--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রলহাদ যোশীয়ে কংগ্রেছৰ বিৰুদ্ধে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। যোশীয়ে দাবী কৰিছে যে কংগ্ৰেছৰ শাসনকালত দেশত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিব পৰা নাছিল। ফলস্বৰূপে জনসংখ্যা বৃদ্ধি পাইছিল।

উল্লেখযোগ্য যে কৰ্ণাটকত শেহতীয়াকৈ কংগ্ৰেছে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে যদিহে দলটো ক্ষমতাত অধিষ্ঠিত হয়, তেন্তে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব। কৰ্ণাটক কংগ্ৰেছে আগন্তুক ৰাজ্যিক নিৰ্বাচনত জয়ী হ’লে প্ৰতিমাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। তাৰেই সমালোচনা কৰিছে যোশীয়ে।

যোশীয়ে কয়- ''এতিয়া কংগ্ৰেছে কৈছে যে তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ দিব। কিন্তু বিনামূলীয়াকৈ বিদ্যুৎ দিব বুলি আপোনালোকে বিশ্বাস কৰেনে? তেওঁলোকে কেতিয়াও বিদ্যুৎ দিয়া নাছিল। গাঁৱে-ভূঞে আগতে কেতিয়াও বিদ্যুৎ নাছিল। প্ৰধানমন্ত্ৰী মোডী ক্ষমতালৈ অহাৰ পিছত আমি ২৪ ঘণ্টীয়া বিদ্যুৎ দিবলৈ সক্ষম হৈছো।’’

তেওঁ লগতে কয়, “কংগ্ৰেছে  বিদ্যুৎ কমকৈ দিয়াৰ বাবে দেশৰ জনসংখ্যা বৃদ্ধি পাইছিল।”

উল্লেখ্য যে অহা মে’ মাহৰ ভিতৰতে কৰ্ণাটক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তেনে সময়তে এই মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ