--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ আজি অৰ্থাৎ শনিবাৰে ১৯ বছৰ সম্পূৰ্ণ হ’ল। ২০০৫ চনৰ এই দিনটোতে আৰ টি আই আইন আৰম্ভ হয়। কিন্তু এই উপলক্ষে এক প্ৰতিবেদনে উদ্বেগ প্ৰকাশ কৰিছে যে সমগ্ৰ দেশৰ ২৯ টা তথ্য আয়োগত ৪ লাখৰো অধিক আবেদন আৰু অভিযোগ বিচাৰাধীন হৈ আছে। 

Right to information - a webinar brief - iPleaders


এই প্ৰতিবেদন প্ৰস্তুত কৰিছে স্বচ্ছতা কৰ্মী অঞ্জলি ভৰদ্বাজৰ নেতৃত্বত নাগৰিক সমাজৰ গোট সতৰ্ক নাগ্ৰিক সংগঠনে। প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ ৩০ জুনলৈকে দেশৰ বিভিন্ন তথ্য আয়োগত ৪,০৫,৫০৯ টা গোচৰ বিচাৰাধীন হৈ আছে। প্ৰতিবেদনত কোৱা হৈছে যে সৰ্বাধিক ১,০৮,৬৪১ টা আপীল আৰু অভিযোগ মহাৰাষ্ট্ৰ তথ্য আয়োগত বিচাৰাধীন হৈ আছে। ইয়াৰ পিছতে কৰ্ণাটক (৫০,০০০), তামিলনাডু (৪১,২৪১) আৰু ছত্তীশগড় (২৫,৩১৭)।


প্ৰতিবেদনত দেখা গৈছে যে ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ২৬টা তথ্য আয়োগত মুঠ ২,১৮,৩৪৭টা গোচৰ বিচাৰাধীন হৈ আছিল। ২০২২ চনৰ জুন মাহত এই সংখ্যাই ৩ লাখ অতিক্ৰম কৰিছিল। এই বছৰ এই সংখ্যা ৪,০৫,৫০৯ লৈ বৃদ্ধি পাইছে। আনহাতে, ২০২৩ চনৰ ১ জুলাইৰ পৰা ২০২৪ চনৰ ৩০ জুনলৈকে ২৭টা তথ্য আয়োগে ২,৩১,৪১৭টা আপীল আৰু অভিযোগ পঞ্জীয়ন কৰে। একে সময়ছোৱাত ২৮টা আয়োগে ২,২৫,৯২৯টা গোচৰ নিষ্পত্তি কৰে।

Detailed-Analysis-On-Right-to-Information-Act-2005


অন্য এক চিন্তনীয় কথা পোহৰলৈ আহিছে এই প্ৰতিবেদনত। উল্লেখ্য যে যোৱা এবছৰত ঝাৰখণ্ড, তেলেংগানা, গোৱা, ত্ৰিপুৰা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ ৭টা তথ্য আয়োগ বিভিন্ন সময়ত নিষ্ক্ৰিয় হৈ আছিল। ইয়াৰে চাৰিটা আয়োগ ঝাৰখণ্ড, তেলেংগানা, গোৱা আৰু ত্ৰিপুৰা এতিয়াও নিষ্ক্ৰিয় হৈ আছে।

কেন্দ্ৰীয় তথ্য আয়োগে প্ৰায় এবছৰ ধৰি মুৰব্বীকে ধৰি মাত্ৰ তিনিজন আয়ুক্তৰে কাম কৰি আছে। প্ৰতিবেদনখনে চিআইচিত বিচাৰাধীন আপীল আৰু অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে, যিটো ৩০ জুনলৈকে ২২,৭৭৪টা গোচৰ আছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু