ডিজিটেল ডেস্কঃ কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রলহাদ যোশীয়ে কংগ্রেছৰ বিৰুদ্ধে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। যোশীয়ে দাবী কৰিছে যে কংগ্ৰেছৰ শাসনকালত দেশত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিব পৰা নাছিল। ফলস্বৰূপে জনসংখ্যা বৃদ্ধি পাইছিল।
উল্লেখযোগ্য যে কৰ্ণাটকত শেহতীয়াকৈ কংগ্ৰেছে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে যদিহে দলটো ক্ষমতাত অধিষ্ঠিত হয়, তেন্তে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ’ব। কৰ্ণাটক কংগ্ৰেছে আগন্তুক ৰাজ্যিক নিৰ্বাচনত জয়ী হ’লে প্ৰতিমাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। তাৰেই সমালোচনা কৰিছে যোশীয়ে।
যোশীয়ে কয়- ''এতিয়া কংগ্ৰেছে কৈছে যে তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ দিব। কিন্তু বিনামূলীয়াকৈ বিদ্যুৎ দিব বুলি আপোনালোকে বিশ্বাস কৰেনে? তেওঁলোকে কেতিয়াও বিদ্যুৎ দিয়া নাছিল। গাঁৱে-ভূঞে আগতে কেতিয়াও বিদ্যুৎ নাছিল। প্ৰধানমন্ত্ৰী মোডী ক্ষমতালৈ অহাৰ পিছত আমি ২৪ ঘণ্টীয়া বিদ্যুৎ দিবলৈ সক্ষম হৈছো।’’
তেওঁ লগতে কয়, “কংগ্ৰেছে বিদ্যুৎ কমকৈ দিয়াৰ বাবে দেশৰ জনসংখ্যা বৃদ্ধি পাইছিল।”
উল্লেখ্য যে অহা মে’ মাহৰ ভিতৰতে কৰ্ণাটক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তেনে সময়তে এই মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।