--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৯৮৮ চনৰ এটা গোচৰত এবছৰৰ কাৰাদণ্ড বিহা হল নৱজ্যোৎ সিং সিদ্ধুক। উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰাৰ পাছতে তীব্ৰ চৰ্চা চলিছে দেশজুৰি। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে সিদ্ধুক নিজৰ জিম্মাত লব পঞ্জাব আৰক্ষীয়ে। ইয়াৰ পূ্ৰ্বে সিদ্ধুক ১০০০ টকা জৰিমনা বিহা হৈছিল। কিন্তু আজি তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩২৩নং ধাৰা অনুসৰি তেওঁক সৰ্বোচ্চ শাস্তি বিহা হৈছে। সিদ্ধুৰ দৰে এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ তথা এগৰাকী চৰ্চিত ৰাজনীতিকে কিহৰ বাবে এই শাস্তি ভোগ কৰিবলগীয়া হ? কি আছিল সিদ্ধুৰ বিৰুদ্ধে গোচৰ?

 

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজ্যোৎ সিং সিদ্ধু আৰু ৰূপিন্দৰ সিং সিদ্ধুৱে পাটিয়ালাৰ শ্বেৰাৱালা গেট-ক্ৰছিঙত মাজ ৰাস্তাতে তেওঁলোকৰ জীপচীখন পাৰ্ক কৰিছিল। সেই সময়তে তাত উপস্থিত হৈছিল ৬৫ বছৰীয়া গুৰনাম সিং। এখন গাড়ীৰে অহা গুৰনামে সিদ্ধুক তেওঁৰ জীপচীখন আঁতৰ কৰিবলৈ অনুৰোধ জনায়। কিন্তু তাকে নকৰি সিদ্ধুৱে লোকজনক প্ৰহাৰ কৰে। তেওঁ আনকি এই কাৰ্য সংঘটিত কৰাৰ পাছতে তাৰ পৰা আঁতৰি যোৱাৰ সময়ত সিঙৰ গাড়ীৰ চাবিও কাঢ়ি লয় যাতে তেওঁ কোনো চিকিৎসা সেৱা লাভ কৰিব নোৱাৰে।

 

 

১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত সিদ্ধুক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। কিন্তু ২০০৬ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়লয়ে সিদ্ধু আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অনিচ্ছাকৃত হত্যাবুলি আখ্যা দিয়ে যাক অন্য হত্যাৰ সমপৰ্যায়ৰ নহয় বুলি বিবেচনা কৰা হয়। নৱজ্যোৎ আৰু ৰূপিন্দৰৰ ওপৰত এক লাখলৈ টকাৰ জৰিমনা আৰোপ কৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে।

 

কিন্তু দুই সিদ্ধুৱে উচ্চতন ন্যায়ালয়ত পাছত এই ৰায়ক প্ৰত্যাহ্বান জনায়। বিভিন্ন প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি সিদ্ধুৱে দাবী কৰিছিল যে, তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰমাণবোৰ পৰস্পৰবিৰোধী আৰু মেডিকেল ৰিপৰ্ট আছিল অতি অস্পষ্ট।

 

২০০৭ চনত ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰি দিয়া ৰায় স্থগিত ৰাখে।

 

২০১৮ চনৰ ১৫ মেত উচ্চতম ন্যায়ালয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৩২৩ নং আৰু ৩০৪ নং ধাৰাত দোষী সাব্যস্ত কৰে। এই ধাৰা দুটা ইচ্ছাকৃতভাৱে আঘাত কৰা আৰু অনিচ্ছাকৃত হত্যাৰ অভিযোগত আৰোপ কৰা হৈছিল।

 

২০১৮ চনৰ ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণৰ বাবে প্ৰস্তুত হয়।

 

২০২২ চনৰ ২৫ মাৰ্চত এই পুনৰীক্ষণ আবেদনৰ ৰায় সংৰক্ষিত কৰি ৰাখে।

 

২০২২ চনৰ ১৯ মেঅৰ্থাৎ আজিৰ দিনটোত সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস