--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ শ্ল'গানেৰে এতিয়া ভাৰতে প্ৰতিৰক্ষাকে ধৰি অন্যান্য ক্ষেত্ৰত দোপক দোপে আগুৱাই গৈ আছে। এনে সময়তে ভাৰতে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে প্ৰতিৰক্ষা সম্পৰ্কীয়  ডিফেক্সপো ২০২২। গুজৰাটত অনুষ্ঠিত এই কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়— 'অহা ২৫ বছৰত ভাৰত বিশ্বৰ প্ৰতিৰক্ষা সঁজুলিৰ  উৎপাদনৰ মূল কেন্দ্ৰত পৰিণত হ'ব'। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে ডিফেন্স  এক্সপো ২০২২ য়ে দেশৰ সুৰক্ষাৰ বাবে ভাৰতৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰিছে আৰু অহা ২৫ বছৰত দেশখন বিশ্বৰ বাবে এক প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰত পৰিণত  হৈ পৰিব। তেওঁ আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰ সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰত 'ডিফেন্স এক্সপো ২০২২' ( ডিফেক্সপো ২০২২) উদ্বোধন কৰে। 

প্ৰতিৰক্ষা খণ্ডক গতি প্ৰদান কৰাৰ লক্ষ্যৰে গুজৰাটৰ গান্ধীনগৰত ভাৰতৰ "এতিয়ালৈকে আটাইতকৈ ডাঙৰ" প্ৰতিৰক্ষা প্ৰদৰ্শনী - ডিফেক্সপো ২০২২ অনুষ্ঠিত হৈছে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে 'পাথ টু প্ৰাইড' কেৱল এই এক্সপোৰ বিষয়বস্তু নহয়, ইয়াৰ উদ্দেশ্য নতুন ভাৰতৰ এটা নতুন উদ্দেশ্যক সাকাৰ কৰা। উল্লেখ্য ভাৰতক এক শক্তিশালী, আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই এক্সপোৰ বিষয়বস্তু হৈছে 'গৌৰৱৰ পথ'। সিঙে লগতে কয়, "অমৃতকালৰ আৰম্ভণিতে এই ডিফ-এক্সপো আয়োজন কৰাটোৱে অহা ২৫ বছৰত বিশ্বৰ বাবে প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ ইংগিত দিছে। 

ইপিনে  ডিফেক্সপো ২০২২ ৰ সংগঠন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই নিউ ইণ্ডিয়া আৰু ইয়াৰ সামৰ্থ্যৰ ছবি বিশ্ববাসীৰ সন্মুখত আমি দাঙি ধৰিব পাৰিব লাগিব। ডিফেক্সপোৰ এই সংস্কৰণৰ স্বকীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এইটো প্ৰথম প্ৰতিৰক্ষা এক্সপো,য'ত কেৱল ভাৰতীয় কোম্পানীয়েঅংশগ্ৰহণ কৰিছে আৰু ইয়াত কেৱল মেড ইন ইণ্ডিয়া সঁজুলি আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক