--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিচাই কিদৰে এটা পৰিয়ালক নিঃশেষ কৰি দিব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল উত্তৰ প্ৰদেশত। ৰাজ্যখনত  ঘটিছে এক লোমহৰ্ষক  ঘটনা। এজন লোকে  পত্নী আৰু মাতৃক হত্যা কৰাৰ লগতে নিজৰ তিনি সন্তানকো হত্যা কৰি অৱশেষত আত্মহত্যা কৰিছে।  লোকজনে  তেওঁৰ তিনিটা সন্তানক ছাদৰ পৰা দলিয়াই দি হত্যা কৰে। ঘটনাটো শনিবাৰে উত্তৰ প্ৰদেশৰ সীতাপুৰ অঞ্চলৰ এখন গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ ছটাকৈ  মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 

আৰক্ষীয়ে  প্ৰকাশ কৰা মতে হত্যাকাৰী অনুৰাগ সিং (৪২) লক্ষ্ণৌৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সীতাপুৰৰ পালহাপুৰ গাঁৱৰ বাসিন্দা আছিল। তেওঁ তেওঁৰ পত্নী, মাতৃ আৰু তিনিটা সন্তানৰ সৈতে বাস কৰিছিল। নিচাগ্ৰস্ত অনুৰাগ মানসিক সমস্যাত ভুগি আছিল। তেওঁ প্ৰায়ে তেওঁৰ পত্নী আৰু মাকৰ সৈতে কোনো কাৰণ নোহোৱাকৈ  বিবাদত লিপ্ত হৈছিল। অনুৰাগৰ পত্নী প্ৰিয়ংকাই (৪০) তেওঁৰ স্বামীক  আসক্তি মুক্ত কেন্দ্ৰলৈ পঠিয়াব বিচাৰিছিল। কিন্তু যিহেতু অনুৰাগে সন্মত হোৱা নাছিল, দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল। 

শুকুৰবাৰে  নিশা কাজিয়া  বাঢ়ি গৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, অনুৰাগে তেওঁৰ পত্নীক হাতুৰীৰে মূৰত আঘাত কৰি হত্যা কৰে। তাৰ পিছত তেওঁ তেওঁৰ মাক সাবিত্ৰীক (৬৫) গুলীয়াই  হত্যা কৰে। অৱশেষত অনুৰাগে তেওঁৰ তিনিওটা সন্তানক  ছাদলৈ লৈ গৈ  তেওঁলোকক তললৈ দলিয়াই দিয়ে। শিশুকেইটাৰ চিঞৰ শুনি চুবুৰীয়াসকলে ঘটনাস্থলীলৈ দৌৰি আহে। সেই সময়তে মূৰত গুলীয়াই অনুৰাগে আত্মহত্যা কৰে।  

একেটা পৰিয়ালৰ ছজন সদস্যৰ মৃত্যুৱে গাওঁখনত শোকৰ ছাঁ পেলাইছে চক্ৰেশ মিশ্ৰ নামৰ এজন আৰক্ষী বিষয়াই কয়, "ঘটনাস্থলীত ফৰেনচিক দল উপস্থিত হৈছে। আমি ঘটনাটোৰ সকলো দিশ অনুসন্ধান কৰি আছো’’। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছে। অনুসন্ধানকাৰী বিষয়াসকলে অনুৰাগে  পিষ্টলটো কেনেকৈ পাইছিল  সেয়াও অনুসন্ধান কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু