--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম এজন জনপ্ৰিয় ক্ৰিকেটাৰ আছিল বিনোদ কাম্বলী। শচীন তেণ্ডুলকাৰৰ সৈতে একেখন মেছৰ পৰাই আৰম্ভ কৰিছিল ক্ৰিকেট কেৰিয়াৰ। সেই সময়ছোৱাত কি নাছিল তেওঁৰ; নাম, যশ, ধনেৰে আছিল উভৈনদী। এটা সময়ত ক্ৰিকেটৰ কেৰিয়াৰ বাদ দিলেও কমেণ্টৰীৰ জৰিয়তে উপাৰ্জন কৰিছিল ধন। বিজ্ঞাপন আৰু ছবিতো অভিনয় কৰিছিল তেওঁ। 

পিছে এতিয়া তেওঁৰ উপাৰ্জন বুলিবলৈ কেৱল মাত্ৰ BCCIৰ পৰা পোৱা ৩০,০০০টকাহে আছেগৈ। এই ধনেৰে মুম্বাইৰ দৰে এখন ব্যয়বহুল চহৰত চলাতো খুবেই কঠিন। ক্ৰিকেটাৰগৰাকীৰ মুম্বাইত নিজা বাসগৃহ আছে যদিও সেই সামান্য টকাৰে ঘৰ চলাব পৰা নাই কাম্বলীয়ে। যাৰবাবে এতিয়া তেওঁ বিচাৰিছে কাম।

 

উল্লেখযোগ্য যে, ২০১৯ চনত এটা ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল কাম্বলীয়ে। তাৰপাছতে আহিছিল ক’ৰোনা মহামাৰী। স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব। বন্ধ হৈ পৰিছিল উপাৰ্জনৰ সকলো পথ। যাৰবাবে সকলো জমা টকা শেষ হৈ গৈছিল ক্ৰিকেটাৰগৰাকীৰ।

 

আনহাতে, কাম্বলীৰ বাল্যবন্ধু শচীন তেণ্ডুলকাৰে তেওঁৰ বৰ্তমানৰ অৱস্থাৰ কথা জানেনে বুলি সাংবাদিকে তেওঁক প্ৰশ্ন কৰাত তেওঁ কয়, “শচীনে মোৰ বৰ্তমানৰ অৱস্থাৰ কথা জানে। কিন্তু মই তেওঁৰ পৰা কোনো সহায় আশা নকৰো। কাৰণ ইতিমধ্যেই তেওঁ মোক বহুত সহায় কৰি থৈছে।“


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু