--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দশেৰা ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন স্থানত ৰামলীলাৰ মঞ্চায়নৰ কাৰ্যসূচী আৰম্ভ হয়। এই ক্ৰমত উত্তৰাখণ্ডৰ ৰোশনাবাদ কাৰাগাৰত ৰামলীলা মঞ্চস্থ কৰা হয়। কাৰাগাৰৰ কয়দীসকলে ইয়াত শিল্পী হিচাপে অংশগ্ৰহণ কৰে। ৰামলীলাৰ মঞ্চত দুজন কয়দীয়ে বান্দৰৰ ভাও লৈছিল। চৰিত্ৰমতে কয়দী দুয়োজন সীতাৰ সন্ধানত যাব লগা হয়। তাৰ পিছত দুয়োজন কয়দীয়ে তাৰ পৰা ওলাই যোৱাৰ ভাল সুযোগ পাইছিল। বান্দৰৰ সাজ পিন্ধি পংকজ আৰু ৰামকুমাৰ নামৰ বন্দী কেইজনে মাতৃ সীতাক বিচাৰি মঞ্চৰ পৰা আঁতৰি গ’ল। 


অনুষ্ঠানত উপস্থিত ৰাইজে সীতাৰ সন্ধানত যোৱা বান্দৰ কেইটালৈ অপেক্ষা কৰি আছিল কিন্তু ঘটনা বেলেগ । বান্দৰবোৰে সীতাৰ সন্ধানত নহয়, নিজেই পলাবলৈ চেষ্টা কৰিছিল। বহু সময় পাৰ হৈ যোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক বিচাৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তাত দুয়োজনেই উপস্থিত নাছিল। ইতিমধ্যে তেওঁলোক জেলৰ পৰা পলায়ন কৰিছিল। কাৰাগাৰৰ পৰা দুয়ো পলায়ন কৰাৰ পাছতে আৰক্ষীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।


কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দীসকলৰ ভিতৰত অন্যতম পংকজ কুমাৰক হত্যাকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। আনহাতে, অপহৰণ গোচৰত জে’লত আছিল আনজন কয়দী ৰামকুমাৰ। দুয়োজন কয়দী পলায়নৰ পিছত কাৰাগাৰ প্ৰশাসন আৰু জিলা প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষীয়ে তেওঁলোকৰ সন্ধান আৰম্ভ কৰিছে। দুয়োজন কয়দীয়ে জেলৰ পৰা ওলাই আহিবলৈ এটা জখলাৰ সহায় লৈছিল।


জেলৰ ভিতৰত কিছু কাম চলি আছিল, যাৰ বাবে তাত জখলা ব্যৱহাৰ কৰা হৈছিল। দুয়োজনেই সকলোৰে দৃষ্টিৰ পৰা আঁতৰি আহি জখলাৰে বাহিৰলৈ ওলাই গ’ল। তাত উপস্থিত থকা আৰক্ষী জোৱানৰ গাফিলতিৰ বাবে আৰক্ষীক ডজ কৰি স্থানৰ পৰা পলায়ন কৰে দুজন অপৰাধী। কয়দী পংকজ ৰুৰকী আৰু ৰামকুমাৰ উত্তৰ প্ৰদেশৰ গোণ্ডৰ বাসিন্দা। কাৰাগাৰ প্ৰশাসনে অতি সোনকালে দুয়োজন কয়দীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু