--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ১৫ জুলাইৰ সন্ধিয়া মুম্বাইৰ ৰিলায়েন্স হাস্পতালত স্বাভাৱিক প্ৰসৱৰ জৰিয়তে শিশুটিৰ জন্ম হয়

ডিজিটেল ডেস্ক: বৈবাহিক জীৱনৰ দুটা বছৰৰ মূৰত চেলিব্ৰিটি দম্পত্তি কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ জীৱনলৈ আহিছে ভাল খবৰ ।


প্ৰথম বাৰৰ বাবে এগৰাকী মৰমলগা কন্যা সন্তানৰ মুখ দেখিলে বলীউডৰ এই দুই তাৰকাই ।


এক প্ৰতিবেদন অনুসৰী, যোৱা ১৫ জুলাইৰ সন্ধিয়া মুম্বাইৰ ৰিলায়েন্স হাস্পতালত স্বাভাৱিক প্ৰসৱৰ জৰিয়তে শিশুটিৰ জন্ম হয়।


খবৰটিয়ে তেওঁলোকৰ পৰিয়াললৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। নাতিনীয়েকৰ আগমনৰ উদযাপন কৰি চিকিৎসালয়ত দেখা গ’ল সিদ্ধাৰ্থৰ পিতৃ-মাতৃক। ইনষ্টাগ্ৰামত আনুষ্ঠানিক ভাৱে এই খবৰটো ঘোষণা কৰি হৃদয়ৰ আনন্দৰ বহিপ্ৰকাশ কৰে দম্পত্তিহালে। অভিনেতাগৰাকীয়ে পোষ্টটোত লিখিছে, "কন্যা সন্তান প্ৰাপ্তীৰে আমাৰ হৃদয় আনন্দৰে ভৰি পৰিছে, আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে সলনি হৈছে, আমি এগৰাকী কন্যা সন্তানৰ সৈতে ধন্য হৈছো। কিয়াৰা আৰু সিদ্ধাৰ্থ।"


উল্লেখ্য যে ফেব্ৰুৱাৰী ২০২৫ত শ্বেৰ শ্বাহৰ তাৰকাসকলে এটা মৰমলগা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। ছৱিখনত কিয়াৰা আৰু সিদ্ধাৰ্থৰ হাতত সৰু সৰু মোজা দেখা গৈছে। ফটোখনৰ কেপচনত কিয়াৰাই লিখিছিল, "আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ। অতি সোনকালে আহি আছে।"


অৱশেষত ১৫ জুলাইত সিদ্ধাৰ্থ-কিয়াৰা এগৰাকী মৰমলগা কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ