--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ১৯৮৮ চনৰ এটা গোচৰত এবছৰৰ কাৰাদণ্ড বিহা হল নৱজ্যোৎ সিং সিদ্ধুক। উচ্চতম ন্যায়ালয়ে এই ৰায়দান কৰাৰ পাছতে তীব্ৰ চৰ্চা চলিছে দেশজুৰি। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে সিদ্ধুক নিজৰ জিম্মাত লব পঞ্জাব আৰক্ষীয়ে। ইয়াৰ পূ্ৰ্বে সিদ্ধুক ১০০০ টকা জৰিমনা বিহা হৈছিল। কিন্তু আজি তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩২৩নং ধাৰা অনুসৰি তেওঁক সৰ্বোচ্চ শাস্তি বিহা হৈছে। সিদ্ধুৰ দৰে এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ তথা এগৰাকী চৰ্চিত ৰাজনীতিকে কিহৰ বাবে এই শাস্তি ভোগ কৰিবলগীয়া হ? কি আছিল সিদ্ধুৰ বিৰুদ্ধে গোচৰ?

 

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজ্যোৎ সিং সিদ্ধু আৰু ৰূপিন্দৰ সিং সিদ্ধুৱে পাটিয়ালাৰ শ্বেৰাৱালা গেট-ক্ৰছিঙত মাজ ৰাস্তাতে তেওঁলোকৰ জীপচীখন পাৰ্ক কৰিছিল। সেই সময়তে তাত উপস্থিত হৈছিল ৬৫ বছৰীয়া গুৰনাম সিং। এখন গাড়ীৰে অহা গুৰনামে সিদ্ধুক তেওঁৰ জীপচীখন আঁতৰ কৰিবলৈ অনুৰোধ জনায়। কিন্তু তাকে নকৰি সিদ্ধুৱে লোকজনক প্ৰহাৰ কৰে। তেওঁ আনকি এই কাৰ্য সংঘটিত কৰাৰ পাছতে তাৰ পৰা আঁতৰি যোৱাৰ সময়ত সিঙৰ গাড়ীৰ চাবিও কাঢ়ি লয় যাতে তেওঁ কোনো চিকিৎসা সেৱা লাভ কৰিব নোৱাৰে।

 

 

১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত সিদ্ধুক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। কিন্তু ২০০৬ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়লয়ে সিদ্ধু আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অনিচ্ছাকৃত হত্যাবুলি আখ্যা দিয়ে যাক অন্য হত্যাৰ সমপৰ্যায়ৰ নহয় বুলি বিবেচনা কৰা হয়। নৱজ্যোৎ আৰু ৰূপিন্দৰৰ ওপৰত এক লাখলৈ টকাৰ জৰিমনা আৰোপ কৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে।

 

কিন্তু দুই সিদ্ধুৱে উচ্চতন ন্যায়ালয়ত পাছত এই ৰায়ক প্ৰত্যাহ্বান জনায়। বিভিন্ন প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি সিদ্ধুৱে দাবী কৰিছিল যে, তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰমাণবোৰ পৰস্পৰবিৰোধী আৰু মেডিকেল ৰিপৰ্ট আছিল অতি অস্পষ্ট।

 

২০০৭ চনত ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰি দিয়া ৰায় স্থগিত ৰাখে।

 

২০১৮ চনৰ ১৫ মেত উচ্চতম ন্যায়ালয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৩২৩ নং আৰু ৩০৪ নং ধাৰাত দোষী সাব্যস্ত কৰে। এই ধাৰা দুটা ইচ্ছাকৃতভাৱে আঘাত কৰা আৰু অনিচ্ছাকৃত হত্যাৰ অভিযোগত আৰোপ কৰা হৈছিল।

 

২০১৮ চনৰ ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণৰ বাবে প্ৰস্তুত হয়।

 

২০২২ চনৰ ২৫ মাৰ্চত এই পুনৰীক্ষণ আবেদনৰ ৰায় সংৰক্ষিত কৰি ৰাখে।

 

২০২২ চনৰ ১৯ মেঅৰ্থাৎ আজিৰ দিনটোত সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী