--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুণ্টা শাসিত ম্যানমাৰত এইবাৰ গীতৰ অনুষ্ঠা এটাত সেনাই বোমা বৰ্ষণ কৰাৰ ফলত ৬০ জন লোক নিহত হয়।সংগীতানুষ্ঠানটি কাচিনত অনুষ্ঠিত হৈছিল। অনুষ্ঠানটিত বহু প্ৰখ্যাত  গায়ক, বেণ্ড উপস্থিত আছিল আৰু বহুলোকে  গান শুনিবলৈ আহিছিল। হঠাতে, সেনাই বিমানেৰে আহি বোমা বৰ্ষণ আৰম্ভ কৰে।

ম্যানমাৰৰ সামৰিক বাহিনীৰ এই আক্ৰমণত  ৬০ জন লোকৰ থিতাতে মৃত্যু ঘটে।। ঘটনাটো দেওবাৰে ম্যানমাৰৰ কাচিনত সংঘটিত হৈছিল।

অনুশ্ঠানটো  ম্যানমাৰৰ  সংখ্যালঘু সম্প্ৰদায়ৰ এটা সংগঠনে আয়োজন কৰিছিল। অনুষ্ঠানত শিল্পীসকলে প্ৰাণ ঢালি গীত পৰিবেশন কৰি আছিল।  দৰ্শকসকলে আনন্দতে চিঞৰি আছিল।  সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে অনুষেঠানটোৰ আয়োজন কৰা হৈছিল।  কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হৈ পৰে। সেনাৰ বোমা বৰ্ষণত   মঞ্চত তেজৰ নৈ  বৈ গৈছিল।ম্যানমাৰৰ জুন্টা চৰকাৰৰ সেনাই দেওবাৰে কাচিনত চলোৱা আক্ৰমণটোৰ কথা স্বীকাৰ কৰিছে।

কাচিন হৈছে ম্যানমাৰৰ উত্তৰ দিশত থকা  ৰাজ্য। দেশৰ সংখ্যালঘু সম্প্ৰদায় আৰু মূল কাচিনৰ লোকসকল এই ৰাজ্যত বাস কৰে। অনুষ্ঠানটো  চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেঞ্চ অৰ্গেনাইজেচন (কেআইঅ')ৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ম্যানমাৰৰ সামৰিক নিয়ন্ত্ৰিত জুন্টাৰ বিৰুদ্ধে  এই গোটটোৱে সদায়  মাত মাতি আহিছে। সংগঠনটোৰ সদস্যসকলে দেওবাৰে ইয়াৰ ৬২ তম প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন কৰিছিল। তাতেই সেনাই আক্ৰমণ চলায়। কাচিনৰ শিল্পী সম্প্ৰদায়ৰ এজন মুখপাত্ৰই কয় যে অনুষ্ঠানটোত প্ৰায় ৩০০-৫০০ লোক সমবেত হৈছিল।  নিশা প্ৰায় ৮ বজাত সেনাই  বোমা নিক্ষেপ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ