--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। এই গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি শ্বাপেজেজা টি-২০ ক্ৰিকেট লীগৰ সময়ত আফগানিস্তানৰ কাবুল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এক আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। 

আফগানিস্তানৰ জনপ্ৰিয় ক্ৰিকেট লীগ শ্বাপেজেজা টি-২০ ক্ৰিকেট লীগৰ সূচী অনুসৰি বেণ্ড-ই-আমিৰ ড্ৰেগন আৰু পামিৰ জালমীৰ মাজত চলি থকা খেলৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ লগে লগে সকলো খেলুৱৈকে নিৰাপত্তাৰ খাতিৰত এটা বাংকাৰৰ ভিতৰলৈ ততাতৈয়াকৈ লৈ যোৱা হয়। উল্লেখ্য যে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কেইগৰাকীমান বিষয়াও ষ্টেডিয়ামত উপস্থিত আছিল। 

আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কাৰ্যবাহী বিষয়া নাছিব খান জাদৰানে কাবুলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত হোৱা বিস্ফোৰণৰ বাতৰি নিশ্চিত কৰি ঘটনাটোত চাৰিজন লোক আহত হৈছে বুলি সদৰি কৰিছে।জাদৰানে লগতে কয় যে খেলুৱৈ তথা ষ্টেডিয়ামত থকা বিদেশী নাগৰিকসকলৰ এই বিস্ফোৰণত কোনো ক্ষতি হোৱা নাই। ঘটনাটোত কোনো লোকৰে এইপৰ্যন্ত মৃত্যু হোৱা নাই বুলি বিষয়া গৰাকীয়ে লগতে কয়।

উল্লেখ্য যে তালিবান শাসনৰ বিৰোধিতা কৰি ইছলামিক ষ্টেট (আইএছ) গোটে আৰম্ভ কৰা কেইবাটাও বোমা আক্ৰমণে আফগানিস্তানক জোকাৰি গৈছে। দুদিন পূৰ্বে কাবুলৰ গুৰুদ্বাৰ কাৰতে পাৰৱানৰ গেটৰ ওচৰতো এটা বিস্ফোৰণ সংঘটিত হৈছিল। 

ইয়াৰ পূৰ্বেও জুন মাহত কাৰতে পাৰৱানত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছিল। ইছলামিক ষ্টেটে গুৰুদ্বাৰাত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। বিস্ফোৰণটোত এজন শিখ সম্প্ৰদায়ৰ সদস্যসহ দুজন লোক নিহত হৈছিল।

তদুপৰি মে’ মাহত সংঘটিত আন এটা ভয়ংকৰ বোমা আক্ৰমণত কাবুল আৰু উত্তৰৰ মাজাৰ-ই-শ্বৰীফ চহৰক জোকাৰি যোৱা চাৰিটা বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ৩২ জন লোক আহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু