--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দৈ ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াত প্ৰ’বায়’টিক, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু, আপুনি জানেনে যে ৰাতিৰ আহাৰত দৈ সেৱন কৰাটোও কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? দৈ সদায় দিত খাব লাগে৷ ৰাতি দৈ খোৱাৰ ৫টা সম্ভাৱ্য অসুবিধাৰ বিষয়ে জানি লওক

১) পাচনতন্ত্ৰৰ সমস্যাঃ কিছুমান লোকে ৰাতি দৈ খোৱাৰ পাছত বদহজম, পেট ফুলা বা গেছৰ সমস্যাত ভুগিব পাৰে। এনে হয় কাৰণ দৈত লেক্ট’জ নামৰ উপাদান থাকে যিটো হজম হ’বলৈ লেক্টেজ এনজাইমৰ প্ৰয়োজন হয়। বয়স বৃদ্ধিৰ লগে লগে শৰীৰত লেক্টেজ এনজাইমৰ উৎপাদন কমি যায়, যাৰ ফলত লেক্ট’জ অসহিষ্ণুতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) টোপনিৰ বিকাৰঃ ৰাতি দৈ খালে টোপনিৰ অসুবিধা হ’ব পাৰে। কাৰণ দৈত থকা টাইৰামিন নামৰ পদাৰ্থ এটাই মগজুত উদ্দীপক প্ৰভাৱ পেলায়।

৩) গাঁঠিৰ বিষঃ বাতবিষ বা গাঁঠিৰ বিষত আক্ৰান্ত লোকৰ বাবে ৰাতি দৈ সেৱন কৰাটো উপকাৰী বুলি গণ্য কৰা নহয়। আয়ুৰ্বেদৰ মতে ৰাতি দৈ খালে গাঁঠিৰ জঠৰতা আৰু বিষ বৃদ্ধি পায়।

৪) ওজন বৃদ্ধি হোৱাঃ দৈ প্ৰটিনৰ ভাল উৎস হ’লেও ইয়াত চৰ্বিও থাকে। ৰাতি শৰীৰৰ কাৰ্যকলাপ কমি যায়, এনে পৰিস্থিতিত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বেছি। গতিকে ওজন কমাবলৈ চেষ্টা কৰা লোকসকলে ৰাতি দৈ খাব নালাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ