--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ ছবি ব্ৰহ্মাস্ত্ৰ ছবিগৃহত মুক্তি লাভ কৰিছে। অয়ন মুখাৰ্জী পৰিচালনাত নিৰ্মিত ব্ৰহ্মাস্ত্ৰই লাভ কৰিছে মিশ্ৰিত সমালোচনা। কিছুমানে এই ছবিখনক বহুত ভাল বুলি কৈছে, আনহাতে কিছুমানে ইয়াক দুৰ্যোগ বুলি অভিহিত কৰিছে। ব্ৰহ্মাস্ত্ৰ বনাবলৈ অয়ন মুখাৰ্জী বহু বছৰ সময় লাগিছিল। মিশ্ৰিত সমালোচনা লাভ কৰাৰ পাছত এই ছবিখনে বক্স অফিচত সফল বুলি প্ৰমাণিত হৈছে। মুকলিৰ দিনটোত ব্ৰহ্মাস্ত্ৰই এক সুন্দৰ সফলতা লাভ কৰিছে। কিন্তু বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটৰ ব্ৰহ্মাস্ত্ৰৰ দলটোক লৈ ক্ষুব্ধ। তেওঁ ছ’চিয়েল মিডিয়াত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি ব্ৰহ্মাস্ত্ৰৰ দলটোক টাৰ্গেট কৰিছে। কেৱল এয়াই নহয়, কংগনাই আনকি কৈছে যে অয়ন মুখাৰ্জীয়ে ৬০০কোটি টকা জ্বলাইছে বুলিও উল্লেখ কৰিছে।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত ব্ৰহ্মাস্ত্ৰৰ নেতিবাচক সমালোচনা শ্বেয়াৰ কৰাৰ সময়তে কংগনাই নিৰ্মাতাসকলক মিছলীয়া বুলি অভিহিত কৰিছে। কংগনাই লিখিছে - 'মিছা বিক্ৰী কৰিবলৈ চেষ্টা কৰিলে এনেকুৱাই হয়। কৰণ জোহৰে প্ৰতিটো শ্ব’তে মানুহক ক’বলৈ বাধ্য কৰে যে আলিয়া ভট্ট আৰু ৰণবীৰ শ্ৰেষ্ঠ অভিনেতা আৰু অয়ন মুখাৰ্জী এজন জিনিয়াছ। লাহে লাহে তেওঁ এই কথাতো সকলোৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে। এই ছবিখনৰ ৬০০কোটি টকাৰ বাজেটে আৰু কবলৈ কি আছে, যিজন পৰিচালকে জীৱনত কোনো ভাল ছবি নিৰ্মাণ কৰা নাছিল। এই ছবিখনৰ বাবে ধন আগবঢ়াবলৈ ফক্স ষ্টুডিঅ’ই নিজকে বিক্ৰী কৰিবলগীয়া হৈছিল। আৰু এইবোৰ ছবিৰ বাবেই কিমান ষ্টুডিঅ’ বন্ধ থাকিব।'




কংগনাই তেওঁৰ পৰৱৰ্তী ষ্ট'ৰীত লিখিছে– 'যিসকলে অয়ন মুখাৰ্জীক জিনিয়াছ বুলি কয় তেওঁলোকক তৎক্ষণাত জে’ললৈ প্ৰেৰণ কৰা উচিত। এই ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ১২বছৰ সময় লৈছিল, ১৪টা ডি অ’ পি সলনি কৰিছিল, ৪০০দিনতকৈ অধিক সময় ধৰি ছবিখনৰ শ্বুটিং কৰিছিল, ৮৫গৰাকী সহকাৰী পৰিচালক সলনি কৰিছিল আৰু ৬০০কোটি উৰুৱাইছিল। একে সময়তে শেষ মুহূৰ্তত ছবিখনৰ নাম সলনি কৰিলে ধৰ্মীয় আৱেগক আঘাত হানিলে। এনে সুবিধাবাদী মানুহ, এনে সৃষ্টিশীলতাৰ পৰা বঞ্চিত মানুহ, সফলতাৰ ভোকাতুৰ মানুহ, যদি তেওঁলোকক জিনিয়াছ বুলি কোৱাতো দিনক ৰাতি আৰু ৰাতিক দিন কোৱা এটা সুচিন্তিত কৌশল।



কংগনা ৰানাউটে ইয়াতেই ৰৈ নাথাকিল, তেওঁ  কৰণ জোহৰক সাঙুৰি লৈয়ো মন্তব্য কৰে। কংগনাই কয় কৰণ জোহৰৰ দৰে মানুহক প্ৰশ্ন কৰা উচিত। ছবিখনৰ চিত্ৰনাট্যতকৈ তেওঁ সকলোৰে যৌন জীৱনৰ প্ৰতি বেছি আগ্ৰহী, তেওঁ স্বীকাৰ কৰিছে যে তেওঁ ৰিভিউ, ষ্টাৰ আৰু ভুৱা সংগ্ৰহ নম্বৰ ক্ৰয় কৰে। ভাল সৎ ছবি এখন বনাব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী