--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দৈ ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াত প্ৰ’বায়’টিক, কেলচিয়াম আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু, আপুনি জানেনে যে ৰাতিৰ আহাৰত দৈ সেৱন কৰাটোও কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে? দৈ সদায় দিত খাব লাগে৷ ৰাতি দৈ খোৱাৰ ৫টা সম্ভাৱ্য অসুবিধাৰ বিষয়ে জানি লওক

১) পাচনতন্ত্ৰৰ সমস্যাঃ কিছুমান লোকে ৰাতি দৈ খোৱাৰ পাছত বদহজম, পেট ফুলা বা গেছৰ সমস্যাত ভুগিব পাৰে। এনে হয় কাৰণ দৈত লেক্ট’জ নামৰ উপাদান থাকে যিটো হজম হ’বলৈ লেক্টেজ এনজাইমৰ প্ৰয়োজন হয়। বয়স বৃদ্ধিৰ লগে লগে শৰীৰত লেক্টেজ এনজাইমৰ উৎপাদন কমি যায়, যাৰ ফলত লেক্ট’জ অসহিষ্ণুতাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২) টোপনিৰ বিকাৰঃ ৰাতি দৈ খালে টোপনিৰ অসুবিধা হ’ব পাৰে। কাৰণ দৈত থকা টাইৰামিন নামৰ পদাৰ্থ এটাই মগজুত উদ্দীপক প্ৰভাৱ পেলায়।

৩) গাঁঠিৰ বিষঃ বাতবিষ বা গাঁঠিৰ বিষত আক্ৰান্ত লোকৰ বাবে ৰাতি দৈ সেৱন কৰাটো উপকাৰী বুলি গণ্য কৰা নহয়। আয়ুৰ্বেদৰ মতে ৰাতি দৈ খালে গাঁঠিৰ জঠৰতা আৰু বিষ বৃদ্ধি পায়।

৪) ওজন বৃদ্ধি হোৱাঃ দৈ প্ৰটিনৰ ভাল উৎস হ’লেও ইয়াত চৰ্বিও থাকে। ৰাতি শৰীৰৰ কাৰ্যকলাপ কমি যায়, এনে পৰিস্থিতিত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বেছি। গতিকে ওজন কমাবলৈ চেষ্টা কৰা লোকসকলে ৰাতি দৈ খাব নালাগে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল