--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক প্ৰাণান্তক সংগ্ৰামৰ সফল পৰিসমাপ্তি। দেশৰ হাজাৰ হাজাৰ কৃষকে অবিচল দৃঢ়তাৰে দেশক দেখুৱাই দিলে প্ৰতিবাদৰ নতুন উত্তাপ। সকলো সিদ্ধান্ত আৰু নীতি ক্ষেত্ৰত অনমনীয়তা প্ৰদৰ্শন কৰি অহা কেন্দ্ৰীয় চৰকাৰ এইবাৰ নমনীয় হ’বলৈ বাধ্য হ’ল দেশৰ অন্নদাতা ৰ ওচৰত। তেওঁলোকৰ প্ৰতিবাদৰ অনল শিখাই যেন নাশ কৰিলে চৰকাৰৰ সকলো অহংকাৰ।

এই আন্দোলনৰ সূচনা হৈছিল তিনিখিন বিতৰ্কিত কৃষি আইনক লৈ। এই আইনৰ জৰিয়তে কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি পুঁজিপতিৰ স্বাৰ্থৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলোৱাৰ অভিযোগত এক অনিৰ্দিষ্টকালীন প্ৰতিবাদ আৰম্ভ কৰিছিল দেশৰ হাজাৰ হাজাৰ কৃষকে। দেশৰ সকলো চিৰাচৰিত আন্দোলনৰ দৰেই এই আন্দোনতো অমীমাংসিভাৱে স্তিমিত হৈ পৰিব বুলি চৰকাৰে ধাৰণা কৰিছিল যদিও সেয়া হৈ নুঠিল। অবিচল দৃঢ়তাৰে দেশৰ অন্নদাতা নিজৰ স্থিতিত অটল হৈ থাকিল আৰু অৱশেষত চৰকাৰে নিজৰ স্থিতি সলনি কৰি এই আইন তিনিখন বাতিল কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা খুজি নিজমুখে এই আন্দোলন বাতিল কৰাৰ কথা ঘোষণা কৰিলে। কৃষি আইন বাতিলৰ পাছতো, মিনিমাম ছাপ’ৰ্ট প্ৰাইচ বা ন্যুনতম সমৰ্থম দাম নিৰ্ধাৰণৰ দৰে বিষয়ক লৈও চৰকাৰৰ বিৰুদ্ধে যুঁজুধান ৰূপত অৱস্থান কৰি আছিল কৃষকসকলে। আৰু অৱশেষত প্ৰায় পোন্ধৰ মাহৰ পাছত এই আন্দোলনৰ সফল সমাপ্তি হোৱাটো নিশ্চিত হৈ পৰিল। আজি প্ৰতিবাদী কৃষকৰ প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে তেওঁলোকে এই প্ৰতিবাদৰ অন্ত পেলাব আৰু অহা শনিবাৰে ‘বিজয় সমদল’ উলিয়াই ঘৰলৈ উভতি যাব। প্ৰায় ডেৰটা বছৰ ৰাজপথত অতিবাহিত কৰাৰ পাছত সংগ্ৰামী কৃষকসকল ঘৰলৈ উভতি যোৱাটো নিসন্দেহে দেশৰ বাবে এক ঐতিহাসিক ক্ষণ বিবেচিত হ’ব।


আজি বিয়লি ৫.৩০ বজাত কৃষকসকলে বিশেষ বিজয় প্ৰাৰ্থনা ‘ফাটেহ আৰ্দাশ’ৰ আয়োজন কৰিছে। আনহাতে ১১ ডিচেম্বৰত ‘ফাটেহ মাৰ্চ’ বা বিজয় সমদল উলিয়াব প্ৰতিবাদৰ মূল কেন্দ্ৰ সিংঘু আৰু টিক্ৰি সীমান্তৰ পৰা। উল্লেখ্য যে, বুধবাৰে বিয়লিৰ ভাগত কেন্দ্ৰীয় চৰকাৰে সংযুক্ত কৃষক মৰ্চাৰ পাঁচজনীয়া কমিটীলৈ এখন লিখিত খচৰা প্ৰস্তাৱনা প্ৰেৰণ কৰে। বিগত ২১ নৱেম্বৰত কৃষক মৰ্চাই ছটা দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ হিচাপে এই খৰচা প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে।


কৃষক নেতা গুৰনাম সিং চাধুনীয়ে প্ৰকাশ কৰিছে যে, ‘সংযুক্ত কৃষক মৰ্চাৰ নেতৃত্বত চলি থকা কৃষক বি্দ্ৰোহৰ সামৰণি পেলোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে আমাৰ দাবী মানি লৈছে।’ তেওঁ লগতে সকীয়াই দিয়ে যে কেন্দ্ৰই আমাক যি প্ৰতিশ্ৰুতি দিছে সেয়া পূৰণ নকৰিলে আমি পুনৰ আন্দোলন আৰম্ভ কৰিম। সংযুক্ত কৃষক মৰ্চাই প্ৰতিমাহে এই সম্পৰ্কত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি যাব বুলিও তেওঁ সদৰি কৰে। প্ৰায় সাতশগৰাকী কৃষকৰ আত্মবলিদানৰ মাজেৰে অহা কৃষকৰ এই বিজয়ক স্বৰূপাৰ্থতে অতুলনীয় আখ্যা দিব পাৰি। সকলো বাধা, বিপৰ্যয় আৰু প্ৰকতিবন্ধকতা নেওচি দেশৰ কৃষকে নিজৰ প্ৰাপ্য কিদৰে আজুৰি ল’ব লাগ ততা কিদৰে অন্যায়ক প্ৰতিহত কৰিব লাগে তাৰেই নিদৰ্শন যেন দাঙি ধৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ