--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডই কঁপাইছে উত্তৰাখণ্ড। বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল অংকিতা ভাণ্ডাৰী। অংকিতাই উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল।

অংকিতা ভাণ্ডাৰীয়ে ৰিজৰ্টখনত কাম কৰি অস্বস্তি অনুভৱ কৰিছিল। এই কথা জনাইছে অংকিতাৰ এক ঘনিষ্ঠ বন্ধুয়ে।

তেওঁৰ মতে, অংকিতাই কামত ইমানেই হতাশ হৈছিল যে ১০ ছেপ্টেম্বৰত অংকিতাই আন ঠাইত কাম বিচাৰিবলৈ অনুৰোধ কৰিছিল চিনাকি এজনক।  ৰিজ’ৰ্টখনত তেওঁ মাত্ৰ ২২ দিন কাম কৰিছিল। অংকিতাই প্ৰথম দৰমহা পোৱাৰ পূৰ্বেই তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিজ’ৰ্টৰ মালিক তথা উত্তৰাখণ্ড বিজেপি নেতা পুলকিত আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে।

ঘনিষ্ঠ সূত্ৰটোৱে লগতে দাবী কৰিছে যে অংকিতাই হৰিদ্বাৰ আৰু হৃষিকেশত কাম বিচাৰি আছিল। ডেৰাডুনৰ পৰা হোটেল মেনেজমেণ্ট পাছ কৰাৰ পিছত বনন্তৰা ৰিজ’ৰ্টত প্ৰথম চাকৰি লাভ কৰে অংকিতাই। তেওঁ ভাবিছিল যে এই চাকৰিৰ টকাৰে তেওঁ নিজৰ পৰিয়ালটো ভালদৰে পৰিচালনা কৰিব। কিন্তু তাৰ আগতে সকলো শেষ হৈ গৈছিল।

২৭ আগষ্টত হৰিদ্বাৰৰ এজন যুৱকে এই ৰিজ’ৰ্টত ছুপাৰভাইজাৰ হিচাপে চাকৰি লাভ কৰিছিল। সেই ছুপাৰভাইজাৰজনে অংকিতাক ৰিজ’ৰ্টত কাম শিকাত সহায় কৰিছিল। কিন্তু ৮ ছেপ্টেম্বৰত ৰিজ’ৰ্টখনৰ আন কৰ্মচাৰীৰ সৈতে মনোমালিন্য হোৱাত যুৱকজনে কৰ্মস্থলী ত্যাগ কৰে। ছুপাৰভাইজাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে অংকিতাই ৰিজ’ৰ্টখনৰ কামক লৈ অত্যন্ত চিন্তিত হৈছিল। অংকিতাই ১০ জনলৈ মেছেজ প্ৰেৰণ কৰি কাম বাদ দিম বুলি জনাইছিল।

১৮ ছেপ্টেম্বৰত দুপৰীয়া ৰিজৰ্টত শেষবাৰৰ বাবে দেখা গৈছিল অংকিতাক। তেতিয়াৰ পৰা তেওঁ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ৮ বজাত অংকিতা বিজেপি নেতাৰ পুত্ৰ তথা ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, ৰিজ’ৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী প্ৰবন্ধক অংকিতৰ সৈতে হৃষিকেশলৈ গৈছিল। অংকিতাই তিনিওজন যুৱকৰ লগত কাজিয়া কৰিছিল। ৰিজ’ৰ্টত সংঘটিত হোৱা অপৰাধ ফাদিল কৰাৰ ভাবুকি দিয়ে অংকিতাই। ইয়াৰ পিছতে তেওঁক হত্যা কৰি চিলা শক্তি খালত পেলাই দিয়ে যুৱককেইজনে।

শনিবাৰে খালটোৰ পৰা উদ্ধাৰ কৰে অংকিতাৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে পানীত ডুব গৈ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় অংকিতাৰ। মৃতদেহত আঘাত পোৱাৰ চিন দেখা গৈছিল। 

শনিবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংকিতাৰ পিতৃৰ সৈতে টেলিফোনযোগে কথা পাতে। অংকিতাৰ পিতৃক সকলো সমৰ্থনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে অংকিতাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ