--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিচাই কিদৰে এটা পৰিয়ালক নিঃশেষ কৰি দিব পাৰে তাৰ প্ৰমাণ পোৱা গ’ল উত্তৰ প্ৰদেশত। ৰাজ্যখনত  ঘটিছে এক লোমহৰ্ষক  ঘটনা। এজন লোকে  পত্নী আৰু মাতৃক হত্যা কৰাৰ লগতে নিজৰ তিনি সন্তানকো হত্যা কৰি অৱশেষত আত্মহত্যা কৰিছে।  লোকজনে  তেওঁৰ তিনিটা সন্তানক ছাদৰ পৰা দলিয়াই দি হত্যা কৰে। ঘটনাটো শনিবাৰে উত্তৰ প্ৰদেশৰ সীতাপুৰ অঞ্চলৰ এখন গাঁৱত সংঘটিত হৈছে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ ছটাকৈ  মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 

আৰক্ষীয়ে  প্ৰকাশ কৰা মতে হত্যাকাৰী অনুৰাগ সিং (৪২) লক্ষ্ণৌৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত সীতাপুৰৰ পালহাপুৰ গাঁৱৰ বাসিন্দা আছিল। তেওঁ তেওঁৰ পত্নী, মাতৃ আৰু তিনিটা সন্তানৰ সৈতে বাস কৰিছিল। নিচাগ্ৰস্ত অনুৰাগ মানসিক সমস্যাত ভুগি আছিল। তেওঁ প্ৰায়ে তেওঁৰ পত্নী আৰু মাকৰ সৈতে কোনো কাৰণ নোহোৱাকৈ  বিবাদত লিপ্ত হৈছিল। অনুৰাগৰ পত্নী প্ৰিয়ংকাই (৪০) তেওঁৰ স্বামীক  আসক্তি মুক্ত কেন্দ্ৰলৈ পঠিয়াব বিচাৰিছিল। কিন্তু যিহেতু অনুৰাগে সন্মত হোৱা নাছিল, দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল। 

শুকুৰবাৰে  নিশা কাজিয়া  বাঢ়ি গৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, অনুৰাগে তেওঁৰ পত্নীক হাতুৰীৰে মূৰত আঘাত কৰি হত্যা কৰে। তাৰ পিছত তেওঁ তেওঁৰ মাক সাবিত্ৰীক (৬৫) গুলীয়াই  হত্যা কৰে। অৱশেষত অনুৰাগে তেওঁৰ তিনিওটা সন্তানক  ছাদলৈ লৈ গৈ  তেওঁলোকক তললৈ দলিয়াই দিয়ে। শিশুকেইটাৰ চিঞৰ শুনি চুবুৰীয়াসকলে ঘটনাস্থলীলৈ দৌৰি আহে। সেই সময়তে মূৰত গুলীয়াই অনুৰাগে আত্মহত্যা কৰে।  

একেটা পৰিয়ালৰ ছজন সদস্যৰ মৃত্যুৱে গাওঁখনত শোকৰ ছাঁ পেলাইছে চক্ৰেশ মিশ্ৰ নামৰ এজন আৰক্ষী বিষয়াই কয়, "ঘটনাস্থলীত ফৰেনচিক দল উপস্থিত হৈছে। আমি ঘটনাটোৰ সকলো দিশ অনুসন্ধান কৰি আছো’’। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছে। অনুসন্ধানকাৰী বিষয়াসকলে অনুৰাগে  পিষ্টলটো কেনেকৈ পাইছিল  সেয়াও অনুসন্ধান কৰি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ