--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ধনী ব্যক্তিসকলৰ মাজৰে অন্যতম ইলন মাস্কে  এইবাৰ খেলৰ জগততো প্ৰৱেশৰ ইচ্ছা প্ৰকাশ কৰিছে। স্পেছ এক্সৰ দৰে বিলাসী মহাকাশ যাত্ৰাৰ পৰা আৰম্ভ কৰি টুইটাৰ ক্ৰয়ৰ সিদ্ধান্তলৈকে সকলোতে চৰ্চা লাভ কৰা ইলম মাস্কে এইবাৰ ৰোনাল্ডোৰ ক্লাব ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে।বুধবাৰে পুৱতি নিশা মাস্কে এই বিষয়ত কৰা  এটা টুইটকলৈ এতিয়া বেছ চৰ্চা চলিছে।টুইটটোত  মাস্কে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ফুটবল ক্লাব ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ইলন মাস্কে মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি কৰা টুইটটোক  লৈ হঠাতে বহুতৰে মাজত জল্পনা-কল্পনা  আৰম্ভ হৈ গৈছে। মাস্কে টুইট কৰি কয়, "মই ম্যানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিম। সকলোকে স্বাগতম জনোৱা হৈছে।" ইয়াৰ পিছত, নেটত যথেষ্ট চৰ্চা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপিত হয় টেছলা কোম্পানীৰ গৰাকীয়ে এইবাৰ ফুটবলৰ প্ৰতি আগ্ৰহী হৈছে নেকি?অৱশ্যে, কেইঘণ্টামানৰ পিছত এনে অনুমানৰ সমাপ্তি ঘটিল। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁক সুধিছিল, "আপুনি সঁচা কৈছে নেকি?উত্তৰত মাস্কে কয় " দৰাচলতে, এই ধেমালি দীৰ্ঘদিন ধৰি টুইটাৰত চলি আহিছে। মই কোনো ক্ৰীড়া দল ক্ৰয় কৰা নকৰো। '

মাস্ক ইতিমধ্যে অপ্ৰাসংগিক টুইট কৰাৰ বাবে বিখ্যাত। অৱশ্যে, মেন ইউৰ চাৰিওফালে তেওঁৰ টুইটটোৱে পৃথকে দৃষ্টি আকৰ্ষণ কৰিছে। মূল কাৰণটো হ'ল ফুটবল খেলপথাৰত ইংলেণ্ডৰ এই দলটোৰ বিফলতা। আমেৰিকাৰ গ্লেজাৰ পৰিয়াল এতিয়া  মানচেষ্টাৰ ইউনাইটেডৰ গৰাকী। অনুৰাগীসকলে ক্লাবটোৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাবে ক্ষোভ প্ৰকাশো কৰিছে। তেওঁলোকে দাবী কৰে যে গ্লেজাৰ পৰিয়ালৰ ভুল ৰণনীতি আৰু ফুটবলাৰৰ ভুল বাছনিৰ বাবে ক্লাবটো ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় প্ৰতিখন খেলতে, 'গ্লেজাৰ আউট' লিখা বেনাৰ বোৰ দেখা যায়।

শেহতীয়া  খেলখনত  মানচেষ্টাৰ ইউনাইটেডে ব্ৰেণ্টফৰ্ডৰ বিৰুদ্ধে চাৰিটা গ'ল খাইছিল। সেই খেলখনত কিছু সমৰ্থকে এখন বেনাৰ লগাইছিল, য'ত লিখা আছিল, 'ম্যানচেষ্টাৰ ইউনাইটেড বিক্ৰী হ'ব।' কোনোবাই কিনিবলৈ আগ্ৰহী নেকি?" ছবিখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। সেয়ে এনে পৰিস্থিতিত মাস্কৰ টুইটটোৱে চৰ্চা লাভ কৰাটো স্বাভাৱিক।


 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ