--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ আজি অৰ্থাৎ শনিবাৰে ১৯ বছৰ সম্পূৰ্ণ হ’ল। ২০০৫ চনৰ এই দিনটোতে আৰ টি আই আইন আৰম্ভ হয়। কিন্তু এই উপলক্ষে এক প্ৰতিবেদনে উদ্বেগ প্ৰকাশ কৰিছে যে সমগ্ৰ দেশৰ ২৯ টা তথ্য আয়োগত ৪ লাখৰো অধিক আবেদন আৰু অভিযোগ বিচাৰাধীন হৈ আছে। 

Right to information - a webinar brief - iPleaders


এই প্ৰতিবেদন প্ৰস্তুত কৰিছে স্বচ্ছতা কৰ্মী অঞ্জলি ভৰদ্বাজৰ নেতৃত্বত নাগৰিক সমাজৰ গোট সতৰ্ক নাগ্ৰিক সংগঠনে। প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ ৩০ জুনলৈকে দেশৰ বিভিন্ন তথ্য আয়োগত ৪,০৫,৫০৯ টা গোচৰ বিচাৰাধীন হৈ আছে। প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বাধিক ১,০৮,৬৪১ টা আপীল আৰু অভিযোগ মহাৰাষ্ট্ৰ তথ্য আয়োগত বিচাৰাধীন হৈ আছে। ইয়াৰ পিছতে কৰ্ণাটক (৫০,০০০), তামিলনাডু (৪১,২৪১) আৰু ছত্তীশগড় (২৫,৩১৭)।


প্ৰতিবেদনত দেখা গৈছে যে ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ২৬টা তথ্য আয়োগত মুঠ ২,১৮,৩৪৭টা গোচৰ বিচাৰাধীন হৈ আছিল। ২০২২ চনৰ জুন মাহত এই সংখ্যাই ৩ লাখ অতিক্ৰম কৰিছিল। এই বছৰ এই সংখ্যা ৪,০৫,৫০৯ লৈ বৃদ্ধি পাইছে। আনহাতে, ২০২৩ চনৰ ১ জুলাইৰ পৰা ২০২৪ চনৰ ৩০ জুনলৈকে ২৭টা তথ্য আয়োগে ২,৩১,৪১৭টা আপীল আৰু অভিযোগ পঞ্জীয়ন কৰে। একে সময়ছোৱাত ২৮টা আয়োগে ২,২৫,৯২৯টা গোচৰ নিষ্পত্তি কৰে।

Detailed-Analysis-On-Right-to-Information-Act-2005


অন্য এক চিন্তনীয় কথা পোহৰলৈ আহিছে এই প্ৰতিবেদনত। উল্লেখ্য যে যোৱা এবছৰত ঝাৰখণ্ড, তেলেংগানা, গোৱা, ত্ৰিপুৰা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ ৭টা তথ্য আয়োগ বিভিন্ন সময়ত নিষ্ক্ৰিয় হৈ আছিল। ইয়াৰে চাৰিটা আয়োগ ঝাৰখণ্ড, তেলেংগানা, গোৱা আৰু ত্ৰিপুৰা এতিয়াও নিষ্ক্ৰিয় হৈ আছে।

কেন্দ্ৰীয় তথ্য আয়োগে প্ৰায় এবছৰ ধৰি মুৰব্বীকে ধৰি মাত্ৰ তিনিজন আয়ুক্তৰে কাম কৰি আছে। প্ৰতিবেদনখনে চিআইচিত বিচাৰাধীন আপীল আৰু অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে, যিটো ৩০ জুনলৈকে ২২,৭৭৪টা গোচৰ আছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ