--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমিৰ খানৰ ছুপাৰহিট ছবি ‘লগান’ৰ নায়িকা গ্ৰেচী সিঙক আপোনাৰ বাৰু মনত আছেনে? আশুতোষ গোৱাৰিকাৰৰ ছুপাৰহিট ছবি ‘লগান’ত আমিৰ খানৰ বিপৰীতে নায়িকা হৈ ৰাতিটোৰ ভিতৰতে ষ্টাৰ হৈ পৰিছিল গ্ৰেচি সিং। টিভি ছিৰিয়েলৰ পৰা আহি আমিৰ খানৰ ছবি লাভ কৰাটো তেওঁৰ বাবে এক ডাঙৰ কৃতিত্ব আছিল। বলীউডৰ ‘লগান’, ‘গংগাজল’, ‘মুন্নাভাই এম বি বি এছ’-ৰ দৰে হিট ছবিত কাম কৰাৰ পিছতো গ্ৰেচি সিং হঠাতে বলীউড ইণ্ডাষ্ট্ৰীৰ পৰা অন্তৰ্ধান হৈছিল। 

টিভি শ্ব’ ‘আমানত’-ৰে অভিনয় জীৱন আৰম্ভ কৰা গ্ৰেচি সিঙে লগান ছবিখনৰ বাবে টিভি উদ্যোগক বিদায় জনাইছিল। তেলেগু, পাঞ্জাবী, গুজৰাটী, মালয়ালম, কানাড়া, মাৰাঠী আদি বহু ভাষাৰ ছবিত কাম কৰিছিল যদিও ক’তো তেওঁ সফলতা লাভ কৰা নাছিল। বলীউডত গ্ৰেচীৰ এটা সুন্দৰ এণ্ট্ৰি আছিল। ইয়াৰ পিছতো তেওঁৰ কেৰিয়াৰ নিম্নগামী হৈয়েই থাকিল। ২০০২ চনত তেওঁ তেলেগু কমেডী নাটক ছবি সন্থোষমতো অভিনয় কৰিছিল। ইয়াত তেওঁ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ সৈতে কাম কৰাৰ সুযোগ পালে। ছবিখনে হিট হৈছিল ঠিকেই, কিন্তু ইয়াতো গ্ৰেচীৰ কেৰিয়াৰে কাম কৰা নাছিল। ছবিখনত নাগাৰ্জুন, গ্ৰেচি সিং, শ্ৰী শৰণ, প্ৰভু দেৱাৰ দৰে ডাঙৰ ডাঙৰ অভিনেতা আছিল। 

গ্ৰেচীয়ে পাঞ্জাবী আৰু মালয়ালম ছবিতো অভিনয় কৰিছিল। খবৰ অনুসৰি গ্ৰেচীয়ে ছবিৰ পৰা দূৰত্ব গঢ়ি তুলিছিল কাৰণ তেওঁ কেৱল এনে ছবিহে কৰিব বিচাৰিছিল যিবোৰ তেওঁ মাক-দেউতাকৰ সৈতে বহি একেলগে চাব পাৰে। সেয়েহে ছবিৰ অভাৱত গ্ৰেচিয়ে বি গ্ৰেড ছবিও কৰিবলৈ আৰম্ভ কৰিছিল।

১৯৮০ চনত দিল্লীত জন্মগ্ৰহণ কৰা গ্ৰেচীৰ পিতৃ-মাতৃয়ে ইচ্ছা কৰিছিল যে তেওঁ এগৰাকী অভিযন্তা বা ডাক্তৰ হওক, কিন্তু গ্ৰেচীয়ে পঢ়া-শুনাৰ পিছত মডেলিং জগতত প্ৰৱেশ কৰিছিল আৰু অভিনয় জগতত ভৰি থৈছিল। 

অভিনয় জগতৰ পৰা আঁতৰি গ্ৰেচি সিঙে ব্ৰহ্মকুমাৰী সন্থাত যোগদান কৰিছে। ব্ৰহ্মকুমাৰী সদস্যসকলে বিয়া নকৰায়, গতিকে ৪২ বছৰীয়া গ্ৰেচীও বিবাহপাশত আৱদ্ধ হোৱা নাই। ব্ৰহ্মকুমাৰী সন্থাৰ সদস্যসকলে তেওঁক দিদি বুলি মাতে। ইয়াৰ উপৰিও গ্ৰেচীয়ে ষ্টেজ শ্ব’ও কৰে আৰু শাস্ত্ৰীয় নৃত্য শিকায়। ইস্কন সম্পৰ্কীয় ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰে গ্ৰেচী সিঙে। বৰ্তমান তেওঁ সম্পূৰ্ণৰূপে আধ্যাত্মিক চিন্তা-চেতনাৰ দিশটোৰ সৈতে জড়িত হৈ পৰিছে আৰু এই দিশটোতেই তেওঁ আগুৱাই যাব বিচাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী