--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডই কঁপাইছে উত্তৰাখণ্ড। বেশ্যাবৃত্তিত নিয়োজিত নোহোৱা বাবেই হত্যাৰ বলি হ’ল অংকিতা ভাণ্ডাৰী। অংকিতাই উত্তৰাখণ্ডৰ ঋষিকেশ জিলাৰ বনন্তৰা ৰিজ’ৰ্টত ৰিচেপশ্যনিষ্ট হিচাপে কাম কৰি আছিল। অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য্যৰ পুত্ৰ পুলকিত আৰ্য্যসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে।

অভিযুক্তসকলে জনোৱা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰলৈ যাবলৈ অস্বীকাৰ কৰিছিল। ৰিচেপশ্যনিষ্ট অংকিতাক তেওঁলোকে দেহ ব্যৱসায়ত নমাবলৈ চেষ্টা কৰিছিল যদিও অংকিতাই সেই প্ৰস্তাৱ নাকচ কৰিছিল। সেয়ে তেওঁলোকে অংকিতাক হত্যা কৰি চিলা শক্তি খালত পেলাই দিছিল।

অংকিতা ভাণ্ডাৰীয়ে ৰিজৰ্টখনত কাম কৰি অস্বস্তি অনুভৱ কৰিছিল। এই কথা জনাইছে অংকিতাৰ এক ঘনিষ্ঠ বন্ধুয়ে।

তেওঁৰ মতে, অংকিতাই কামত ইমানেই হতাশ হৈছিল যে ১০ ছেপ্টেম্বৰত অংকিতাই আন ঠাইত কাম বিচাৰিবলৈ অনুৰোধ কৰিছিল চিনাকি এজনক।  ৰিজ’ৰ্টখনত তেওঁ মাত্ৰ ২২ দিন কাম কৰিছিল। অংকিতাই প্ৰথম দৰমহা পোৱাৰ পূৰ্বেই তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিজ’ৰ্টৰ মালিক তথা উত্তৰাখণ্ড বিজেপি নেতা পুলকিত আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে।

ঘনিষ্ঠ সূত্ৰটোৱে লগতে দাবী কৰিছে যে অংকিতাই হৰিদ্বাৰ আৰু হৃষিকেশত কাম বিচাৰি আছিল। ডেৰাডুনৰ পৰা হোটেল মেনেজমেণ্ট পাছ কৰাৰ পিছত বনন্তৰা ৰিজ’ৰ্টত প্ৰথম চাকৰি লাভ কৰে অংকিতাই। তেওঁ ভাবিছিল যে এই চাকৰিৰ টকাৰে তেওঁ নিজৰ পৰিয়ালটো ভালদৰে পৰিচালনা কৰিব। কিন্তু তাৰ আগতে সকলো শেষ হৈ গৈছিল।

২৭ আগষ্টত হৰিদ্বাৰৰ এজন যুৱকে এই ৰিজ’ৰ্টত ছুপাৰভাইজাৰ হিচাপে চাকৰি লাভ কৰিছিল। সেই ছুপাৰভাইজাৰজনে অংকিতাক ৰিজ’ৰ্টত কাম শিকাত সহায় কৰিছিল। কিন্তু ৮ ছেপ্টেম্বৰত ৰিজ’ৰ্টখনৰ আন কৰ্মচাৰীৰ সৈতে মনোমালিন্য হোৱাত যুৱকজনে কৰ্মস্থলী ত্যাগ কৰে। ছুপাৰভাইজাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনায় যে অংকিতাই ৰিজ’ৰ্টখনৰ কামক লৈ অত্যন্ত চিন্তিত হৈছিল। অংকিতাই ১০ জনলৈ মেছেজ প্ৰেৰণ কৰি কাম বাদ দিম বুলি জনাইছিল।

১৮ ছেপ্টেম্বৰত দুপৰীয়া ৰিজৰ্টত শেষবাৰৰ বাবে দেখা গৈছিল অংকিতাক। তেতিয়াৰ পৰা তেওঁ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিল। আৰক্ষীৰ সূত্ৰ অনুসৰি সেইদিনা নিশা প্ৰায় ৮ বজাত অংকিতা বিজেপি নেতাৰ পুত্ৰ তথা ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, ৰিজ’ৰ্ট মেনেজাৰ সৌৰভ ভাস্কৰ আৰু সহকাৰী প্ৰবন্ধক অংকিতৰ সৈতে হৃষিকেশলৈ গৈছিল। অংকিতাই তিনিওজন যুৱকৰ লগত কাজিয়া কৰিছিল। ৰিজ’ৰ্টত সংঘটিত হোৱা অপৰাধ ফাদিল কৰাৰ ভাবুকি দিয়ে অংকিতাই। ইয়াৰ পিছতে তেওঁক হত্যা কৰি চিলা শক্তি খালত পেলাই দিয়ে যুৱককেইজনে।

শনিবাৰে খালটোৰ পৰা উদ্ধাৰ কৰে অংকিতাৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে পানীত ডুব গৈ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় অংকিতাৰ। মৃতদেহত আঘাত পোৱাৰ চিন দেখা গৈছিল। 

শনিবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংকিতাৰ পিতৃৰ সৈতে টেলিফোনযোগে কথা পাতে। অংকিতাৰ পিতৃক সকলো সমৰ্থনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে অংকিতাৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু