--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ অপৰাধত ছিংগাপুৰত মৃত্যুদণ্ড বিহা হৈছে এজন ভাৰতীয় মূলৰ লোকক। ৪৬ বছৰীয়া টাংগাৰাজু চুপ্পাইয়া নামৰ এই লোকজনক ২০১৮ চনত ড্ৰাগছ সৰবৰাহৰ অপৰাধত দোষী সাব্যষ্ট কৰা হৈছিল। তাৰপাছতে মৃত্যুদণ্ড বিহা হয়।  বুধবাৰে তেওঁৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ কথা।

দেওবাৰে টাংগাৰাজৰ পৰিয়ালে ছিংগাপুৰ কৰ্তৃপক্ষৰ পৰা ক্ষমা বিচাৰি ৰায়টোৰ পুনৰ বিচাৰৰ আহ্বান জনায়। কিন্তু আদালতে মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখিছে।

টাংগাৰাজু এগৰাকী তামিল লোক। তেওঁৰ ভগ্নী লীলাৱতী চুপ্পাইয়াই সাংবাদিকৰ আগত কয়- “আমি নাভাবো যে মোৰ ভাইটিৰ ন্যায়সংগত বিচাৰ হৈছে।’’

উল্লেখ্য যে ২০১৭ চনত টাংগাৰাজুক এক কিলোগ্ৰাম ভাং সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। দেশখনৰ কঠোৰ ড্ৰাগছ আইন অনুসৰি মৃত্যুদণ্ডৰ নূন্যতম শাস্তিৰ পৰিমাণৰ দুগুণ আছিল এইখিনি ভাং।

মানৱ অধিকাৰ কৰ্মীসকলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে এই গোচৰত বহু সুৰুঙা আছে আৰু টাংগাৰাজুৱে কেতিয়াও ড্ৰাগছ ব্যৱহাৰ কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন