--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখৰ এখন গাঁৱত হঠাৎ নিশাৰ আকাশত এটা ৰহস্যময় ৰঙা পোহৰৰ আবিৰ্ভাৱ ঘটিল। শুকুৰবাৰে নিশা লাডাখৰ দাঁতিৰ এখন গাঁৱৰ হানোলৰ আকাশ ৰঙা পোহৰেৰে আৱৰি ধৰিলে। সেই সময়ত সেই গাঁৱত থকা কিছুমানে সেই ছবিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল।

কিন্তু কি কাৰণত এই ৰঙা লাইটটো দেখা গ’ল লাডাখত? শেহতীয়াকৈ মহাকাশত সৌৰ ধুমুহাই আঘাত হানে। ইয়াৰ প্ৰভাৱ বিশ্বতো পৰে। উত্তৰ ইউৰোপ, অষ্ট্ৰেলিয়া অঞ্চলৰ বহু দেশত নিশাৰ আকাশত অৰোৰা ব’ৰেলিছ বা মেৰু পোহৰ দেখা গৈছে। তেওঁৰ প্ৰভাৱ লাডাখত পৰা বুলি ধাৰণা কৰা হৈছে। যদিও সাধাৰণতে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু আৰু কাষৰীয়া অঞ্চলত অৰোৰা দেখা যায়। ভৌগোলিক অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি লাডাখৰ দৰে ঠাইত মেৰু পোহৰ দেখা পোৱাটো প্ৰায় বিৰল পৰিঘটনা বুলি ধৰা হয়।

শেহতীয়া সৌৰ ধুমুহাই কিছুদিনৰ পৰা কিছুমান দেশৰ টেলিকমিউনিকেচন ব্যৱস্থাত প্ৰভাৱ পেলোৱা বুলি জানিব পৰা গৈছে। নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহা হৈছে সূৰ্য্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চুম্বকীয় তৰংগৰ বৃহৎ বিস্ফোৰণ। ফলত কোটি কোটি সৌৰ কণা ইফালে সিফালে সিঁচৰতি হ’ব পাৰে। সৌৰজগতত ইয়াৰ প্ৰভাৱ অনিবাৰ্য। তাৰ ওপৰত এদল বিজ্ঞানীয়ে দাবী কৰিছে যে বিগত ২০ বছৰত এনে সৌৰ ধুমুহা হোৱা নাই।

নাছাৰ বিজ্ঞানীসকলেও কয় যে সৌৰ ধুমুহাই পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। জিপিএছ, বেতাঁৰ যোগাযোগ ইয়াৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে হেৰাই যাব পাৰে। আনকি, সৌৰ ধুমুহাই ইণ্টাৰনেট সংযোগ আৰু মোবাইল নেটৱৰ্কত প্ৰভাৱ পেলাব পাৰে। কোনো কোনো ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাটো বিৰল নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু