--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ অপৰাধত ছিংগাপুৰত মৃত্যুদণ্ড বিহা হৈছে এজন ভাৰতীয় মূলৰ লোকক। ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পাইয়া নামৰ এই লোকজনক ২০১৮ চনত ড্ৰাগছ সৰবৰাহৰ অপৰাধত দোষী সাব্যষ্ট কৰা হৈছিল। তাৰপাছতে মৃত্যুদণ্ড বিহা হয়।  বুধবাৰে তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা।

দেওবাৰে টাংগাৰাজৰ পৰিয়ালে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰি ৰায়টোৰ পুনৰ বিচাৰৰ আহ্বান জনায়। কিন্তু আদালতে মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখিছে।

টাংগাৰাজু এগৰাকী তামিল লোক। তেওঁৰ ভগ্নী লীলাৱতী চুপ্পাইয়াই সাংবাদিকৰ আগত কয়- “আমি নাভাবো যে মোৰ ভাইটিৰ ন্যায়সংগত বিচাৰ হৈছে।’’

উল্লেখ্য যে ২০১৭ চনত টাংগাৰাজুক এক কিলোগ্ৰাম ভাং সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। দেশখনৰ কঠোৰ ড্ৰাগছ আইন অনুসৰি মৃত্যুদণ্ডৰ নূন্যতম শাস্তিৰ পৰিমাণৰ দুগুণ আছিল এইখিনি ভাং।

মানৱ অধিকাৰ কৰ্মীসকলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে এই গোচৰত বহু সুৰুঙা আছে আৰু টাংগাৰাজুৱে কেতিয়াও ড্ৰাগছ ব্যৱহাৰ কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস