--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক দৃষ্টিনন্দন দৃশ্য! ছিকিমৰ পাংগালোখা বন্যপ্ৰাণী অভয়াৰণ্যত ৩,৬৪০ মিটাৰ উচ্চতাত দেখা গ’ল ৰয়েল বেংগল টাইগাৰ । যোৱা ১০ ডিচেম্বৰত বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ ট্ৰেপ কেমেৰাত বন্দী হোৱা এই দৃশ্য অভয়াৰণ্যখনৰ বাবে এক ঐতিহাসিক পৰিঘটনা।


ছিকিম, বংগ, ভূটানৰ ত্ৰি-সংযোগস্থলত থকা পাংগালোখা বন্যপ্ৰাণী অভয়াৰণ্যখনে বিশাল ১২৮ বৰ্গ কিলোমিটাৰ বিস্তৃত হৈ আছে, যাৰ ফলত এইখন ছিকিমৰ আটাইতকৈ ডাঙৰ বন্যপ্ৰাণী অভয়াৰণ্য। ছিকিম বন বিভাগৰ সহযোগত বিএনএইচএছৰ দলটোৱে "মধ্য এছিয়ান ফ্লাইৱে (চিএএফ)ৰ ভিতৰত প্ৰব্ৰজন কৰা চৰাইৰ বাসস্থান সুৰক্ষিত কৰিবলৈ তিনিখন হিমালয়ৰ ৰাজ্যৰ পাঁচটা জলাশয় সংৰক্ষণ আৰু ব্যৱহাৰ"ৰ অংশ হিচাপে তেওঁলোকৰ জৈৱ বৈচিত্ৰ্যৰ মূল্যায়নৰ সময়ত এই অসাধাৰণ পৰিঘটনা বন্দী কৰে৷


উল্লেখ্য যে, জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ পাংগালোখা বন্যপ্ৰাণী অভয়াৰণ্যত ৰঙা পাণ্ডা, নাহৰফুটুকী, হিমালয়ৰ কস্তুৰী হৰিণ, হিমালয়ৰ গোৰাল, হিমালয়ৰ ক’লা ভালুক আদি বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান। ভূটানৰ বনাঞ্চল আৰু পশ্চিম বংগৰ নিওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানক সংযোগ কৰি পূব ছিকিম জিলাত অভয়াৰণ্যখন অৱস্থিত হৈ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক