--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে ৪১ বছৰ বয়সতো নিজৰ সৌন্দৰ্য্য আৰু ফিটনেছক ধৰি ৰখাৰ বাবে প্ৰায়ে চৰ্চাত থাকে। শ্বেতা তিৱাৰী এগৰাকী সুপৰিচিত টিভি অভিনেত্ৰী। তেওঁ কেৱল নিজৰ পেছাদাৰী জীৱনক লৈয়ে নহয় ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত থাকে।ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থকা শ্বেতাই নিজৰ ছবিৰে অনুৰাগীসকল চমকিত কৰি তোলে। 

শ্বেতাৰ দৰেই তেওঁৰ ২১ বছৰীয়া কন্যা পলক তিৱাৰীও ছ'চিয়েল মিডিয়াত অতি সক্ৰিয়। নিজৰ দুবাৰকৈ সংসাৰ ভঙাৰ পাছত এতিয়া কন্যা পলকক বিয়া নাপাতিবলৈ পৰামৰ্শ দিছে শ্বেতা তিৱাৰীয়ে। শ্বেতাৰ এই সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে, মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে এগৰাকী মাতৃয়ে কিয় কন্যাৰ বিয়া হোৱাটো বিচৰা নাই?

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত শ্বেতাই কয় যে ‘‘দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছত এতিয়া বিবাহৰ প্ৰতি থকা মোৰ চিন্তাধাৰা সলনি হৈছে। ‘মই এতিয়া বিবাহত একেবাৰেই বিশ্বাস নকৰো, আনকি মই মোৰ ছোৱালীক পলককো বিয়া নকৰিবলৈও কওঁ। যদিও এয়া তাইৰ নিজৰ জীৱন, মই তাইক কেনেকৈ জীয়াই থাকিব লাগে তাৰ নিৰ্দেশ নিদিওঁ, কিন্তু মই বিচাৰো তাই বিয়াৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক।’’

শ্বেতাই লগতে কয়, ‘‘সম্পৰ্কত থকাৰ বাবেই বিয়া হোৱাটো প্ৰয়োজনীয় নহয়। আপুনি এনেকৈ ভাবিব নালাগে যে বিয়া পতাটো অতি জৰুৰী আৰু ইয়াৰ অবিহনে জীৱনটো চলাব নোৱাৰি। প্ৰতিখন বিয়াই বেয়া নহয়। মোৰ বহুতো বিবাহিত বন্ধু বহুত সুখী কিন্তু মই এনেকুৱা সংসাৰো দেখিছো যত দুয়োজনে জীৱনত কেৱল বুজাপৰাৰ মাজতহে চলি থাকে। সেইবাবেই মই মোৰ ছোৱালীজনীক ক’ব বিচাৰো যে সামাজিক হেঁচাত কোনো সিদ্ধান্ত ল’ব নালাগে, তাইক যি কামে সুখী কৰে তাই সেইটো কামেই কৰক।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’