--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ১৫ জুলাইৰ সন্ধিয়া মুম্বাইৰ ৰিলায়েন্স হাস্পতালত স্বাভাৱিক প্ৰসৱৰ জৰিয়তে শিশুটিৰ জন্ম হয়

ডিজিটেল ডেস্ক: বৈবাহিক জীৱনৰ দুটা বছৰৰ মূৰত চেলিব্ৰিটি দম্পত্তি কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ জীৱনলৈ আহিছে ভাল খবৰ ।


প্ৰথম বাৰৰ বাবে এগৰাকী মৰমলগা কন্যা সন্তানৰ মুখ দেখিলে বলীউডৰ এই দুই তাৰকাই ।


এক প্ৰতিবেদন অনুসৰী, যোৱা ১৫ জুলাইৰ সন্ধিয়া মুম্বাইৰ ৰিলায়েন্স হাস্পতালত স্বাভাৱিক প্ৰসৱৰ জৰিয়তে শিশুটিৰ জন্ম হয়।


খবৰটিয়ে তেওঁলোকৰ পৰিয়াললৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। নাতিনীয়েকৰ আগমনৰ উদযাপন কৰি চিকিৎসালয়ত দেখা গ’ল সিদ্ধাৰ্থৰ পিতৃ-মাতৃক। ইনষ্টাগ্ৰামত আনুষ্ঠানিক ভাৱে এই খবৰটো ঘোষণা কৰি হৃদয়ৰ আনন্দৰ বহিপ্ৰকাশ কৰে দম্পত্তিহালে। অভিনেতাগৰাকীয়ে পোষ্টটোত লিখিছে, "কন্যা সন্তান প্ৰাপ্তীৰে আমাৰ হৃদয় আনন্দৰে ভৰি পৰিছে, আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে সলনি হৈছে, আমি এগৰাকী কন্যা সন্তানৰ সৈতে ধন্য হৈছো। কিয়াৰা আৰু সিদ্ধাৰ্থ।"


উল্লেখ্য যে ফেব্ৰুৱাৰী ২০২৫ত শ্বেৰ শ্বাহৰ তাৰকাসকলে এটা মৰমলগা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। ছৱিখনত কিয়াৰা আৰু সিদ্ধাৰ্থৰ হাতত সৰু সৰু মোজা দেখা গৈছে। ফটোখনৰ কেপচনত কিয়াৰাই লিখিছিল, "আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। অতি সোনকালে আহি আছে।"


অৱশেষত ১৫ জুলাইত সিদ্ধাৰ্থ-কিয়াৰা এগৰাকী মৰমলগা কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু