--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাখীৰ স্বাস্থ্যৰ বাবে যঠেষ্ট উপকাৰী। ই আপোনাক বহু ধৰণে উপকৃত কৰে, কিন্তু মনত ৰাখিব যে কিছুমান বিশেষ পৰিস্থিতিত গাখীৰ খাব নালাগে। এই বিষয়ে জানো আহক-

গাখীৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। শৰীৰৰ বাবে ইয়াৰ অগণন উপকাৰিতা আছে। গাখীৰত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে ভিটামিন এ, কেলচিয়াম, ভিটামিন কে আৰু ভিটামিন বি ১২ থাকে। একে সময়তে ইয়াত থাইমিছ আৰু নিকোটিনিক এচিড থাকে, যাৰ ফলত বহু সমস্যা কমি যায়। নিয়মিত গাখীৰ খালে শাৰীৰিক দুৰ্বলতা আৰু ভাগৰ দূৰ হয়। লগতে ই অনিদ্ৰাৰ সমস্যা দূৰ কৰে। ইয়াৰ বাহিৰেও গাখীৰৰ আৰু বহুতো উপকাৰিতা আছে। কিন্তু আপুনি জানেনে যে কিছুমান পৰিস্থিতিত গাখীৰ খোৱাৰ ফলত শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে। জানো কোন সকল‌ লোকে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু কিয় খাব নালাগে-

জণ্ডিচ আৰু ডায়েৰিয়াত গাখীৰ খাব নালাগে

জণ্ডিচ, ডায়েৰিয়া আৰু ডিচেণ্ট্ৰিত ভুগি থকা লোকসকলে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে অৱস্থাত গাখীৰ খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাহিৰেও যকৃতত প্ৰদাহ হ’লেও গাখীৰৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত ফাইব্ৰইডৰ সমস্যা হ’ব পাৰে। যদি আপুনি অধিক গাখীৰ খায় তেন্তে ই গুৰুতৰ ৰূপ ল’ব পাৰে।

ফেটি লিভাৰত

ফেটি লিভাৰত আক্ৰান্ত ৰোগীয়ে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এই ধৰণৰ সমস্যাত ভুগি থকা ৰোগীয়ে গাখীৰ হজম কৰাত অসুবিধা পায়। কাৰণ, গাখীৰত প্ৰটিন বেছি থাকে যিয়ে ফেটি লিভাৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত এচিডিটি আৰু বদহজম আদি সমস্যা বৃদ্ধি পায়।

গেছৰ সমস্যা

গাখীৰত লেক্ট’জ থাকে যাৰ ফলত আপোনাৰ হজম শক্তিৰ অৱনতি ঘটিব পাৰে। যদি আপুনি অধিক গাখীৰ খায় তেন্তে ইয়াৰ ফলত ডায়েৰিয়া আৰু পেট ফুলিব পাৰে। সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে গেছত ভুগিলে গাখীৰ খাব নালাগে বুলি পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ