--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ ছবি ব্ৰহ্মাস্ত্ৰ ছবিগৃহত মুক্তি লাভ কৰিছে। অয়ন মুখাৰ্জী পৰিচালনাত নিৰ্মিত ব্ৰহ্মাস্ত্ৰই লাভ কৰিছে মিশ্ৰিত সমালোচনা। কিছুমানে এই ছবিখনক বহুত ভাল বুলি কৈছে, আনহাতে কিছুমানে ইয়াক দুৰ্যোগ বুলি অভিহিত কৰিছে। ব্ৰহ্মাস্ত্ৰ বনাবলৈ অয়ন মুখাৰ্জী বহু বছৰ সময় লাগিছিল। মিশ্ৰিত সমালোচনা লাভ কৰাৰ পাছত এই ছবিখনে বক্স অফিচত সফল বুলি প্ৰমাণিত হৈছে। মুকলিৰ দিনটোত ব্ৰহ্মাস্ত্ৰই এক সুন্দৰ সফলতা লাভ কৰিছে। কিন্তু বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ ব্ৰহ্মাস্ত্ৰৰ দলটোক লৈ ক্ষুব্ধ। তেওঁ ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি ব্ৰহ্মাস্ত্ৰৰ দলটোক টাৰ্গেট কৰিছে। কেৱল এয়াই নহয়, কংগনাই আনকি কৈছে যে অয়ন মুখাৰ্জীয়ে ৬০০কোটি টকা জ্বলাইছে বুলিও উল্লেখ কৰিছে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত ব্ৰহ্মাস্ত্ৰৰ নেতিবাচক সমালোচনা শ্বেয়াৰ কৰাৰ সময়তে কংগনাই নিৰ্মাতাসকলক মিছলীয়া বুলি অভিহিত কৰিছে। কংগনাই লিখিছে - 'মিছা বিক্ৰী কৰিবলৈ চেষ্টা কৰিলে এনেকুৱাই হয়। কৰণ জোহৰে প্ৰতিটো শ্ব’তে মানুহক ক’বলৈ বাধ্য কৰে যে আলিয়া ভট্ট আৰু ৰণবীৰ শ্ৰেষ্ঠ অভিনেতা আৰু অয়ন মুখাৰ্জী এজন জিনিয়াছ। লাহে লাহে তেওঁ এই কথাতো সকলোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে। এই ছবিখনৰ ৬০০কোটি টকাৰ বাজেটে আৰু কবলৈ কি আছে, যিজন পৰিচালকে জীৱনত কোনো ভাল ছবি নিৰ্মাণ কৰা নাছিল। এই ছবিখনৰ বাবে ধন আগবঢ়াবলৈ ফক্স ষ্টুডিঅ’ই নিজকে বিক্ৰী কৰিবলগীয়া হৈছিল। আৰু এইবোৰ ছবিৰ বাবেই কিমান ষ্টুডিঅ’ বন্ধ থাকিব।'




কংগনাই তেওঁৰ পৰৱৰ্তী ষ্ট'ৰীত লিখিছে– 'যিসকলে অয়ন মুখাৰ্জীক জিনিয়াছ বুলি কয় তেওঁলোকক তৎক্ষণাত জে’ললৈ প্ৰেৰণ কৰা উচিত। এই ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ১২বছৰ সময় লৈছিল, ১৪টা ডি অ’ পি সলনি কৰিছিল, ৪০০দিনতকৈ অধিক সময় ধৰি ছবিখনৰ শ্বুটিং কৰিছিল, ৮৫গৰাকী সহকাৰী পৰিচালক সলনি কৰিছিল আৰু ৬০০কোটি উৰুৱাইছিল। একে সময়তে শেষ মুহূৰ্তত ছবিখনৰ নাম সলনি কৰিলে ধৰ্মীয় আৱেগক আঘাত হানিলে। এনে সুবিধাবাদী মানুহ, এনে সৃষ্টিশীলতাৰ পৰা বঞ্চিত মানুহ, সফলতাৰ ভোকাতুৰ মানুহ, যদি তেওঁলোকক জিনিয়াছ বুলি কোৱাতো দিনক ৰাতি আৰু ৰাতিক দিন কোৱা এটা সুচিন্তিত কৌশল।



কংগনা ৰানাউটে ইয়াতেই ৰৈ নাথাকিল, তেওঁ  কৰণ জোহৰক সাঙুৰি লৈয়ো মন্তব্য কৰে। কংগনাই কয় কৰণ জোহৰৰ দৰে মানুহক প্ৰশ্ন কৰা উচিত। ছবিখনৰ চিত্ৰনাট্যতকৈ তেওঁ সকলোৰে যৌন জীৱনৰ প্ৰতি বেছি আগ্ৰহী, তেওঁ স্বীকাৰ কৰিছে যে তেওঁ ৰিভিউ, ষ্টাৰ আৰু ভুৱা সংগ্ৰহ নম্বৰ ক্ৰয় কৰে। ভাল সৎ ছবি এখন বনাব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’