--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বব্যাপী WhatsApp চাৰ্ভাৰ ডাউন হোৱাৰ পাছত ইয়াক ঠিক কৰা হৈছে। প্ৰায় ১.৫ ঘণ্টা ধৰি চাৰ্ভাৰ ডাউন হৈ আছিল। মানুহে WhatsApp ব্যৱহাৰ কৰিব পৰা নাছিল। কিন্তু এতিয়া সকলো ঠিকেই আছে। হোৱাটছএপৰ জৰিয়তে বাৰ্তা অহা যোৱা আৰম্ভ হৈছে। উল্লেখযোগ্য যে ভাৰতত হোৱাটছএপৰ ব্যৱহাৰকাৰী ৪৮ কোটিৰো অধিক। হোৱাটছএপৰ চাৰ্ভাৰ ডাউন হোৱাৰ বাবে এই ব্যৱহাৰকাৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। WhatsApp চাৰ্ভাৰ ডাউন হোৱাৰ সময়ত মেটাই কৈছিল যে, 'আমি এই সমস্যাৰ বিষয়ে সচেতন। আমি ইয়াক ঠিক কৰাৰ বাবে কাম কৰি আছো।'

WhatsApp হৈছে এনে এটা মেছেজিং আৰু ভিডিঅ' কলিং এপ যাক ভাৰতত বৃহৎ সংখ্যক লোকে ব্যৱহাৰ কৰি তথ্য ভাগ-বতৰা কৰে। বৃহৎ সংখ্যক কৰ্মচাৰীয়েও হোৱাটছএপৰ জৰিয়তে নিজৰ অফিচৰ কাম কৰে আৰু বিভিন্ন ধৰণৰ ডাটা শ্বেয়াৰ কৰে। হোৱাটছএপত চাৰ্ভাৰ ডাউন হোৱাৰ বাবে এইসকল লোকৰ সমস্যা হৈছিল।

ইফালে WhatsApp ৰ চাৰ্ভাৰ ডাউন হোৱাৰ পিছত Meta য়ে জনাইছিল যে আমি জানো যে বৰ্তমান একাংশ লোকে মেছেজ পঠোৱাত সমস্যাৰ সন্মুখীন হৈছে আৰু আমি সকলোৰে বাবে WhatsApp অতি সোনকালে পুনৰুদ্ধাৰ কৰাৰ বাবে কাম কৰি আছো।

বিশেষজ্ঞসকলৰ মতে, চাৰ্ভাৰত থকা লোডটোও ইয়াৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে। অৱশ্যে WhatsApp কিয় ডাউন হৈছিল সেই সন্দৰ্ভত মেটাৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

হিট-মেপৰ ভিত্তিত দাবী কৰা হৈছিল যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত মুম্বাই, দিল্লী, কলকাতা, কানপুৰ, হায়দৰাবাদ, বেংগালুৰু আদি প্ৰধান চহৰসমূহো অন্তৰ্ভুক্ত। কিন্তু বিশ্বৰ বেছিভাগ ঠাইতে ইউজাৰে হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

মন কৰিবলগীয়া যে এইয়া প্ৰথমবাৰৰ বাবে হোৱাটছএপৰ চাৰ্ভাৰ ডাউন হোৱা নাই। ইয়াৰ আগতেও এনেকুৱা হৈছে। বিগত সময়ত ফেচবুকৰ চাৰ্ভাৰত ব্যৰ্থ হোৱাৰ পিছত হোৱাটছএপ ডাউন হৈ আছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক