--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৰখপুৰত দোহৰিঘাট-বৰহলগঞ্জ দলঙৰ সমীপত এখন ট্ৰাক বেয়া যোৱাৰ ফলত পাটনা ছেক্সনত এক বৃহৎ যান-জঁটৰ সৃষ্টি হয়। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত ট্ৰাকখন পথৰ পৰা আঁতৰাই নিয়াৰ বাবে কোনো প্ৰচেষ্টা নকৰিলে, যাৰ বাবে ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ল। শনিবাৰে বিয়লি ৩:০০ বজাৰ পৰা দেওবাৰে সন্ধিয়ালৈকে ৩০ ঘণ্টীয়া জাম হয়। ট্ৰেফিক জামত আবদ্ধ হৈ পৰাজন বাহিৰলৈ ওলাই যাব পৰা নাছিল। 

এই জামৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত চিল্লু পাৰৰ বিধায়ক ৰাজেশ ত্ৰিপাঠীয়ে জিলা দণ্ডাধীশ কৃষ্ণ কৰুনেশ আৰু আৰক্ষী অধীক্ষক ডাঃ গৌৰৱ গ্ৰ’ভাৰৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছত সেই স্থানত উপস্থিত হোৱা বিষয়াসকলে লগে লগে তাৰ পৰা ট্ৰাকখন আঁতৰাই পথ মুকলি কৰি দিয়ে। দুদিন ধৰি যান-জঁটৰ মাজত আবদ্ধ হৈ থাকিল মানুহ। ৰাজপথত ইমানেই জাম হ’ল যে প্ৰতিজন সাধাৰণ আৰু বিশেষ ব্যক্তিয়ে ইয়াৰ সৈতে যুঁজি থকা দেখা গ’ল। 

যান-জঁটৰ বাবে ৰাস্তাত দুদিন ধৰি ফঁচি থাকিল এজন দৰা। বিবাহস্থলীত উপস্থিত হবলৈ কোনোৱে ষ্টীমাৰৰ সহায় ল’বলগীয়া হৈছিল আৰু কোনোৱে বাইকৰ আশ্ৰয় ল’বলগীয়া হৈছিল। এই অৱস্থাত দৰাঘৰীয়াই আটাইতকৈ বেছি কষ্ট পাইছিল যদিও কইনা আৰু তেওঁৰ পৰিয়ালতো দুখৰ ছাঁই বিৰাজ কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক