--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দশেৰা ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন স্থানত ৰামলীলাৰ মঞ্চায়নৰ কাৰ্যসূচী আৰম্ভ হয়। এই ক্ৰমত উত্তৰাখণ্ডৰ ৰোশনাবাদ কাৰাগাৰত ৰামলীলা মঞ্চস্থ কৰা হয়। কাৰাগাৰৰ কয়দীসকলে ইয়াত শিল্পী হিচাপে অংশগ্ৰহণ কৰে। ৰামলীলাৰ মঞ্চত দুজন কয়দীয়ে বান্দৰৰ ভাও লৈছিল। চৰিত্ৰমতে কয়দী দুয়োজন সীতাৰ সন্ধানত যাব লগা হয়। তাৰ পিছত দুয়োজন কয়দীয়ে তাৰ পৰা ওলাই যোৱাৰ ভাল সুযোগ পাইছিল। বান্দৰৰ সাজ পিন্ধি পংকজ আৰু ৰামকুমাৰ নামৰ বন্দী কেইজনে মাতৃ সীতাক বিচাৰি মঞ্চৰ পৰা আঁতৰি গ’ল। 


অনুষ্ঠানত উপস্থিত ৰাইজে সীতাৰ সন্ধানত যোৱা বান্দৰ কেইটালৈ অপেক্ষা কৰি আছিল কিন্তু ঘটনা বেলেগ । বান্দৰবোৰে সীতাৰ সন্ধানত নহয়, নিজেই পলাবলৈ চেষ্টা কৰিছিল। বহু সময় পাৰ হৈ যোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তাত দুয়োজনেই উপস্থিত নাছিল। ইতিমধ্যে তেওঁলোক জেলৰ পৰা পলায়ন কৰিছিল। কাৰাগাৰৰ পৰা দুয়ো পলায়ন কৰাৰ পাছতে আৰক্ষীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।


কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দীসকলৰ ভিতৰত অন্যতম পংকজ কুমাৰক হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। আনহাতে, অপহৰণ গোচৰত জে’লত আছিল আনজন কয়দী ৰামকুমাৰ। দুয়োজন কয়দী পলায়নৰ পিছত কাৰাগাৰ প্ৰশাসন আৰু জিলা প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে। দুয়োজন কয়দীয়ে জেলৰ পৰা ওলাই আহিবলৈ এটা জখলাৰ সহায় লৈছিল।


জেলৰ ভিতৰত কিছু কাম চলি আছিল, যাৰ বাবে তাত জখলা ব্যৱহাৰ কৰা হৈছিল। দুয়োজনেই সকলোৰে দৃষ্টিৰ পৰা আঁতৰি আহি জখলাৰে বাহিৰলৈ ওলাই গ’ল। তাত উপস্থিত থকা আৰক্ষী জোৱানৰ গাফিলতিৰ বাবে আৰক্ষীক ডজ কৰি স্থানৰ পৰা পলায়ন কৰে দুজন অপৰাধী। কয়দী পংকজ ৰুৰকী আৰু ৰামকুমাৰ উত্তৰ প্ৰদেশৰ গোণ্ডৰ বাসিন্দা। কাৰাগাৰ প্ৰশাসনে অতি সোনকালে দুয়োজন কয়দীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ