলচ্চিত্র মহোৎসৱ, আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, এছিয়ান টেলেন্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ লগতে শ্রেষ্ঠ শিশু ছবিৰ জুৰিৰ বিশেষ বঁটাৰে পুৰস্কৃত হৈছে।


দাদা চাহেব ফাল্কে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নির্বাচিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান