--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকিছুদিন পূৰ্বে সংসদত কেইটামান বিশেষ শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি হোৱা চৰ্চা তথা বিতৰ্কৰ পিছত এইবাৰ সাংসদসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ বাবে নতুন আচৰণ বিধি প্ৰৱৰ্তন কৰাৰ কথা ভবা হৈছে।

সংসদ সচিবালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  এইবাৰ লোকসভা-ৰাজ্যসভাত বিশৃংখল পৰিস্থিতি প্ৰতিহত কৰিবলৈ এক নতুন আচৰণ বিধি প্ৰৱৰ্তন কৰা হ’ব। সূত্ৰটোৱে কয় যে নতুন নিয়মবোৰ পৰৱৰ্তী শীতকালীন অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব পাৰে।

নতুন আচৰণ বিধি অনুসৰি অধিৱেশনৰ সময়ত পোষ্টাৰ আৰু প্লেকাৰ্ড আদি লৈ সংসদৰ ভিতৰত কোনো সাংসদে  প্ৰতিবাদ কৰিব নোৱাৰিব। সংসদৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে সাংসদসকলে যাতে তেওঁলোকৰ মতামত সঠিকভাৱে উপস্থাপন কৰিব পাৰে তাৰ বাবে চৰকাৰ আৰু বিৰোধী সাংসদসকলৰ মতামত লৈ  খচৰা আচৰণ বিধি প্ৰস্তুত কৰা হৈছে বুলি সূত্ৰটোৱে সদৰি কৰিছে। নতুন আচৰণ বিধি অনুসৰি  সাংসদসকলক অধিৱেশনৰ সময়ত সপ্তাহত কমেও এবাৰ বিভিন্ন বিষয়ত "চমু বিবৃতি" দিবলৈ অনুমতি দিয়াৰ প্ৰস্তাৱ ৰখা হৈছে।

বৰ্ষাকালীন  অধিৱেশনৰ সময়ত পোষ্টাৰ আদি লৈ প্ৰতিবাদ কৰাৰ "অপৰাধ"ত লোকসভাৰ চাৰিজন আৰু ৰাজ্যসভাৰ ১৯ জন সাংসদক নিলম্বিত কৰা হৈছিল। অধিৱেশনত হোৱা প্ৰতিবাদ আৰু বিশৃংখলতাৰ বাবে সংসদৰ দুয়োখন সদনৰ যথেষ্ট  সময় অপচয় হৈছিল। ৰাজ্যসভা সচিবালয়ৰ তথ্যই দেখুৱাইছে যে যোৱা পাঁচ বছৰত সংসদৰ উচ্চ সদনে মাত্ৰ দুখন অধিৱেশনত নিৰ্ধাৰিত সময়ৰ "সম্পূৰ্ণ ব্যৱহাৰ" কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য কিছুদিন  আগতে  চৰকাৰে সংসদত অস্থিৰতা প্ৰতিহত কৰিবলৈ সংসদৰ বাবে অযোগ্য বুলি গণ্য কৰা শব্দৰ তালিকা প্ৰকাশ কৰিছিল। 

উক্ত তালিকাত  ‘জুমলাজীভি’, ‘বালবুদ্ধি’, ‘কোভিড স্প্ৰেডাৰ’ আৰু ‘স্নুপগেট’য়ে দৈনন্দিন অভিব্যক্তি যেনে ‘লজ্জিত’, ‘অপব্যৱহাৰ’, ‘বিশ্বাসঘাতকতা’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘নাটক’, ‘ভণ্ডামি’ আৰু ‘অক্ষম’ আদি শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।

এনে সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী সাংসদসকলে তাৎক্ষণিক প্ৰতিবাদ আৰম্ভ কৰিছিল। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰকাশিত পুস্তিকাখনত কোৱা হৈছিল যে ‘নৈৰাজ্যবাদী’, ‘শকুনি‘, ‘স্বৈৰাচাৰী’, ‘তানাশাহী’, ‘জয়চান্দ’, ‘বিনাশ পুৰুষ’, ‘খালিস্তানী’, আৰু ‘খুন চে খেতি’ৰ দৰে শব্দবোৰো বিতৰ্কৰ সময়ত বা অন্য প্ৰসংগত ব্যৱহাৰ কৰিব পৰা নাযাব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু