--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখৰ এখন গাঁৱত হঠাৎ নিশাৰ আকাশত এটা ৰহস্যময় ৰঙা পোহৰৰ আবিৰ্ভাৱ ঘটিল। শুকুৰবাৰে নিশা লাডাখৰ দাঁতিৰ এখন গাঁৱৰ হানোলৰ আকাশ ৰঙা পোহৰেৰে আৱৰি ধৰিলে। সেই সময়ত সেই গাঁৱত থকা কিছুমানে সেই ছবিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।

কিন্তু কি কাৰণত এই ৰঙা লাইটটো দেখা গ’ল লাডাখত? শেহতীয়াকৈ মহাকাশত সৌৰ ধুমুহাই আঘাত হানে। ইয়াৰ প্ৰভাৱ বিশ্বতো পৰে। উত্তৰ ইউৰোপ, অষ্ট্ৰেলিয়া অঞ্চলৰ বহু দেশত নিশাৰ আকাশত অৰোৰা ব’ৰেলিছ বা মেৰু পোহৰ দেখা গৈছে। তেওঁৰ প্ৰভাৱ লাডাখত পৰা বুলি ধাৰণা কৰা হৈছে। যদিও সাধাৰণতে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আৰু কাষৰীয়া অঞ্চলত অৰোৰা দেখা যায়। ভৌগোলিক অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি লাডাখৰ দৰে ঠাইত মেৰু পোহৰ দেখা পোৱাটো প্ৰায় বিৰল পৰিঘটনা বুলি ধৰা হয়।

শেহতীয়া সৌৰ ধুমুহাই কিছুদিনৰ পৰা কিছুমান দেশৰ টেলিকমিউনিকেচন ব্যৱস্থাত প্ৰভাৱ পেলোৱা বুলি জানিব পৰা গৈছে। নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহা হৈছে সূৰ্য্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চুম্বকীয় তৰংগৰ বৃহৎ বিস্ফোৰণ। ফলত কোটি কোটি সৌৰ কণা ইফালে সিফালে সিঁচৰতি হ’ব পাৰে। সৌৰজগতত ইয়াৰ প্ৰভাৱ অনিবাৰ্য। তাৰ ওপৰত এদল বিজ্ঞানীয়ে দাবী কৰিছে যে বিগত ২০ বছৰত এনে সৌৰ ধুমুহা হোৱা নাই।

নাছাৰ বিজ্ঞানীসকলেও কয় যে সৌৰ ধুমুহাই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। জিপিএছ, বেতাঁৰ যোগাযোগ ইয়াৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে হেৰাই যাব পাৰে। আনকি, সৌৰ ধুমুহাই ইণ্টাৰনেট সংযোগ আৰু মোবাইল নেটৱৰ্কত প্ৰভাৱ পেলাব পাৰে। কোনো কোনো ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাটো বিৰল নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ