--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ ফল কঁঠাল। এতিয়া অসমৰ প্ৰায়ভাগ ঠাইতে কঁঠাল উভৈনদীভাবে পোৱা যায়। বতৰৰ ফল কঁঠাল পুষ্টিগুণেৰে সমৃদ্ধ। কঁঠালত আছে কৰ্কট ৰোগ প্ৰতিৰোধী নানান উপাদান। কঁঠাল হৈছে এনে এবিধ ফল যিবিধ ফল বিশ্বৰ প্ৰায়ভাগ দেশতে উৎপাদন হয়। বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশত কঁঠাল বেছি পৰিমাণে উৎপাদন হয়। বিশ্বৰ কোটি কোটি মানুহৰ প্ৰিয় ফলৰ ভিতৰত কঁঠাল অন্যতম। 

কেৱল ফল বিধেই নহয়, কঁঠালৰ গুটিও বহুতৰে বাবে প্ৰিয় খাদ্য। ফল-মূলৰ নামত আমি বেছি সময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি। কঁঠালকে ধৰি স্থানীয়ভাবে পোৱা ফল-মূলক আমাৰ মাজৰে বহুতেই গুৰুত্ব নিদিয়াও পৰিলক্ষিত হয়। কিন্তু বাহিৰৰ পৰা অহা ফলত কৈ কঁঠালত থকা পুষ্টিগুণ বহু বেছি।

কঁঠালগুটি বহুতৰে বাবে অৱহেলিত  যদিও কঁঠালগুটিৰ আছে বহু গুণ।এক কথা  কঁঠালগুটিক ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক পৰিমাণে থকা)বুলিও ক'ব পাৰি । স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুত বাস কৰা জীৱ-অনুকূল হয়।

গৱেষণাই প্ৰমাণ কৰিছে যে কঁঠাল গুটিয়ে শৰীৰৰ বৃদ্ধিৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত সহায় কৰে। 

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সমতা ৰক্ষাত ৰক্ষাত সহায় কৰে। ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু  ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) সমৃদ্ধ  কঁঠালগুটিয়ে  ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ ৰখাৰ লগতে পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। হৃদযন্ত্ৰ স্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই  কলেষ্টেৰল কমোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো