--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকিছুদিন পূৰ্বে সংসদত কেইটামান বিশেষ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি হোৱা চৰ্চা তথা বিতৰ্কৰ পিছত এইবাৰ সাংসদসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে নতুন আচৰণ বিধি প্ৰৱৰ্তন কৰাৰ কথা ভবা হৈছে।

সংসদ সচিবালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  এইবাৰ লোকসভা-ৰাজ্যসভাত বিশৃংখল পৰিস্থিতি প্ৰতিহত কৰিবলৈ এক নতুন আচৰণ বিধি প্ৰৱৰ্তন কৰা হ’ব। সূত্ৰটোৱে কয় যে নতুন নিয়মবোৰ পৰৱৰ্তী শীতকালীন অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব পাৰে।

নতুন আচৰণ বিধি অনুসৰি অধিৱেশনৰ সময়ত পোষ্টাৰ আৰু প্লেকাৰ্ড আদি লৈ সংসদৰ ভিতৰত কোনো সাংসদে  প্ৰতিবাদ কৰিব নোৱাৰিব। সংসদৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে সাংসদসকলে যাতে তেওঁলোকৰ মতামত সঠিকভাৱে উপস্থাপন কৰিব পাৰে তাৰ বাবে চৰকাৰ আৰু বিৰোধী সাংসদসকলৰ মতামত লৈ  খচৰা আচৰণ বিধি প্ৰস্তুত কৰা হৈছে বুলি সূত্ৰটোৱে সদৰি কৰিছে। নতুন আচৰণ বিধি অনুসৰি  সাংসদসকলক অধিৱেশনৰ সময়ত সপ্তাহত কমেও এবাৰ বিভিন্ন বিষয়ত "চমু বিবৃতি" দিবলৈ অনুমতি দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে।

বৰ্ষাকালীন  অধিৱেশনৰ সময়ত পোষ্টাৰ আদি লৈ প্ৰতিবাদ কৰাৰ "অপৰাধ"ত লোকসভাৰ চাৰিজন আৰু ৰাজ্যসভাৰ ১৯ জন সাংসদক নিলম্বিত কৰা হৈছিল। অধিৱেশনত হোৱা প্ৰতিবাদ আৰু বিশৃংখলতাৰ বাবে সংসদৰ দুয়োখন সদনৰ যথেষ্ট  সময় অপচয় হৈছিল। ৰাজ্যসভা সচিবালয়ৰ তথ্যই দেখুৱাইছে যে যোৱা পাঁচ বছৰত সংসদৰ উচ্চ সদনে মাত্ৰ দুখন অধিৱেশনত নিৰ্ধাৰিত সময়ৰ "সম্পূৰ্ণ ব্যৱহাৰ" কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য কিছুদিন  আগতে  চৰকাৰে সংসদত অস্থিৰতা প্ৰতিহত কৰিবলৈ সংসদৰ বাবে অযোগ্য বুলি গণ্য কৰা শব্দৰ তালিকা প্ৰকাশ কৰিছিল। 

উক্ত তালিকাত  ‘জুমলাজীভি’, ‘বালবুদ্ধি’, ‘কোভিড স্প্ৰেডাৰ’ আৰু ‘স্নুপগেট’য়ে দৈনন্দিন অভিব্যক্তি যেনে ‘লজ্জিত’, ‘অপব্যৱহাৰ’, ‘বিশ্বাসঘাতকতা’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘নাটক’, ‘ভণ্ডামি’ আৰু ‘অক্ষম’ আদি শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।

এনে সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী সাংসদসকলে তাৎক্ষণিক প্ৰতিবাদ আৰম্ভ কৰিছিল। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰকাশিত পুস্তিকাখনত কোৱা হৈছিল যে ‘নৈৰাজ্যবাদী’, ‘শকুনি‘, ‘স্বৈৰাচাৰী’, ‘তানাশাহী’, ‘জয়চান্দ’, ‘বিনাশ পুৰুষ’, ‘খালিস্তানী’, আৰু ‘খুন চে খেতি’ৰ দৰে শব্দবোৰো বিতৰ্কৰ সময়ত বা অন্য প্ৰসংগত ব্যৱহাৰ কৰিব পৰা নাযাব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ