--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সুস্থ শৰীৰ আৰু সুস্থ মন লৈ জীয়াই থাকিবলৈ সকলোৱে বিচাৰে। আমি সকলোৱেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ৷ যিমান টকা-পইচা থাকিলেও শৰীৰটো যদি ৰুগীয়া হয় জীৱনত কেতিয়াও শান্তি নাথাকে আৰু যদি টকা-পইচা কম থাকিলেও শৰীৰটো যদি সুস্থ হৈ থাকে তেন্তে জীৱনটো সুখী হৈ থাকে। আমি কিমান সুস্থ হৈ থাকিম সেই কথাত আমি খোৱা খাদ্যসমূহে যথেষ্টখিনি প্রভাৱ পেলায়৷ 

পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন খাদ্যৰ জুতি লওঁ যাতে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ৷ কিন্তু সকলো সময়তে সকলো বস্তু খোৱা উচিত নহয়। মানুহে যিহকে পায় তিহকে খালে ৰুগীয়া হোৱাটো স্বাভাৱিক। খাদ্য খাওঁতে আমি কিছুমান নীতি–নিয়ম পালন কৰি খালে বেছি সুফল পোৱা যায়৷ কিছুমান বস্তু ৰাতি একেবাৰে খাব নালাগে। সেইবোৰ বস্তু ৰাতি সেৱন কৰিলে আপুনি নজনাকৈ ৰোগে আহি আপোনাৰ শৰীৰত বাহ সাজে।  

এতিয়া জানো আহক ৰাতি কোনবোৰ আহাৰ খাব নালাগে-

১) শাক-পাতঃ ৰাতি শাক-পাত খাব নালাগে। ৰাতি এইবিলাকে পাচন ক্রিয়াত খেলিমেলিৰ সৃষ্টি কৰে, যাৰ ফলত গেছ, এচিডিটি বা বদহজম সমস্যাৰ সৃষ্টি হয়। ৰাতি আমাৰ শৰীৰে বিশ্রাম লয় আৰু পাচনতন্ত্রকো বিশ্রামৰ প্রয়োজন হয়৷ কিন্তু এনেকুৱা পাতশাকত থকা ফাইবাৰ হজম কৰিবলগীয়া হ’লে পাচনতন্ত্রই বেছি কাম কৰিবলগীয়া হয় আৰু ই টোপনিত ব্যাঘাত জন্মাব পাৰে আৰু বিভিন্ন ৰোগো উদ্ভৱ হ'ব পাৰে।

২) কেঁচা চালাডঃ ৰাতি খাব নলগীয়া বস্তুৰ ভিতৰত আনবিধ বস্তু হৈছে তিয়ঁহ, বিলাহীৰ কেঁচা চালাড৷ কেঁচা চালাড হজম হওঁতে অলপ সময় লাগে৷ যিসকলৰ গেছ, বদহজম, ডিচেন্ত্রী বা অন্য পেটৰ সমস্যা আছে তেওঁলোকে ৰাতি কেঁচা চালাড খাব নালাগে৷ তিয়ঁহ আগবেলা আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী কিন্তু পাছবেলা আমাৰ শৰীৰৰ বাবে হানিকাৰক হৈ পৰে৷ বিলাহী অম্লধর্মী হোৱাৰ লগতে ইয়াত থকা গুটিবোৰ সহজে হজম নহয়৷ গতিকে কেঁচা বিলাহী ৰাতি খালে পেটৰ গোলমাল হোৱাৰ সম্ভাৱনা থাকে৷ অৱশ্যে সিজাই খালে অপকাৰ নকৰে৷

৩) দৈঃ দৈ ৰাতি খাব নালাগে। দৈ এবিধ পুষ্টিকৰ খাদ্য কিন্তু ইয়াক দিনতহে সেৱন কৰিব লাগে। দৈ গুৰুপাকী হোৱাৰ বাবে ৰাতি হজম কৰোঁতে অসুবিধা হয়৷ আৰু যিহেতু ৰাতি শুইহে থকা হয়, গতিকে এনে গুৰুপাকী খাদ্যই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

৪) তিতাকেৰেলাঃ ৰাতি তিতাকেৰেলা খোৱা উচিত নহয়। তিতাকেৰেলা বা অন্য যিকোনো তিতাই ৰাতি খাব নালাগে। 

৫)কফী, ডার্ক চকলেট আৰু গাখীৰ চাহঃ এইবোৰ বস্তু ৰাতি কমাই খাব লাগে৷ কাৰণ এইবিলাক খাদ্যত কেফেইন নামৰ ৰাসায়নিক পদার্থ থাকে যিয়ে হয়তো টোপনিত ব্যাঘাত জন্মাব পাৰে৷ বিশেষকৈ যিসকলৰ টোপনিৰ সমস্যা আছে তেওঁলোকে এইবোৰ বস্তু ৰাতি কমাই খাবলৈ চেষ্টা কৰা উচিত৷ 

৬) চর্বিযুক্ত খাদ্যঃ ৰাতি চর্বিযুক্ত খাদ্য কমাই খাব লাগে৷ চর্বি হজম হওঁতে যথেষ্ট সময় লাগে আৰু ৰাতি আমি বিশেষ পৰিশ্রম নকৰোঁ৷ আমি শুই থাকোঁতে যদি আমাৰ পাচনতন্ত্রৰূপী মেচিনটোৱে অনবৰতে এনেবোৰ খাদ্য হজম কৰাতেই লাগি থাকিবলগীয়া হয় তেন্তে ই অলপ কষ্ট পায়৷ সেয়ে ৰাতি ইয়াক বিশ্রাম দিব লাগে৷ চর্বিযুক্ত খাদ্য দিনৰ অন্য সময়ত খাব লাগে৷

৭) অত্যধিক টেঙা, খাৰযুক্ত খাদ্যঃ ৰাতি পৰাপক্ষত এইবোৰ খাব নালাগে৷ পেটৰ গোলমাল হোৱাৰ উপৰি টোপনিত ব্যাঘাত হোৱাৰ সম্ভাৱনা থাকে৷
 
৮) ফুলকবি, ব্রকলিঃ ৰাতি ফুলকবি, ব্রকলি খোৱাত বাধা নাই যদিও হজম শক্তি দুৰ্বল হলে ৰাতি গ্ৰহণ কৰিব নালাগে। গেছৰ সমস্যা থকা লোকে ৰাতি খাব নালাগে। যিসকল ব্যক্তিৰ হজম শক্তি ভাল তেওঁলোকে এনে খাদ্য সহজে হজম কৰিব পাৰে আৰু খাব পাৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement