--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুণ্টা শাসিত ম্যানমাৰত এইবাৰ গীতৰ অনুষ্ঠা এটাত সেনাই বোমা বৰ্ষণ কৰাৰ ফলত ৬০ জন লোক নিহত হয়।সংগীতানুষ্ঠানটি কাচিনত অনুষ্ঠিত হৈছিল। অনুষ্ঠানটিত বহু প্ৰখ্যাত  গায়ক, বেণ্ড উপস্থিত আছিল আৰু বহুলোকে  গান শুনিবলৈ আহিছিল। হঠাতে, সেনাই বিমানেৰে আহি বোমা বৰ্ষণ আৰম্ভ কৰে।

ম্যানমাৰৰ সামৰিক বাহিনীৰ এই আক্ৰমণত  ৬০ জন লোকৰ থিতাতে মৃত্যু ঘটে।। ঘটনাটো দেওবাৰে ম্যানমাৰৰ কাচিনত সংঘটিত হৈছিল।

অনুশ্ঠানটো  ম্যানমাৰৰ  সংখ্যালঘু সম্প্ৰদায়ৰ এটা সংগঠনে আয়োজন কৰিছিল। অনুষ্ঠানত শিল্পীসকলে প্ৰাণ ঢালি গীত পৰিবেশন কৰি আছিল।  দৰ্শকসকলে আনন্দতে চিঞৰি আছিল।  সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে অনুষেঠানটোৰ আয়োজন কৰা হৈছিল।  কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হৈ পৰে। সেনাৰ বোমা বৰ্ষণত   মঞ্চত তেজৰ নৈ  বৈ গৈছিল।ম্যানমাৰৰ জুন্টা চৰকাৰৰ সেনাই দেওবাৰে কাচিনত চলোৱা আক্ৰমণটোৰ কথা স্বীকাৰ কৰিছে।

কাচিন হৈছে ম্যানমাৰৰ উত্তৰ দিশত থকা  ৰাজ্য। দেশৰ সংখ্যালঘু সম্প্ৰদায় আৰু মূল কাচিনৰ লোকসকল এই ৰাজ্যত বাস কৰে। অনুষ্ঠানটো  চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেঞ্চ অৰ্গেনাইজেচন (কেআইঅ')ৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ম্যানমাৰৰ সামৰিক নিয়ন্ত্ৰিত জুন্টাৰ বিৰুদ্ধে  এই গোটটোৱে সদায়  মাত মাতি আহিছে। সংগঠনটোৰ সদস্যসকলে দেওবাৰে ইয়াৰ ৬২ তম প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন কৰিছিল। তাতেই সেনাই আক্ৰমণ চলায়। কাচিনৰ শিল্পী সম্প্ৰদায়ৰ এজন মুখপাত্ৰই কয় যে অনুষ্ঠানটোত প্ৰায় ৩০০-৫০০ লোক সমবেত হৈছিল।  নিশা প্ৰায় ৮ বজাত সেনাই  বোমা নিক্ষেপ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক