--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ এপ্ৰিল মাহত মধ্য প্ৰদেশৰ খাৰগোন জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত হিংসাত্মক কাৰ্যৰ গোচৰত জিলাখনৰ প্ৰশাসনীয় কৰ্তৃপক্ষই অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰা এক বিশেষ জাননীয়ে ব্যাপক চৰ্চা লাভ কৰিছে। গোচৰত অভিযুক্ত অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১২ বছৰীয়া নাবালকৰ নামত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত ২.৯ লাখ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। 

খাৰগোন জিলা ন্যায়াধীকৰণে একেটা গোচৰতে নাবালকগৰাকীৰ পিতৃৰ নামতো ৪.৮ লাখ টকাৰ জৰিমনা পৰিশোধৰ জাননী জাৰি কৰিছে। শ্ৰমিক পৰিয়ালটোৰ বিৰুদ্ধে এগৰাকী চুবুৰীয়া মহিলাই দাখিল কৰা অভিযোগৰ ভিত্তিত ন্যায়াধিকৰণে পিতা-পুত্ৰক ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰশাসনৰ পৰা এই জাননী লাভ কৰাৰ পিছতে অভিযুক্ত কালু খান নামৰ ব্যক্তিগৰাকীৰ পত্নীয়ে স্বামী আৰু পুত্ৰক নিৰ্দোষী বুলি দাবী কৰিছে।

মহিলাগৰাকীয়ে উল্লেখ কৰা মতে ৰাম নৱমীৰ দিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সময়ত পৰিয়ালটো শুই আছিল। এনে পৰিস্থিতিত ভুৱা অভিযোগৰ চিকাৰ হোৱা বুলি দাবী কৰি মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু পুত্ৰৰ ন্যায়ৰ বাবে আহ্বান জনায়।

ইফালে ৰাজ্যখনৰ প্ৰশাসনে নাবালকগৰাকীৰ বিৰুদ্ধে ক্ষতিপূৰণ পৰিশোধৰ জাননী জাৰি কৰা কাৰ্যক গৰিহণা দিছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ মুৰব্বী আসাদ্দুদিন ওৱেইচিয়ে। প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ওৱেইছিয়ে মুছলমানৰ বিৰুদ্ধে এয়া ঘৃণামূলক কাৰ্য বুলি অভিযোগ কৰিছে। ওৱেইচিয়ে কিশোৰ ন্যায় আইনৰ উদ্ধৃতি দি মধ্যপ্ৰদেশ প্ৰশাসনে মুছলমানসকলক ঘৃণা কৰাৰ বাবেই এতিয়া শিশুৰ পৰাও ক্ষতিপূৰণ ল'ব বুলি এক টুইটত উল্লেখ কৰে।

উল্লেখ্য যে ১০ এপ্ৰিলত খাৰগোন জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত একাংশ দুৰ্বৃত্তই শিল নিক্ষেপ কৰাৰ পিছত দুটা গোটৰ মাজত ব্যাপক সংঘৰ্ষ আৰম্ভ হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ৬০ খনতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছিল আৰু ১৭০ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। ৰাজ্য প্ৰশাসনে ৫০ টাতকৈও অধিক ঘৰ, দোকান আৰু অট্টালিকা ভাঙি পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement