--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন পুৰাতাত্ত্বিক জৰীপ বিষয়াৰ আজব দাবী। সম্প্ৰতি দেশৰ প্ৰাচীন কীৰ্তি-চিহ্নসমূহত হিন্দুত্ববাদী ৰহন সনাৰ এক নৱ জোৱাৰ উঠিছে। বিশেষকৈ মোগল সাম্ৰাজ্য তথা মুছলমান শাসক গোষ্ঠীয়ে নিৰ্মাণ কৰা পৌৰাণিক সমলসমূহত হিন্দুত্বৰ আধাৰ জাপি দিয়াৰ ধুম উঠিছে দেশৰ হিন্দুত্ববাদী মহলত।

দেশৰ বিভিন্ন প্ৰান্তত মুছলমানসকলৰ উপাসনাথলী মছজিদে মছজিদে হিন্দুৰ মঠ-মন্দিৰৰ অৱশিষ্ট উদ্ধাৰ প্ৰক্ৰিয়াত নামি পৰিছে একাংশ হিন্দুত্ববাদী গোট। শেহতীয়াকৈ বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিংগ উদ্ধাৰ কৰা বুলি দাবী উত্থাপন হৈছে।

এনে সময়তে এইবাৰ বিতৰ্কৰ শিৰোনামলৈ আহিছে দিল্লীৰ কুতুব মিনাৰ। ইতিহাসৰ প্ৰতি পাঠ্যপুথিতে এই বিখ্যাত স্মাৰক কুতুব মিনাৰ কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰা বুলিয়েই সন্নিৱিষ্ট হৈ আহিছে। পিছে শেহতীয়াকৈ অহা এক দাবী অনুসৰি এই তথ্য ভুল।

এই দাবী অনুসৰি কুতুবুদ্দিন আইবাকে নহয়, ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ। এই দাবী কৰিছে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ এজন প্ৰাক্তন বিষয়াই। 

ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ৰ প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰমবীৰ শৰ্মাই দাবী কৰিছে যে ৰাজা বিক্ৰমাদিত্যই সূৰ্যৰ দিশ অধ্যয়ন কৰিবলৈ কুতুব মিনাৰ নিৰ্মাণ কৰিছিল।

‘ইয়াৰ নাম প্ৰকৃততে কুতুব মিনাৰ নহয়, ই সুৰ্যৰ দিশ নিৰ্ধাৰণৰ বাবে নিৰ্মাণ কৰা এটা চান টাৱাৰহে। পঞ্চম শতিকাত ৰাজা বিক্ৰমাদিত্যই এই টাৱাৰ নিৰ্মাণ কৰিছিল, কুতুবুদ্দিন আইবাকে নহয়।’- বুলি শৰ্মাই কয়। আনকি এই সন্দৰ্ভত তেওঁৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ আছে বুলিও তেওঁ দাবী কৰে। 

‘কুতুব মিনাৰ টাৱাৰটো ২৫ ইঞ্চি হেলনীয়া। ইয়াৰ কাৰণ হৈছে সূৰ্য পৰ্যবেক্ষণ কৰিবলৈ এই টাৱাৰটো প্ৰস্তুত কৰা হৈছিল আৰু সেয়েহে ২১ জুনত এটা বিশেষ ক্ষণত সূৰ্যৰ ছাঁটো কমেও আধা ঘণ্টাৰ বাবে সেই স্থানত নপৰে। এয়া বিজ্ঞান আৰু পুৰাতাত্ত্বিক সত্য।’— বুলিও তেওঁ লগতে কয়।

এনে তথ্যৰ আধাৰত তেওঁ কুতুব মিনাৰ বুলি নামকৰণ কৰা এই টাৱাৰটোক এক স্বতন্ত্ৰ গাঁথনি আৰু ইয়াৰ কাষৰ মছজিদৰ সৈতে ই কোনো প্ৰকাৰে সম্পৰ্কিত নহয় বুলি দাবী কৰে। আনকি তেওঁ কয় যে, কুতুব মিনাৰৰ দুৱাৰখনো উত্তৰদিশে মুখ কৰি আছে। ৰাতিৰ আকাশত ধ্ৰুৱ তৰাটো চাবলৈয়ে এইদৰে এই টাৱাৰটো নিৰ্মাণ কৰা বুলি তেওঁ যুক্তি দিয়ে।

অৱশ্যে কুতুব মিনাৰক লৈ এইবাৰেই প্ৰথম বিতৰ্কৰ সূত্ৰপাত হৈছে এনে নহয়। ইতিপূৰ্বে বিগত এপ্ৰিলত বিশ্ব হিন্দু পৰিষদৰ এজন মুখপাত্ৰই কুতুব মিনাৰ প্ৰকৃততে এক 'বিষ্ণু স্তম্ভ' আছিল বুলি দাবী কৰিছিল। ২৭ টা হিন্দু-জৈন মন্দিৰ ভাঙি পেলোৱাৰ পাছত হিন্দু সম্প্ৰদায়ক অপমান কৰিবলৈ সেই স্থানত কুতুব মিনাৰ নিৰ্মাণ কৰিছিল বুলি তেওঁ দাবী কৰে।

তাৰ পূৰ্বেও যোৱা বৰ্ষৰ শেষৰ ফালে কুতুব মিনাৰৰ ভিতৰত জৈন দেৱতা তীৰ্থংকৰ ভগৱান ঋষভ দেৱ আৰু হিন্দু দেৱতা ভগৱান বিষ্ণুৰ নামত উপাসনা কৰাৰ অধিকাৰ বিচাৰি একাংশ হিন্দুত্বাদীয়ে আদালতত আৱেদন দাখিল কৰিছিল।

আবেদনত হিন্দুত্ববাদীসকলে দাবী কৰিছিল যে মহম্মদ গৌৰীৰ সেনাপতি কুতুবুদ্দিন আইবাকে হিন্দু আৰু জৈন ধৰ্মৰ ২৭ টা মন্দিৰ ধ্বংস কৰি কুৱাত-উল-ইছলাম মছজিদ নিৰ্মাণ কৰিছিল। গতিকে হিন্দু-জৈন ধৰ্মৰ দেৱতাসকলক পুনৰুদ্ধাৰ কৰি কুটুব মিনাৰৰ ভিতৰত প্ৰাৰ্থনাৰ অধিকাৰ প্ৰদান কৰিব লাগে।

অৱশ্যে দিল্লীৰ এক স্থানীয় আদালতে এই আৱেদন নাকচ কৰিছিল আৰু অতীতৰ অন্যায়ৰ আধাৰত বৰ্তমান আৰু ভৱিষ্যতৰ শান্তি বিঘ্নিত কৰাৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে বুলি শুনানিত উল্লেখ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ