--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাকৰি নোপোৱাৰ বাবে বিচলিত হৈ পৰিছিল এজন ২৭ বছৰীয়া যুৱক। ইয়াৰ আঁৰত তেওঁ যি কাৰণ দিছিল সেয়া যথেষ্ট আকৰ্ষণীয়। লোকজনে দাবী কৰে যে ২৭ বছৰ বয়সতো তেওঁক শিশুৰ দৰে দেখা যায়, সেইবাবেই মানুহে তেওঁক কাম নিদিয়ে। ছচিয়েল মিডিয়াত তেওঁৰ এই ভিডিঅ’ই শিৰোনাম দখল কৰিছে। কেৱল চেহেৰাৰ বাবেই তেওঁক চাকৰি নিদিয়াৰ বাবে নেটিজেনে নিয়োগকৰ্তাসকলক সমালোচনা কৰিছে। উল্লেখযোগ্য যে কেৱল শিশু শ্ৰমিকৰ ভয়তে কোনোৱে চাকৰি দিয়া নাছিল যুৱকগৰাকীক। ইফালে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰম্ভ হ'ল চাকৰিৰ অফাৰ।

মাও শ্বেঙৰ এই ভিডিঅ’ই ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে। কেৱল চেহেৰাৰ বাবেই মাওক চাকৰি নিদিয়াৰ বাবে নিয়োগকৰ্তাসকল সমালোচনাৰ সন্মুখীন হৈছে।

চীনৰ গুৱাংডং প্ৰদেশৰ বাসিন্দা মাও শ্বেং। তেওঁ কয় যে ২৭ বছৰ বয়সতো তেওঁক কোনেও কাম নিদিয়ে। শিশু বুলি গণ্য কৰি মানুহে তেওঁলোকক আওকাণ কৰে। মানুহে ভাবে যে মাও শ্বেঙক নিযুক্তি দিলে তেওঁলোকে শিশু শ্ৰমিকৰ গোচৰত আবদ্ধ হ’ব পাৰে। এটা ভিডিঅ’ত মাওৱে কৈছে যে চুটি আকাৰ আৰু শিশুসুলভ চেহেৰা তেওঁৰ জীৱনৰ এক গুৰুতৰ সমস্যা হিচাপে প্ৰমাণিত হৈছে।

মাওৱে নিজৰ সমস্যাটো ৰাইজৰ আগত শ্বেয়াৰ কৰাৰ লগে লগে  ভাইৰেল হৈ পৰে সকলো। ছ’চিয়েল মিডিয়াত তেওঁৰ ছবি/ভিডিঅ’ দেখি মানুহে বুজি পালে যে তেওঁলোকক চাকৰি দিয়াৰ ক্ষেত্ৰত ইমান ভুল বুজাবুজি কিয় হৈছিল। চাকৰি নোপোৱাত হতাশা প্ৰকাশ কৰি মাওৱে কয় যে তেওঁ দেউতাকক আৰ্থিকভাৱে সহায় কৰিব পৰা নাই।

খবৰ অনুসৰি, মাওৰ মাতৃয়ে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল। দেউতাকৰ হাৰ্ট এটেক হোৱাৰ পাছত ঘৰত মাও আছিল একমাত্ৰ উপাৰ্জনকাৰী। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে তেওঁ বহু চাকৰিৰ প্ৰস্তাৱ পাইছিল। শেহতীয়া তথ্য অনুসৰি মাওৱে এটা কোম্পানীত চাকৰি কৰিবলৈ সন্মত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক