--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাখীৰ স্বাস্থ্যৰ বাবে যঠেষ্ট উপকাৰী। ই আপোনাক বহু ধৰণে উপকৃত কৰে, কিন্তু মনত ৰাখিব যে কিছুমান বিশেষ পৰিস্থিতিত গাখীৰ খাব নালাগে। এই বিষয়ে জানো আহক-

গাখীৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয়। শৰীৰৰ বাবে ইয়াৰ অগণন উপকাৰিতা আছে। গাখীৰত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে ভিটামিন এ, কেলচিয়াম, ভিটামিন কে আৰু ভিটামিন বি ১২ থাকে। একে সময়তে ইয়াত থাইমিছ আৰু নিকোটিনিক এচিড থাকে, যাৰ ফলত বহু সমস্যা কমি যায়। নিয়মিত গাখীৰ খালে শাৰীৰিক দুৰ্বলতা আৰু ভাগৰ দূৰ হয়। লগতে ই অনিদ্ৰাৰ সমস্যা দূৰ কৰে। ইয়াৰ বাহিৰেও গাখীৰৰ আৰু বহুতো উপকাৰিতা আছে। কিন্তু আপুনি জানেনে যে কিছুমান পৰিস্থিতিত গাখীৰ খোৱাৰ ফলত শৰীৰৰ বহু ধৰণৰ ক্ষতি হ’ব পাৰে। জানো কোন সকল‌ লোকে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু কিয় খাব নালাগে-

জণ্ডিচ আৰু ডায়েৰিয়াত গাখীৰ খাব নালাগে

জণ্ডিচ, ডায়েৰিয়া আৰু ডিচেণ্ট্ৰিত ভুগি থকা লোকসকলে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এনে অৱস্থাত গাখীৰ খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাহিৰেও যকৃতত প্ৰদাহ হ’লেও গাখীৰৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত ফাইব্ৰইডৰ সমস্যা হ’ব পাৰে। যদি আপুনি অধিক গাখীৰ খায় তেন্তে ই গুৰুতৰ ৰূপ ল’ব পাৰে।

ফেটি লিভাৰত

ফেটি লিভাৰত আক্ৰান্ত ৰোগীয়ে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এই ধৰণৰ সমস্যাত ভুগি থকা ৰোগীয়ে গাখীৰ হজম কৰাত অসুবিধা পায়। কাৰণ, গাখীৰত প্ৰটিন বেছি থাকে যিয়ে ফেটি লিভাৰৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত এচিডিটি আৰু বদহজম আদি সমস্যা বৃদ্ধি পায়।

গেছৰ সমস্যা

গাখীৰত লেক্ট’জ থাকে যাৰ ফলত আপোনাৰ হজম শক্তিৰ অৱনতি ঘটিব পাৰে। যদি আপুনি অধিক গাখীৰ খায় তেন্তে ইয়াৰ ফলত ডায়েৰিয়া আৰু পেট ফুলিব পাৰে। সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে গেছত ভুগিলে গাখীৰ খাব নালাগে বুলি পৰামৰ্শ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু