--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাকৰি নোপোৱাৰ বাবে বিচলিত হৈ পৰিছিল এজন ২৭ বছৰীয়া যুৱক। ইয়াৰ আঁৰত তেওঁ যি কাৰণ দিছিল সেয়া যথেষ্ট আকৰ্ষণীয়। লোকজনে দাবী কৰে যে ২৭ বছৰ বয়সতো তেওঁক শিশুৰ দৰে দেখা যায়, সেইবাবেই মানুহে তেওঁক কাম নিদিয়ে। ছচিয়েল মিডিয়াত তেওঁৰ এই ভিডিঅ’ই শিৰোনাম দখল কৰিছে। কেৱল চেহেৰাৰ বাবেই তেওঁক চাকৰি নিদিয়াৰ বাবে নেটিজেনে নিয়োগকৰ্তাসকলক সমালোচনা কৰিছে। উল্লেখযোগ্য যে কেৱল শিশু শ্ৰমিকৰ ভয়তে কোনোৱে চাকৰি দিয়া নাছিল যুৱকগৰাকীক। ইফালে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে আৰম্ভ হ'ল চাকৰিৰ অফাৰ।

মাও শ্বেঙৰ এই ভিডিঅ’ই ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিছে। কেৱল চেহেৰাৰ বাবেই মাওক চাকৰি নিদিয়াৰ বাবে নিয়োগকৰ্তাসকল সমালোচনাৰ সন্মুখীন হৈছে।

চীনৰ গুৱাংডং প্ৰদেশৰ বাসিন্দা মাও শ্বেং। তেওঁ কয় যে ২৭ বছৰ বয়সতো তেওঁক কোনেও কাম নিদিয়ে। শিশু বুলি গণ্য কৰি মানুহে তেওঁলোকক আওকাণ কৰে। মানুহে ভাবে যে মাও শ্বেঙক নিযুক্তি দিলে তেওঁলোকে শিশু শ্ৰমিকৰ গোচৰত আবদ্ধ হ’ব পাৰে। এটা ভিডিঅ’ত মাওৱে কৈছে যে চুটি আকাৰ আৰু শিশুসুলভ চেহেৰা তেওঁৰ জীৱনৰ এক গুৰুতৰ সমস্যা হিচাপে প্ৰমাণিত হৈছে।

মাওৱে নিজৰ সমস্যাটো ৰাইজৰ আগত শ্বেয়াৰ কৰাৰ লগে লগে  ভাইৰেল হৈ পৰে সকলো। ছ’চিয়েল মিডিয়াত তেওঁৰ ছবি/ভিডিঅ’ দেখি মানুহে বুজি পালে যে তেওঁলোকক চাকৰি দিয়াৰ ক্ষেত্ৰত ইমান ভুল বুজাবুজি কিয় হৈছিল। চাকৰি নোপোৱাত হতাশা প্ৰকাশ কৰি মাওৱে কয় যে তেওঁ দেউতাকক আৰ্থিকভাৱে সহায় কৰিব পৰা নাই।

খবৰ অনুসৰি, মাওৰ মাতৃয়ে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল। দেউতাকৰ হাৰ্ট এটেক হোৱাৰ পাছত ঘৰত মাও আছিল একমাত্ৰ উপাৰ্জনকাৰী। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে তেওঁ বহু চাকৰিৰ প্ৰস্তাৱ পাইছিল। শেহতীয়া তথ্য অনুসৰি মাওৱে এটা কোম্পানীত চাকৰি কৰিবলৈ সন্মত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু