--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ভাৰতবৰ্ষৰ লগতে বাংলাদেশত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে সাগৰীয় ঘূৰ্ণি বতাহ ছিত্ৰাঙে৷
সোমবাৰে ঘূৰ্ণীবতাহ ছিত্ৰাঙৰ ফলত হোৱা ভূমিস্খলনত  বাংলাদেশৰ ছয়খন জিলাত প্ৰায় ১১ জন লোকৰ মৃত্যু হয়। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে,এই  ঘূৰ্ণীবতাহটোৱে সোমবাৰে নিশা ৯:৩০ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত বৰিচালৰ ওচৰৰে  বাংলাদেশ উপকূল অতিক্ৰম কৰে।

ভূমিস্খলনত মৃত ১১ জনৰ ভিতৰত ভোলা সদৰ আৰু চাৰ ফাচন অঞ্চলত গছ এডাল বাগৰি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হয়। কুমিলাৰ নাঙ্গলকোটত, একেটা পৰিয়ালৰ তিনিজন সদস্য গছৰ চেঁপাত মৃত্যু হয় । চিৰাজগঞ্জত এখন নাও ডুবিও  মৃত্যু হয় বহু কেইজন লোকৰ৷

বাংলাদেশ উপকূলৰ কেইবাটাও অঞ্চলত এই ঘূৰ্ণিবতাহে তীব্ৰ বানপানীৰ সৃষ্টি কৰিছিল। নোৱাখালি, ভোলা, বৰিশাল আৰু কক্সবজাৰত পানী ন ফুট উচ্চতাত  আছিল।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি , ঘূৰ্ণীবতাহে চিলেট জিলাৰ মাজেৰে ঢাকা পাৰ হৈ সোমবাৰে নিশা ভাৰতত প্ৰৱেশ কৰে।

এই ধুমুহাৰ ফলত মঙলবাৰে আবেলিলৈকে উপকূলকে ধৰি দেশৰ বেছিভাগ অঞ্চলত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চিটাগং, পায়েৰা আৰু মংলা সাগৰবন্দৰ আৰু কক্সবজাৰ উপকূলকে ধৰি দেশৰ ১৫ খন উপকূলীয় জিলাক বিপদসংকেত নম্বৰ ৭ দেখুৱাবলৈ কোৱা হৈছে ৷ লগতে জিলাবাসীক  সতৰ্ক কৰি দিয়া হয় যে ঘূৰ্ণীবতাহে বন্দৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

বাংলাদেশ চৰকাৰে ঘোষণা কৰে যে চিটাগং, বাৰিচাল আৰু খুলনা বিভাগৰ সকলো শিক্ষানুষ্ঠান মঙলবাৰে বন্ধ থাকিব।সমান্তৰালভাৱে অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা শিক্ষানুষ্ঠানসমূহ ৷ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়েও মঙলবাৰে সকলো পৰীক্ষা স্থগিত ৰাখিছে।

স্থলপথ আৰু সাগৰীয় পথৰ  উপৰিও, ঘূৰ্ণীবতাহে ভূমিস্খলন কৰাৰ পিছত দূৰসংযোগো বিচ্ছিন্ন কৰা হয়৷ আনহাতে, প্ৰতিকূল বতৰৰ বাবে সোমবাৰে আবেলিৰ পৰা বাৰিশাল, চিটাগং আৰু কক্সবজাৰ বিমানবন্দৰত বিমান চলাচল বন্ধ কৰি দিয়া হয়।
১৫ খন উপকূলীয় জিলাৰ নদীৰ পানীৰ স্তৰ স্বাভাৱিকতকৈ ৩ ৰ পৰা ৫ ফুট বেছি হৈ আছে৷

আনহাতে, আজি বিয়লি ৫ বাজি ৩০ মিনিটত  উত্তৰ-পূবৰ দিশে এই ঘূৰ্ণীবতাহ আগবাঢ়ি অহাৰ সম্ভাৱনা আছে৷ ঘূৰ্ণিবতাহৰ ফলস্বৰূপে গুৱাহাটীত তিনিদিনলৈ অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত। এই বৃষ্টিপাত অব্যাহত থাকিব গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলতো। ইতিমধ্যে উক্ত ঘূৰ্ণিবতাহৰ ফলত হ’ব পৰা ক্ষয়ক্ষতিলৈ লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে এটা হেল্পলাইন নম্বৰো মুকলি কৰিছে৷ এই নম্বৰটো হৈছে - ৯৩৬৫৪-২৯৩১৪







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা