--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় তিনি ঘণ্টাৰ পথ। কিন্তু পলম হ’লে নহ’ব। কন্যাক সময়মতে ঘৰলৈ নিব লাগে। গতিকে দেউতাকে এখন  বিমানকে ভাড়া কৰিলে। তিনি ঘণ্টা যাত্ৰাৰ সলনি মাত্ৰ ৫০ মিনিট সময় লাগিল ঘৰ পাওঁতে।

চীনৰ আনহুই প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। চীনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকজনৰ নাম ৱাং। শেহতীয়াকৈ তেওঁ লুনাৰ নিউ ইয়েৰ উপলক্ষে নিজৰ কন্যাক ঘৰলৈ পঠিয়াইছিল। কিন্তু উৎসৱৰ বাবেই ৰাজপথত যান-জঁটৰ সম্ভাৱনা আছিল। গাড়ীৰে গন্তব্য স্থান পাবলৈ দেৰি হ’লহেঁতেন৷ কন্যাৰ উৎসৱ উদযাপনত কোনো পলম হোৱাটো বিচৰা নাছিল পিতৃয়ে। সেয়ে জীয়েকৰ যাত্ৰাৰ বাবে এখন বিমানকে ভাড়াত লৈছিল।

ৱাঙে নিজৰ সাত বছৰীয়া ছোৱালীজনী ঘৰলৈ যাবলৈ এখন সৰু বিমান ভাড়া কৰি লৈছিল। ইয়াত দুজন মানুহৰ বাবে বহিব পৰা ঠাই আছিল। তেওঁ কয় যে তেওঁ বিমানখন ভাড়াত দিবলৈ ১১ লাখ ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ২৯ লাখ টকা) খৰচ কৰিছিল। ভৰপূৰ ইন্ধনৰ টেংকত এই বিমানখনে ১২০০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে। ৱাঙে লগতে কয় যে এই বিমানখনে তেওঁক কমেও দুঘণ্টা ৰক্ষা কৰিলে।

সমগ্ৰ চীনত চন্দ্ৰ নৱবৰ্ষৰ উৎসৱমুখৰ আমেজ। বহু লোকে নিজৰ আপোনজনৰ সৈতে মিলি এই উৎসৱ উদযাপন কৰিবলৈ দেশৰ ইমূৰৰ পৰা আনটো মূৰলৈ পাৰ হৈ আহিছে। বাঢ়িছে পথ যাতায়ত। লগতে যান-জঁটৰ সৃষ্টি হৈছে। গ্ল’বেল টাইমছৰ তথ্য অনুসৰি যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ চীনত এদিনতে ১৮৭৩খন অতিৰিক্ত যাত্ৰীবাহী ৰে’ল চলোৱা হৈছে। ৱাঙে কন্যাক ঘৰলৈ আনিবলৈ বিমান চাৰ্টাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ