--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এজন জনপ্ৰিয় ক্ৰিকেটাৰ আছিল বিনোদ কাম্বলী। শচীন তেণ্ডুলকাৰৰ সৈতে একেখন মেছৰ পৰাই আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ। সেই সময়ছোৱাত কি নাছিল তেওঁৰ; নাম, যশ, ধনেৰে আছিল উভৈনদী। এটা সময়ত ক্ৰিকেটৰ কেৰিয়াৰ বাদ দিলেও কমেণ্টৰীৰ জৰিয়তে উপাৰ্জন কৰিছিল ধন। বিজ্ঞাপন আৰু ছবিতো অভিনয় কৰিছিল তেওঁ। 

পিছে এতিয়া তেওঁৰ উপাৰ্জন বুলিবলৈ কেৱল মাত্ৰ BCCIৰ পৰা পোৱা ৩০,০০০টকাহে আছেগৈ। এই ধনেৰে মুম্বাইৰ দৰে এখন ব্যয়বহুল চহৰত চলাতো খুবেই কঠিন। ক্ৰিকেটাৰগৰাকীৰ মুম্বাইত নিজা বাসগৃহ আছে যদিও সেই সামান্য টকাৰে ঘৰ চলাব পৰা নাই কাম্বলীয়ে। যাৰবাবে এতিয়া তেওঁ বিচাৰিছে কাম।

 

উল্লেখযোগ্য যে, ২০১৯ চনত এটা ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল কাম্বলীয়ে। তাৰপাছতে আহিছিল ক’ৰোনা মহামাৰী। স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব। বন্ধ হৈ পৰিছিল উপাৰ্জনৰ সকলো পথ। যাৰবাবে সকলো জমা টকা শেষ হৈ গৈছিল ক্ৰিকেটাৰগৰাকীৰ।

 

আনহাতে, কাম্বলীৰ বাল্যবন্ধু শচীন তেণ্ডুলকাৰে তেওঁৰ বৰ্তমানৰ অৱস্থাৰ কথা জানেনে বুলি সাংবাদিকে তেওঁক প্ৰশ্ন কৰাত তেওঁ কয়, “শচীনে মোৰ বৰ্তমানৰ অৱস্থাৰ কথা জানে। কিন্তু মই তেওঁৰ পৰা কোনো সহায় আশা নকৰো। কাৰণ ইতিমধ্যেই তেওঁ মোক বহুত সহায় কৰি থৈছে।“


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ