--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশক শোকত স্তব্ধ কৰি দিয়া এটা দুঃখবৰ। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ, ২০২১ৰ দিনটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে।

চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত। ছুলুৰ বায়ুসেনা ঘাটিৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল। চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩ জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়। এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।


ৰাৱটৰ অকাল মৃত্যুত এতিয়া দেশৰ চিডিএছ পদ খালী হৈ আছে। পৰৱৰ্তী প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) কোন হ’ব? এই প্ৰশ্নটো এতিয়া সকলো দেশবাসীৰ মনত প্ৰশ্ন উদয় হৈছে। কাৰণ দেশ এখনৰ প্ৰতিৰক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগৰ এজন মুৰব্বী নোহাৱা হোৱাৰ পাছত দেশ এখনৰ নিৰাপত্তা দিশটোৰ প্ৰতিও ভাবুকি আহি পৰিব পাৰে৷ গতিকে নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সোনকালে পৰৱৰ্তী সেনা প্ৰধান নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে৷ কেন্দ্ৰই অহা সাতদিনৰ ভিতৰত নতুন চিডিএছ নিয়োগ কৰিব বুলি জানিব পৰা গৈছে। মনোজ মুকুন্দ নাৰাৱনৰ নাম এই তালিকাৰ প্ৰথমত আছে।

তেওঁ বৰ্তমান ভাৰতীয় সেনা কৰ্মচাৰীৰ প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিপিন ৰাৱটে ৩১ ডিচেম্বৰ, ২০১৯ত দেশৰ প্ৰথম সেনা কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ ২০২২ চনৰ এপ্ৰিললৈকে এই পদত অধিষ্ঠিত হৈ থকাৰ কথা আছিল। অৱশ্যে, যদি তাৰ আগতে তেওঁক আকৌ এবাৰ এই পদত নিযুক্তি দিয়া হ’লহেঁতেন, তেন্তে এই ম্যাদ বৃদ্ধি কৰা হ’লহেঁতেন। কিন্তু তাৰ আগতেই এই অনাকাংশিত ঘটনাটো ঘটিছিল। চিডিএছে ৬২ বছৰ বা তিনি বছৰলৈকে পদটো ধৰি ৰাখিব পাৰে। তেনে ক্ষেত্ৰত, বৰ্তমানৰ ভাৰতীয় সেনা প্ৰধান মনোজ মুকুল নাৰৱনেৰ নাম এই পদৰ বাবে নাম আগত আছে। বৰ্তমানৰ নৌসেনা প্ৰধান হৰি কুমাৰ মাত্ৰ আঠ দিনৰ বাবে এই পদত আছে তাৰ পাছতে তেওঁ অৱসৰ গ্ৰহণ কৰিব। আনহাতে, চীফ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰীয়েও ৩০ নৱেম্বৰত এয়াৰ ষ্টাফৰ মুখ্য পদত যোগদান কৰিছে, গতিকে তেওঁক ভাৰতীয় সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়াৰ কোনো সম্ভাৱনা নাই, ফলস্বৰূপে, নাৰৱনে তেওঁলোকৰ দৌৰৰ আগত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন