--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হীৰেন বৰাই শ্ৰেষ্ঠ পৰিচালক, যতীন খনিকৰে শ্রেষ্ঠ অভিনেতা, ৰ'দালি বৰাই শ্রেষ্ঠ অভিনেত্ৰী আৰু পাপু ডেকাই শ্রেষ্ঠ চিনেমাটোগ্ৰাফাৰ হিচাপে সন্মানিত হৈ অসমলৈ সুনাম কঢ়িয়াই আনে।

ডিজিটেল ডেস্কঃ কলকাতাত অনুষ্ঠিত দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলি উঠিল অসমীয়া চলচ্চিত্র 'বোর্খা-দ্য ভেইল'। কলকাতাত সামৰণি অনুষ্ঠানত এই মহোৎসৱৰ বঁটাসমূহ বিতৰণ কৰা হয়। দুর্গাপুৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত 'বোর্খা-দ্য ভেইল'-এ শ্রেষ্ঠ চলচ্চিত্র হিচাপে পুৰস্কৃত হয়।


লগতে হীৰেন বৰাই শ্ৰেষ্ঠ পৰিচালক, যতীন খনিকৰে শ্রেষ্ঠ অভিনেতা, ৰ'দালি বৰাই শ্রেষ্ঠ অভিনেত্ৰী আৰু পাপু ডেকাই শ্রেষ্ঠ চিনেমাটোগ্ৰাফাৰ হিচাপে সন্মানিত হৈ অসমলৈ সুনাম কঢ়িয়াই আনে।


কলকাতাত অনুষ্ঠিত এই চলচ্চিত্র মহোৎসৱত 'বোর্খা-দ্য ভেইল' চলচ্চিত্ৰখনে জুৰি আৰু দৰ্শকৰ সাধুবাদ পোৱাত পৰিচালক বৰা অত্যন্ত সুখী। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে হীৰেন বৰাই পৰিচালনা কৰা 'বোর্খা-দ্য ভেইল' ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত তিনিটা দর্শনীত প্রদর্শিত হৈছিল।


জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, থার্ড আই এছিয়ান চলচ্চিত্র মহোৎসৱ, আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, এছিয়ান টেলেন্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ লগতে শ্রেষ্ঠ শিশু ছবিৰ জুৰিৰ বিশেষ বঁটাৰে পুৰস্কৃত হৈছে।


দাদা চাহেব ফাল্কে আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শনৰ বাবেও নির্বাচিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ