--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় তিনি ঘণ্টাৰ পথ। কিন্তু পলম হ’লে নহ’ব। কন্যাক সময়মতে ঘৰলৈ নিব লাগে। গতিকে দেউতাকে এখন  বিমানকে ভাড়া কৰিলে। তিনি ঘণ্টা যাত্ৰাৰ সলনি মাত্ৰ ৫০ মিনিট সময় লাগিল ঘৰ পাওঁতে।

চীনৰ আনহুই প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। চীনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকজনৰ নাম ৱাং। শেহতীয়াকৈ তেওঁ লুনাৰ নিউ ইয়েৰ উপলক্ষে নিজৰ কন্যাক ঘৰলৈ পঠিয়াইছিল। কিন্তু উৎসৱৰ বাবেই ৰাজপথত যান-জঁটৰ সম্ভাৱনা আছিল। গাড়ীৰে গন্তব্য স্থান পাবলৈ দেৰি হ’লহেঁতেন৷ কন্যাৰ উৎসৱ উদযাপনত কোনো পলম হোৱাটো বিচৰা নাছিল পিতৃয়ে। সেয়ে জীয়েকৰ যাত্ৰাৰ বাবে এখন বিমানকে ভাড়াত লৈছিল।

ৱাঙে নিজৰ সাত বছৰীয়া ছোৱালীজনী ঘৰলৈ যাবলৈ এখন সৰু বিমান ভাড়া কৰি লৈছিল। ইয়াত দুজন মানুহৰ বাবে বহিব পৰা ঠাই আছিল। তেওঁ কয় যে তেওঁ বিমানখন ভাড়াত দিবলৈ ১১ লাখ ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ২৯ লাখ টকা) খৰচ কৰিছিল। ভৰপূৰ ইন্ধনৰ টেংকত এই বিমানখনে ১২০০ কিলোমিটাৰ যাত্ৰা কৰিব পাৰে। ৱাঙে লগতে কয় যে এই বিমানখনে তেওঁক কমেও দুঘণ্টা ৰক্ষা কৰিলে।

সমগ্ৰ চীনত চন্দ্ৰ নৱবৰ্ষৰ উৎসৱমুখৰ আমেজ। বহু লোকে নিজৰ আপোনজনৰ সৈতে মিলি এই উৎসৱ উদযাপন কৰিবলৈ দেশৰ ইমূৰৰ পৰা আনটো মূৰলৈ পাৰ হৈ আহিছে। বাঢ়িছে পথ যাতায়ত। লগতে যান-জঁটৰ সৃষ্টি হৈছে। গ্ল’বেল টাইমছৰ তথ্য অনুসৰি যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ চীনত এদিনতে ১৮৭৩খন অতিৰিক্ত যাত্ৰীবাহী ৰে’ল চলোৱা হৈছে। ৱাঙে কন্যাক ঘৰলৈ আনিবলৈ বিমান চাৰ্টাৰ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা