--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তালিবান শাসিত আফগানিস্তানত অব্যাহত আছে সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। দেশখনৰ মূল সন্ত্ৰাসবাদী গোট তালিবানে যোৱা ২০২০ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আন ইছলামিক উগ্ৰপন্থী গোটসমূহে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী কাৰ্যকলাপ। বিশেষকৈ তালিবানৰ সৈতে বিৰুদ্ধাত্মক স্থিতিত থকা এই গোটসমূহে ধাৰাবাহিকভাৱে দেশখনত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰি আহিছে। এই গোটসমূহৰ এনে কাৰ্যকলাপৰ মাজতে দেশখনত আজি শ্বাপেজেজা টি-২০ ক্ৰিকেট লীগৰ সময়ত আফগানিস্তানৰ কাবুল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এক আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। 

আফগানিস্তানৰ জনপ্ৰিয় ক্ৰিকেট লীগ শ্বাপেজেজা টি-২০ ক্ৰিকেট লীগৰ সূচী অনুসৰি বেণ্ড-ই-আমিৰ ড্ৰেগন আৰু পামিৰ জালমীৰ মাজত চলি থকা খেলৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ লগে লগে সকলো খেলুৱৈকে নিৰাপত্তাৰ খাতিৰত এটা বাংকাৰৰ ভিতৰলৈ ততাতৈয়াকৈ লৈ যোৱা হয়। উল্লেখ্য যে বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কেইগৰাকীমান বিষয়াও ষ্টেডিয়ামত উপস্থিত আছিল। 

আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কাৰ্যবাহী বিষয়া নাছিব খান জাদৰানে কাবুলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত হোৱা বিস্ফোৰণৰ বাতৰি নিশ্চিত কৰি ঘটনাটোত চাৰিজন লোক আহত হৈছে বুলি সদৰি কৰিছে।জাদৰানে লগতে কয় যে খেলুৱৈ তথা ষ্টেডিয়ামত থকা বিদেশী নাগৰিকসকলৰ এই বিস্ফোৰণত কোনো ক্ষতি হোৱা নাই। ঘটনাটোত কোনো লোকৰে এইপৰ্যন্ত মৃত্যু হোৱা নাই বুলি বিষয়া গৰাকীয়ে লগতে কয়।

উল্লেখ্য যে তালিবান শাসনৰ বিৰোধিতা কৰি ইছলামিক ষ্টেট (আইএছ) গোটে আৰম্ভ কৰা কেইবাটাও বোমা আক্ৰমণে আফগানিস্তানক জোকাৰি গৈছে। দুদিন পূৰ্বে কাবুলৰ গুৰুদ্বাৰ কাৰতে পাৰৱানৰ গেটৰ ওচৰতো এটা বিস্ফোৰণ সংঘটিত হৈছিল। 

ইয়াৰ পূৰ্বেও জুন মাহত কাৰতে পাৰৱানত কেইবাটাও বিস্ফোৰণ সংঘটিত হৈছিল। ইছলামিক ষ্টেটে গুৰুদ্বাৰাত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। বিস্ফোৰণটোত এজন শিখ সম্প্ৰদায়ৰ সদস্যসহ দুজন লোক নিহত হৈছিল।

তদুপৰি মে’ মাহত সংঘটিত আন এটা ভয়ংকৰ বোমা আক্ৰমণত কাবুল আৰু উত্তৰৰ মাজাৰ-ই-শ্বৰীফ চহৰক জোকাৰি যোৱা চাৰিটা বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ৩২ জন লোক আহত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক