--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুন্ধতি ৰয়ৰ বিৰুদ্ধে ৰুজো হৈছে নতুন গোচৰ। কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যায়াধীশ হিৰণ্ময় ভট্টাচাৰ্যৰ বিভাগীয় বিচাৰপীঠে লেখিকা অৰুন্ধতী ৰায়ৰ বিৰুদ্ধে গোচৰৰ সকলো পক্ষকে জাননী দিয়াৰ নিৰ্দেশ দিয়ে। আবেদনকাৰীৰ অভিযোগ অনুসৰি লেখকে নিজৰ টুইটাৰ হেণ্ডেলত (বৰ্তমান এক্স) অৰুন্ধতী ভাৰতবৰ্ষক ‘হিন্দু ফেচিষ্ট এণ্টাৰপ্ৰাইজ’ বুলি অভিহিত কৰিছিল। সেই মন্তব্য মচি পেলাবলৈ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে আবেদনকাৰী মিতা বেনাৰ্জীয়ে।

ভাৰতৰ নাগৰিক হিচাপে অৰুন্ধতীৰ এনে মন্তব্য তেওঁৰ বাবে ‘দুখজনক’ বুলি দাবী কৰিছে বেনাৰ্জীয়ে। তেওঁৰ মতে গণতন্ত্ৰ অনুসৰি ভাৰত চৰকাৰ গঠন কৰা হয়। মানুহে ভোট দি চৰকাৰ বাছি লয়। ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। আবেদনকাৰীয়ে অভিযোগ কৰে যে লেখিকা অৰুন্ধতী কেৱল পোষ্ট কৰিয়ে ক্ষান্ত হোৱা নাছিল, তেওঁ পশ্চিম এছিয়াৰ সংবাদ মাধ্যম আল জাজিৰাক সাক্ষাৎকাৰ দিছিল। মিতাৰ দাবী যে আল জাজিৰা হৈছে নিহত আল কায়দাৰ নেতা ওছামা বিন লাডেনৰ চেনেল।

উচ্চ ন্যায়ালয়ত আবেদনকাৰীয়ে কয় যে অভিনেতা প্ৰকাশ ৰাজেও অৰুন্ধতীৰ দৰেই কথা কৈছিল। আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশে সুধিলে, "দিল্লী উচ্চ ন্যায়ালয়লৈ কিয় নাযালা? " তেওঁ লগতে পৰ্যবেক্ষণ কৰে যে সেই সাক্ষাৎকাৰটো বহু আগতেই কৰা হৈছিল। তাৰ লগতে বিভাগীয় বিচাৰপীঠে কয় যে এতিয়া টুইটাৰৰ নাম সলনি কৰি এক্স হেণ্ডেললৈ পৰিণত হৈছে। ফলত নতুন জাননী লৈ আহিবলৈ নিৰ্দেশ দিলে।

প্ৰসংগক্ৰমে ২০১০ চনত জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাৰ সমৰ্থনৰ অভিযোগ উত্থাপন কৰি অৰুন্ধতী আৰু দিল্লীৰ অধ্যাপক শৌকত হুছেইনৰ বিৰুদ্ধে চলিত বৰ্ষৰ অক্টোবৰ মাহত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই সেউজ সংকেত দিছিল। ২০১০ চনৰ নৱেম্বৰ মাহত অৰুন্ধতীৰ বিৰুদ্ধে দিল্লীৰ এখন সভাত উচটনিমূলক ভাষণ দিয়াৰ লগতে কাশ্মীৰ বিচ্ছিন্নতাৰ সমৰ্থনত কণ্ঠস্বৰ দিয়াৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা হৈছিল। সেই গোচৰত ৰাজ্যপালে অৰুন্ধতীৰ বিৰুদ্ধে ১৫৩এ, ১৫৩বি আৰু ৫০৫ ধাৰাত গোচৰ চলাবলৈ অনুমতি দিছিল।

বিভিন্ন গোটৰ মাজত ঘৃণা বিয়পোৱাৰ ক্ষেত্ৰত ১৫৩এ, জাতীয় ঐক্যৰ বাবে বিপজ্জনক কথা কোৱাৰ বাবে ১৫৩বি আৰু সেনাবাহিনীক ভয় খুৱাবলৈ চেষ্টা কৰা ভুৱা তথ্য, উৰাবাতৰি বিয়পোৱাৰ ক্ষেত্ৰত ৫০৫ ধাৰা প্ৰযোজ্য। অৰুন্ধতীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ দাবী কৰিছিল যে ‘কাশ্মীৰ কেতিয়াও ভাৰতৰ অংগ নাছিল। তেওঁক সৈন্যই বলপূৰ্বকভাৱে দখল কৰিছিল। কাশ্মীৰক স্বাধীনতা দিয়াটো কৰ্তব্য।'' অভিযোগনামাত ১২৪এ অনুচ্ছেদৰ কথাও উল্লেখ কৰা হৈছে। কিন্তু যিহেতু উচ্চতম ন্যায়ালয়ে দেশদ্ৰোহ আইনখনৰ বিচাৰ স্থগিত ৰাখিবলৈ কৈছে, সেয়েহে ইয়াত প্ৰযোজ্য হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক