--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ শ্ল'গানেৰে এতিয়া ভাৰতে প্ৰতিৰক্ষাকে ধৰি অন্যান্য ক্ষেত্ৰত দোপক দোপে আগুৱাই গৈ আছে। এনে সময়তে ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে প্ৰতিৰক্ষা সম্পৰ্কীয়  ডিফেক্সপো ২০২২। গুজৰাটত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়— 'অহা ২৫ বছৰত ভাৰত বিশ্বৰ প্ৰতিৰক্ষা সঁজুলিৰ  উৎপাদনৰ মূল কেন্দ্ৰত পৰিণত হ'ব'। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে ডিফেন্স  এক্সপো ২০২২ য়ে দেশৰ সুৰক্ষাৰ বাবে ভাৰতৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছে আৰু অহা ২৫ বছৰত দেশখন বিশ্বৰ বাবে এক প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰত পৰিণত  হৈ পৰিব। তেওঁ আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰ সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰত 'ডিফেন্স এক্সপো ২০২২' ( ডিফেক্সপো ২০২২) উদ্বোধন কৰে। 

প্ৰতিৰক্ষা খণ্ডক গতি প্ৰদান কৰাৰ লক্ষ্যৰে গুজৰাটৰ গান্ধীনগৰত ভাৰতৰ "এতিয়ালৈকে আটাইতকৈ ডাঙৰ" প্ৰতিৰক্ষা প্ৰদৰ্শনী - ডিফেক্সপো ২০২২ অনুষ্ঠিত হৈছে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে 'পাথ টু প্ৰাইড' কেৱল এই এক্সপোৰ বিষয়বস্তু নহয়, ইয়াৰ উদ্দেশ্য নতুন ভাৰতৰ এটা নতুন উদ্দেশ্যক সাকাৰ কৰা। উল্লেখ্য ভাৰতক এক শক্তিশালী, আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই এক্সপোৰ বিষয়বস্তু হৈছে 'গৌৰৱৰ পথ'। সিঙে লগতে কয়, "অমৃতকালৰ আৰম্ভণিতে এই ডিফ-এক্সপো আয়োজন কৰাটোৱে অহা ২৫ বছৰত বিশ্বৰ বাবে প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ ইংগিত দিছে। 

ইপিনে  ডিফেক্সপো ২০২২ ৰ সংগঠন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই নিউ ইণ্ডিয়া আৰু ইয়াৰ সামৰ্থ্যৰ ছবি বিশ্ববাসীৰ সন্মুখত আমি দাঙি ধৰিব পাৰিব লাগিব। ডিফেক্সপোৰ এই সংস্কৰণৰ স্বকীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এইটো প্ৰথম প্ৰতিৰক্ষা এক্সপো,য'ত কেৱল ভাৰতীয় কোম্পানীয়েঅংশগ্ৰহণ কৰিছে আৰু ইয়াত কেৱল মেড ইন ইণ্ডিয়া সঁজুলি আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু