--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সুস্থ শৰীৰ আৰু সুস্থ মন লৈ জীয়াই থাকিবলৈ সকলোৱে বিচাৰে। আমি সকলোৱেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ৷ যিমান টকা-পইচা থাকিলেও শৰীৰটো যদি ৰুগীয়া হয় জীৱনত কেতিয়াও শান্তি নাথাকে আৰু যদি টকা-পইচা কম থাকিলেও শৰীৰটো যদি সুস্থ হৈ থাকে তেন্তে জীৱনটো সুখী হৈ থাকে। আমি কিমান সুস্থ হৈ থাকিম সেই কথাত আমি খোৱা খাদ্যসমূহে যথেষ্টখিনি প্রভাৱ পেলায়৷ 

পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন খাদ্যৰ জুতি লওঁ যাতে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ৷ কিন্তু সকলো সময়তে সকলো বস্তু খোৱা উচিত নহয়। মানুহে যিহকে পায় তিহকে খালে ৰুগীয়া হোৱাটো স্বাভাৱিক। খাদ্য খাওঁতে আমি কিছুমান নীতি–নিয়ম পালন কৰি খালে বেছি সুফল পোৱা যায়৷ কিছুমান বস্তু ৰাতি একেবাৰে খাব নালাগে। সেইবোৰ বস্তু ৰাতি সেৱন কৰিলে আপুনি নজনাকৈ ৰোগে আহি আপোনাৰ শৰীৰত বাহ সাজে।  

এতিয়া জানো আহক ৰাতি কোনবোৰ আহাৰ খাব নালাগে-

১) শাক-পাতঃ ৰাতি শাক-পাত খাব নালাগে। ৰাতি এইবিলাকে পাচন ক্রিয়াত খেলিমেলিৰ সৃষ্টি কৰে, যাৰ ফলত গেছ, এচিডিটি বা বদহজম সমস্যাৰ সৃষ্টি হয়। ৰাতি আমাৰ শৰীৰে বিশ্রাম লয় আৰু পাচনতন্ত্রকো বিশ্রামৰ প্রয়োজন হয়৷ কিন্তু এনেকুৱা পাতশাকত থকা ফাইবাৰ হজম কৰিবলগীয়া হ’লে পাচনতন্ত্রই বেছি কাম কৰিবলগীয়া হয় আৰু ই টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু বিভিন্ন ৰোগো উদ্ভৱ হ'ব পাৰে।

২) কেঁচা চালাডঃ ৰাতি খাব নলগীয়া বস্তুৰ ভিতৰত আনবিধ বস্তু হৈছে তিয়ঁহ, বিলাহীৰ কেঁচা চালাড৷ কেঁচা চালাড হজম হওঁতে অলপ সময় লাগে৷ যিসকলৰ গেছ, বদহজম, ডিচেন্ত্রী বা অন্য পেটৰ সমস্যা আছে তেওঁলোকে ৰাতি কেঁচা চালাড খাব নালাগে৷ তিয়ঁহ আগবেলা আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী কিন্তু পাছবেলা আমাৰ শৰীৰৰ বাবে হানিকাৰক হৈ পৰে৷ বিলাহী অম্লধর্মী হোৱাৰ লগতে ইয়াত থকা গুটিবোৰ সহজে হজম নহয়৷ গতিকে কেঁচা বিলাহী ৰাতি খালে পেটৰ গোলমাল হোৱাৰ সম্ভাৱনা থাকে৷ অৱশ্যে সিজাই খালে অপকাৰ নকৰে৷

৩) দৈঃ দৈ ৰাতি খাব নালাগে। দৈ এবিধ পুষ্টিকৰ খাদ্য কিন্তু ইয়াক দিনতহে সেৱন কৰিব লাগে। দৈ গুৰুপাকী হোৱাৰ বাবে ৰাতি হজম কৰোঁতে অসুবিধা হয়৷ আৰু যিহেতু ৰাতি শুইহে থকা হয়, গতিকে এনে গুৰুপাকী খাদ্যই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

৪) তিতাকেৰেলাঃ ৰাতি তিতাকেৰেলা খোৱা উচিত নহয়। তিতাকেৰেলা বা অন্য যিকোনো তিতাই ৰাতি খাব নালাগে। 

৫)কফী, ডার্ক চকলেট আৰু গাখীৰ চাহঃ এইবোৰ বস্তু ৰাতি কমাই খাব লাগে৷ কাৰণ এইবিলাক খাদ্যত কেফেইন নামৰ ৰাসায়নিক পদার্থ থাকে যিয়ে হয়তো টোপনিত ব্যাঘাত জন্মাব পাৰে৷ বিশেষকৈ যিসকলৰ টোপনিৰ সমস্যা আছে তেওঁলোকে এইবোৰ বস্তু ৰাতি কমাই খাবলৈ চেষ্টা কৰা উচিত৷ 

৬) চর্বিযুক্ত খাদ্যঃ ৰাতি চর্বিযুক্ত খাদ্য কমাই খাব লাগে৷ চর্বি হজম হওঁতে যথেষ্ট সময় লাগে আৰু ৰাতি আমি বিশেষ পৰিশ্রম নকৰোঁ৷ আমি শুই থাকোঁতে যদি আমাৰ পাচনতন্ত্রৰূপী মেচিনটোৱে অনবৰতে এনেবোৰ খাদ্য হজম কৰাতেই লাগি থাকিবলগীয়া হয় তেন্তে ই অলপ কষ্ট পায়৷ সেয়ে ৰাতি ইয়াক বিশ্রাম দিব লাগে৷ চর্বিযুক্ত খাদ্য দিনৰ অন্য সময়ত খাব লাগে৷

৭) অত্যধিক টেঙা, খাৰযুক্ত খাদ্যঃ ৰাতি পৰাপক্ষত এইবোৰ খাব নালাগে৷ পেটৰ গোলমাল হোৱাৰ উপৰি টোপনিত ব্যাঘাত হোৱাৰ সম্ভাৱনা থাকে৷
 
৮) ফুলকবি, ব্রকলিঃ ৰাতি ফুলকবি, ব্রকলি খোৱাত বাধা নাই যদিও হজম শক্তি দুৰ্বল হলে ৰাতি গ্ৰহণ কৰিব নালাগে। গেছৰ সমস্যা থকা লোকে ৰাতি খাব নালাগে। যিসকল ব্যক্তিৰ হজম শক্তি ভাল তেওঁলোকে এনে খাদ্য সহজে হজম কৰিব পাৰে আৰু খাব পাৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু