--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ ফল কঁঠাল। এতিয়া অসমৰ প্ৰায়ভাগ ঠাইতে কঁঠাল উভৈনদীভাবে পোৱা যায়। বতৰৰ ফল কঁঠাল পুষ্টিগুণেৰে সমৃদ্ধ। কঁঠালত আছে কৰ্কট ৰোগ প্ৰতিৰোধী নানান উপাদান। কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশত কঁঠাল বেছি পৰিমাণে উৎপাদন হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত কঁঠাল অন্যতম। 

কেৱল ফল বিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। ফল-মূলৰ নামত আমি বেছি সময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি। কঁঠালকে ধৰি স্থানীয়ভাবে পোৱা ফল-মূলক আমাৰ মাজৰে বহুতেই গুৰুত্ব নিদিয়াও পৰিলক্ষিত হয়। কিন্তু বাহিৰৰ পৰা অহা ফলত কৈ কঁঠালত থকা পুষ্টিগুণ বহু বেছি।

কঁঠালগুটি বহুতৰে বাবে অৱহেলিত  যদিও কঁঠালগুটিৰ আছে বহু গুণ।এক কথা  কঁঠালগুটিক ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক পৰিমাণে থকা)বুলিও ক'ব পাৰি । স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুত বাস কৰা জীৱ-অনুকূল হয়।

গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠাল গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত সহায় কৰে। 

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সমতা ৰক্ষাত ৰক্ষাত সহায় কৰে। ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু  ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) সমৃদ্ধ  কঁঠালগুটিয়ে  ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ ৰখাৰ লগতে পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই  কলেষ্টেৰল কমোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ