--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ধনী ব্যক্তিসকলৰ মাজৰে অন্যতম ইলন মাস্কে  এইবাৰ খেলৰ জগততো প্ৰৱেশৰ ইচ্ছা প্ৰকাশ কৰিছে। স্পেছ এক্সৰ দৰে বিলাসী মহাকাশ যাত্ৰাৰ পৰা আৰম্ভ কৰি টুইটাৰ ক্ৰয়ৰ সিদ্ধান্তলৈকে সকলোতে চৰ্চা লাভ কৰা ইলম মাস্কে এইবাৰ ৰোনাল্ডোৰ ক্লাব ক্ৰয় কৰিব বুলি জানিব পৰা গৈছে।বুধবাৰে পুৱতি নিশা মাস্কে এই বিষয়ত কৰা  এটা টুইটকলৈ এতিয়া বেছ চৰ্চা চলিছে।টুইটটোত  মাস্কে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ফুটবল ক্লাব ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ইলন মাস্কে মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি কৰা টুইটটোক  লৈ হঠাতে বহুতৰে মাজত জল্পনা-কল্পনা  আৰম্ভ হৈ গৈছে। মাস্কে টুইট কৰি কয়, "মই ম্যানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰিম। সকলোকে স্বাগতম জনোৱা হৈছে।" ইয়াৰ পিছত, নেটত যথেষ্ট চৰ্চা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপিত হয় টেছলা কোম্পানীৰ গৰাকীয়ে এইবাৰ ফুটবলৰ প্ৰতি আগ্ৰহী হৈছে নেকি?অৱশ্যে, কেইঘণ্টামানৰ পিছত এনে অনুমানৰ সমাপ্তি ঘটিল। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁক সুধিছিল, "আপুনি সঁচা কৈছে নেকি?উত্তৰত মাস্কে কয় " দৰাচলতে, এই ধেমালি দীৰ্ঘদিন ধৰি টুইটাৰত চলি আহিছে। মই কোনো ক্ৰীড়া দল ক্ৰয় কৰা নকৰো। '

মাস্ক ইতিমধ্যে অপ্ৰাসংগিক টুইট কৰাৰ বাবে বিখ্যাত। অৱশ্যে, মেন ইউৰ চাৰিওফালে তেওঁৰ টুইটটোৱে পৃথকে দৃষ্টি আকৰ্ষণ কৰিছে। মূল কাৰণটো হ'ল ফুটবল খেলপথাৰত ইংলেণ্ডৰ এই দলটোৰ বিফলতা। আমেৰিকাৰ গ্লেজাৰ পৰিয়াল এতিয়া  মানচেষ্টাৰ ইউনাইটেডৰ গৰাকী। অনুৰাগীসকলে ক্লাবটোৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাবে ক্ষোভ প্ৰকাশো কৰিছে। তেওঁলোকে দাবী কৰে যে গ্লেজাৰ পৰিয়ালৰ ভুল ৰণনীতি আৰু ফুটবলাৰৰ ভুল বাছনিৰ বাবে ক্লাবটো ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় প্ৰতিখন খেলতে, 'গ্লেজাৰ আউট' লিখা বেনাৰ বোৰ দেখা যায়।

শেহতীয়া  খেলখনত  মানচেষ্টাৰ ইউনাইটেডে ব্ৰেণ্টফৰ্ডৰ বিৰুদ্ধে চাৰিটা গ'ল খাইছিল। সেই খেলখনত কিছু সমৰ্থকে এখন বেনাৰ লগাইছিল, য'ত লিখা আছিল, 'ম্যানচেষ্টাৰ ইউনাইটেড বিক্ৰী হ'ব।' কোনোবাই কিনিবলৈ আগ্ৰহী নেকি?" ছবিখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। সেয়ে এনে পৰিস্থিতিত মাস্কৰ টুইটটোৱে চৰ্চা লাভ কৰাটো স্বাভাৱিক।


 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু