--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ এপ্ৰিল মাহত মধ্য প্ৰদেশৰ খাৰগোন জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত হিংসাত্মক কাৰ্যৰ গোচৰত জিলাখনৰ প্ৰশাসনীয় কৰ্তৃপক্ষই অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰা এক বিশেষ জাননীয়ে ব্যাপক চৰ্চা লাভ কৰিছে। গোচৰত অভিযুক্ত অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১২ বছৰীয়া নাবালকৰ নামত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত ২.৯ লাখ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। 

খাৰগোন জিলা ন্যায়াধীকৰণে একেটা গোচৰতে নাবালকগৰাকীৰ পিতৃৰ নামতো ৪.৮ লাখ টকাৰ জৰিমনা পৰিশোধৰ জাননী জাৰি কৰিছে। শ্ৰমিক পৰিয়ালটোৰ বিৰুদ্ধে এগৰাকী চুবুৰীয়া মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত ন্যায়াধিকৰণে পিতা-পুত্ৰক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰশাসনৰ পৰা এই জাননী লাভ কৰাৰ পিছতে অভিযুক্ত কালু খান নামৰ ব্যক্তিগৰাকীৰ পত্নীয়ে স্বামী আৰু পুত্ৰক নিৰ্দোষী বুলি দাবী কৰিছে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে ৰাম নৱমীৰ দিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত পৰিয়ালটো শুই আছিল। এনে পৰিস্থিতিত ভুৱা অভিযোগৰ চিকাৰ হোৱা বুলি দাবী কৰি মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু পুত্ৰৰ ন্যায়ৰ বাবে আহ্বান জনায়।

ইফালে ৰাজ্যখনৰ প্ৰশাসনে নাবালকগৰাকীৰ বিৰুদ্ধে ক্ষতিপূৰণ পৰিশোধৰ জাননী জাৰি কৰা কাৰ্যক গৰিহণা দিছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী আসাদ্দুদিন ওৱেইচিয়ে। প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ওৱেইছিয়ে মুছলমানৰ বিৰুদ্ধে এয়া ঘৃণামূলক কাৰ্য বুলি অভিযোগ কৰিছে। ওৱেইচিয়ে কিশোৰ ন্যায় আইনৰ উদ্ধৃতি দি মধ্যপ্ৰদেশ প্ৰশাসনে মুছলমানসকলক ঘৃণা কৰাৰ বাবেই এতিয়া শিশুৰ পৰাও ক্ষতিপূৰণ ল'ব বুলি এক টুইটত উল্লেখ কৰে।

উল্লেখ্য যে ১০ এপ্ৰিলত খাৰগোন জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত একাংশ দুৰ্বৃত্তই শিল নিক্ষেপ কৰাৰ পিছত দুটা গোটৰ মাজত ব্যাপক সংঘৰ্ষ আৰম্ভ হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ৬০ খনতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু ১৭০ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য প্ৰশাসনে ৫০ টাতকৈও অধিক ঘৰ, দোকান আৰু অট্টালিকা ভাঙি পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু